অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ।১২ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ৩ হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ।১ বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নামেৰে মুক্তি দিয়া হয়২। ১৯৮৩ চনত বোলছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) লাভ কৰে।
কাহিনী
বোলছবিখনৰ কাহিনী ঔপনিৱেশিক যুগৰ। এজন চহকী চাহ খেতিয়কৰ লগত ঘৰৰ পৰা বিয়া ঠিক হোৱাৰ কাৰণে অপৰূপাই (সুহাসিনী মুলে) তাইৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আধাতে এৰিব লগা হয়। বিবাহৰ পাছত স্বামীয়ে ব্যৱসায়ত অহৰ্নিশে মগ্ন থাকি অপৰূপাক সম্পূৰ্ণৰূপে উপেক্ষা কৰে। তাইৰ কাৰণে চাহ খেতি আৰু ইয়াৰ লগত জড়িত সামাজিক ৰুটিন হৈ পৰে বিৰক্তিৰ এক বন্দীশালসদৃশ। এদিন তাই গম পায় যে, দেউতাকে চাহ খেতিয়কজনৰ পৰা লোৱা বিশাল ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতহে তাইৰ এই বিয়া হৈছিল। তাইৰ নিজকে দেউতাকৰ দ্বাৰা স্বামীৰ হাতত বিক্ৰী হৈ যোৱা যেন অনুভৱ হয়। এদিন তাইৰ ঘৰলৈ আহে তাইৰ এজন পুৰণা সহপাঠী, যি বৰ্তমান এজন সেনা বিষয়া। হতাশাগ্ৰস্ত অপৰূপাই পৰিপূৰ্ণতা বিচাৰি তাইৰ পুৰণা প্ৰেমিকৰ কাষলৈ যায়।১২৩
অভিনয়-শিল্পী
- সুহাসিনী মুলে (অপৰূপা)
- সুষমা শেঠ (ৰাণাৰ মাক)
- গোপী দেশাই (ৰাধা)
- বিজু ফুকন (ৰাণা)
- সুশীল গোস্বামী
- গিৰীশ কৰ্ণাড (খান্না)
- হিৰণ্য ডেকা (ৰামু)
- ফাৰুক শ্বে'খ
- দুলাল ৰয়
- জগদীপ
- কূলভূষণ খাৰবান্দা
- নীলম
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাই।
পুৰস্কাৰ
- ৩০তম (১৯৮২) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত গ্ৰাম্য জীৱনৰ গভীৰ অনুভৱ আৰু নিয়ন্ত্ৰিত অধ্যয়নৰ বাবে অপৰূপাক অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা ৰজত কমল লাভ কৰে। এই বঁটাত প্ৰযোজক আৰু পৰিচালক ৰূপে জাহ্নু বৰুৱাক ক্ৰমে ১৫,০০০ আৰু ৭,৫০০ টকা নগদ ধন প্ৰদান কৰা হয়।৪
তথ্যসূত্ৰ
- ↑ Jahnu Barua Retrospective - Film Festival. Buzzintown
- ↑ Aparoopa. Onlinesivasagar
- ↑ Jahnu Barua. Chaosmag
- ↑ 30th National Film Festival, May 1983. Directorate of Film Festivals, Govt. of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰূপা” প্ৰবন্ধৰ সংশোধন ৫৩৮৪৯৪ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।