অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিৰুপমা মিশ্ৰ

নিৰুপমা মিশ্ৰ (জন্ম: ১৯৪৩) এগৰাকী খ্যাতনামা অসমীয়া শিশু সাহিত্যিক আৰু সমাজ সেৱিকা। তেওঁৰ শিশু-কেন্দ্ৰিক গ্ৰন্থসমূহ অসমৰ শিশুসাহিত্য ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান হিচাপে বিবেচিত। তেওঁ চন্দ্ৰপ্ৰভা শইকীয়া আদি প্ৰবুদ্ধ মহিলা ব্যক্তিত্বৰ আদৰ্শ অনুসৰণ কৰি সমাজ আৰু নাৰীমুক্তিৰ ক্ষেত্ৰতো সক্ৰিয় আছিল।

হালনাগাদ: ২৪ জুলাই ২০২৫ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নিৰুপমা মিশ্ৰ (জন্ম: ১৯৪৩) এগৰাকী খ্যাতনামা অসমীয়া শিশু সাহিত্যিক আৰু সমাজ সেৱিকা। তেওঁৰ শিশু-কেন্দ্ৰিক গ্ৰন্থসমূহ অসমৰ শিশুসাহিত্য ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান হিচাপে বিবেচিত। তেওঁ চন্দ্ৰপ্ৰভা শইকীয়া আদি প্ৰবুদ্ধ মহিলা ব্যক্তিত্বৰ আদৰ্শ অনুসৰণ কৰি সমাজ আৰু নাৰীমুক্তিৰ ক্ষেত্ৰতো সক্ৰিয় আছিল।

জন্ম

নিৰুপমা মিশ্ৰৰ জন্ম ১৯৪৩ চনত হৈছিল।

কৰ্মজীৱন

নিৰুপমা মিশ্ৰে শিশু সাহিত্যৰ জৰিয়তে সাহিত্যক্ষেত্ৰত প্ৰৱেশ কৰে। লগতে, তেওঁ সমাজ সেৱাতো সক্ৰিয়ভাৱে জড়িত আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু অন্যান্য সাহিত্য-সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত হৈ, তেওঁ নাৰীৰ কল্যাণ আৰু শিক্ষাৰ বাবে কাম কৰিছে।

শিশু সাহিত্য

নিৰুপমা মিশ্ৰে ৰচনা কৰা শিশুসাহিত্যমূলক গ্ৰন্থসমূহ:

  • পাখিয়ে পাখিয়ে ৰং
  • মহাভাৰতৰ কাহিনী
  • সাধুত আছে যাদু
  • সাধুৰ কৰণি
  • সোণ সঁফুৰা
  • পদুমণিৰ সপোন
  • সাধুৰ সঁফুৰা

বঁটা

  • ১৯৮৩ চনত অসম প্ৰকাশন পৰিষদৰ শ্ৰেষ্ঠ শিশু সাহিত্যিক বঁটা লাভ কৰে।

উৎস

  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিশু সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰুপমা মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৫২৬৯৬১ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।