অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তৃপ্তি মিত্ৰ

তৃপ্তি মিত্ৰ (Tripti Mitra; জন্ম:ভাদুৰী, ২৫ অক্টোবৰ ১৯২৫ – ২৪ মে' ১৯৮৯) বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় ভাৰতীয় অভিনেত্ৰী আৰু বিখ্যাত থিয়েটাৰ পৰিচালক শম্ভু মিত্ৰৰ পত্নী, যাৰ সৈতে তেওঁ ১৯৪৮ চনত অগ্ৰণী নাট্যগোষ্ঠী বহুৰুপী প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৩ ৩২৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

তৃপ্তি মিত্ৰ (Tripti Mitra; জন্ম:ভাদুৰী, ২৫ অক্টোবৰ ১৯২৫ – ২৪ মে' ১৯৮৯) বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় ভাৰতীয় অভিনেত্ৰী আৰু বিখ্যাত থিয়েটাৰ পৰিচালক শম্ভু মিত্ৰৰ পত্নী, যাৰ সৈতে তেওঁ ১৯৪৮ চনত অগ্ৰণী নাট্যগোষ্ঠী বহুৰুপী প্ৰতিষ্ঠা কৰে। তেওঁ যুক্তি তক্কো আৰ গপ্পো, ধৰতী কে লাল আদি ছবিত অভিনয় কৰিছে।

তেওঁক ১৯৬২ চনত নাট্য অভিনয়ৰ অনুশীলনশীল শিল্পীক দিয়া সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি সংগীত নাটক একাডেমী বঁটা১ আৰু ১৯৭১ চনত কলাৰ ক্ষেত্ৰত আগবঢ়োৱা স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়।২ ১৯৮৯ চনত মধ্য প্ৰদেশ চৰকাৰে তেওঁক কালিদাস সন্মান প্ৰদান কৰে।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯২৫ চনৰ ২৫ অক্টোবৰত দিনাজপুৰত (ব্ৰিটিছ ভাৰত) জন্মগ্ৰহণ কৰা তৃপ্তি মিত্ৰৰ পিতৃ আশুতোষ ভাদুৰী আৰু মাতৃৰ নাম শৈলবালা দেৱী। দিনাজপুৰ মাইনৰ স্কুলত তেওঁ ষষ্ঠ শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত তেওঁ কলকাতালৈ আহি প্যাৰীচৰণ স্কুলত নামভৰ্তি কৰে। সেই স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ আশুতোষ মহাবিদ্যালয়ত পঢ়িবলৈ যায়। কিন্তু চাকৰি পোৱাত তেওঁৰ কলেজৰ পঢ়া-শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলে। ১৯৪৫ চনৰ ডিচেম্বৰ মাহত তেওঁ শম্ভু মিত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ শাওলি মিত্ৰ নামেৰে এগৰাকী জীয়েক আছিল, যি এগৰাকী অভিনেত্ৰী আৰু পৰিচালক আছিল।৪

কৰ্মজীৱন

তৃপ্তি মিত্ৰই কিশোৰী কালৰ পৰাই থিয়েটাৰত অভিনয় কৰিছিল। ১৯৪৩ চনত তেওঁৰ সম্পৰ্কীয় ভায়েক বিজন ভট্টাচাৰ্যৰ নাটক আগুনত (জুই) প্ৰথম অভিনয় কৰে। ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষৰ আধাৰত ৰচিত ভাৰতীয় গণনাট্য সংঘৰ বিখ্যাত নাটক নবান্নত তেওঁৰ মঞ্চ অভিনয় চোৱাৰ পিছত পৰিচালক খাজা আহমদ আব্বাছে তেওঁক গণনাট্যৰ চলচ্চিত্ৰ ধৰতী কে লালত অভিনয় কৰাবলৈ মুম্বাইলৈ লৈ যায়। ধৰতী কে লাল আংশিকভাবে নবান্ন নাটকখনৰ ওপৰত আধাৰিত। ১৯৫৩ চনত তেওঁৰ প্ৰথম বঙালী ছবি আছিল পথিক; ছবিখনৰ পৰিচালনা কৰিছিল দেৱকী কুমাৰ বসুৱে। ঋত্বিক ঘটকৰ শেষৰখন ছবি যুক্তি তক্কো আৰ গপ্পোতো৪ তেওঁ অভিনয় কৰিছিল।

১৯৪৮ চনত শম্ভু আৰু তৃপ্তি মিত্ৰই বহুৰুপী নামেৰে নিজাকৈ নাট্যদল এটা প্ৰতিষ্ঠা কৰে।৫ তেওঁ বহুতো নাটকত অভিনয় কৰিছিল; বেছিভাগেই স্বামী শম্ভু মিত্ৰৰ সৈতে। শম্ভু মিত্ৰ নাট্যক্ষেত্ৰৰ কল’ছাছ, বঙালী থিয়েটাৰৰ অন্যতম কিংবদন্তি সত্বা হিচাপে পৰিগণিত হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰক্ত কৰবীৰ নায়িকা নন্দিনীৰ চৰিত্ৰত কৰা তৃপ্তিৰ অভিনয় আটাইতকৈ বিখ্যাত। ইয়াৰ উপৰিও ১৯৫৯ চনত মানিক বন্দোপধ্যায় নামৰ লেখক এজনৰ পদ্মা নদীৰ মাঝি নামৰ ক্লাচিক উপন্যাস এখনৰ আধাৰত, পূব পাকিস্তানৰ ঢাকাত (বৰ্তমান বাংলাদেশ) নিৰ্মিত জাগো হুৱা সবেৰা (উঠা ৰাতি পুৱাল) নামৰ উৰ্দু চিনেমাখনতো তৃপ্তিয়ে অভিনয় কৰিছিল। ১৯৮৯ চনৰ ২৪ মে’ত তৃপ্তি মিত্ৰৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ SNA: List of Akademi Awardees. সংগীত নাটক একাডেমী Official website
  2. ↑ Padma Awards Directory (1954-2009). Ministry of Home Affairs
  3. ↑ Kalidas Award Holders (Theatre). Department of Culture, Government of Madhya Pradesh
  4. ↑ (30 December 2005). Jukti Takko Aar Gappo. Telegraph Calcutta
  5. ↑ Bohurupee

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় মঞ্চ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীপশ্চিমবঙ্গৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৃপ্তি মিত্ৰ” প্ৰবন্ধৰ সংশোধন ৩৯০৬৫৬ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।