নৰহৰি বুঢ়াভকত (ইংৰাজী ভাষা: Narahari Buhabhakat,১৯১৩-১৯৮৫) আছিল মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰৰ বৰবাহাৰ প্ৰথম বুঢ়াভকত পূৰ্ণানন্দ আতৈৰ বংশধৰ। তেওঁ পৰিয়ালৰ পৰম্পৰা পালন কৰি চৈধ্য বছৰ বয়সত নৰহৰি দাসে উদাসীন ভকত হৈ সত্ৰৰ বৰবাহাত থাকিবলৈ লয়। তেতিয়াৰে পৰা তেওঁ নৰহৰি বুঢ়াভকত নামেৰে পৰিচিত হয়। নৰহৰি বুঢ়াভকতৰ অনুপম সৃষ্টি হৈছে ভোৰতাল নৃত্য।
জন্ম
নৰহৰি দাসৰ ১৯১৩ চনত বৰপেটাৰ গলিয়াহাটীত হয়।
শিক্ষা
পঞ্চমমানলৈ পঢ়া নৰহৰি বুঢ়াভকতৰ শিক্ষাগুৰু আছিল সংস্কৃত পণ্ডিত নাৰায়ণ দেৱমিশ্ৰ। পাছলৈ তেওঁ ভকতৰাম আতৈ বুঢ়াভকত, বলোৰাম বায়ন, পীতাম্বৰ ওজা আদিৰ অধীনত সত্ৰীয়া নৃত্য-গীত আদিত পাৰদৰ্শী হৈ পৰে।
কৰ্মজীৱন
সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰৰ অৰ্থে ১৯৪৬ চনত বুঢ়াভকত আৰু আন কিছুমান শিল্পীয়ে শঙ্কৰী নৃত্য-কলা প্ৰচাৰ সমিতি নামৰ অনুষ্ঠান এটা প্ৰতিষ্ঠা কৰে। নৰহৰি বুঢ়াভকতৰ অনুপম সৃষ্টি হৈছে ভোৰতাল নৃত্য। বৰপেটা অঞ্চলত প্ৰচলিত থিয় নামৰ ছন্দ আৰু সত্ৰীয়া নৃত্যৰ বিভিন্ন মুদ্ৰাৰ আধাৰত সৃষ্টি কৰা এই নৃত্যৰে বুঢ়াভকতে অসমৰ লগতে ভাৰতৰ আন ঠাইতো যশস্যা অৰ্জন কৰে। পঞ্চাছব দশকত ভাৰতীয় গণনাট্য সংঘৰ সাংস্কৃতিক জাগৰণত জড়িত হৈ পৰা বুঢ়াভকতৰ অনাড়ম্বৰ জীবনাধাৰা আৰু গভীৰ সাংস্কৃতিক বোধে হেমাংগ বিশ্বাস, ভূপেন হাজৰিকাৰ দৰে ব্যক্তিক মুগ্ধ কৰিছিল। ১৯৫৪ চনত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম সঙ্গীত সম্মিলনী, ১৯৫৭ চনত নগাঁৱত অনুষ্ঠিত অসম সঙ্গীত-নাটক অকাডেমিৰ সম্মিলনত তেওঁ সক্ৰীয়া নৃত্য আৰু বৰগীত পৰিৱেশন কৰি পুৰস্কৃত হৈছিল। ১৯৫৭ চনত মাদ্ৰাজত বহা ইণ্ডিয়ান ফাইন আৰ্টছ ছচাইটীৰ ৰূপালী জয়ন্তী উৎসৱত অসম গণনাট্য সংঘৰ হৈ বুঢ়াভকতে ভোৰতাল আৰু দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসিত হৈছিল।১ বুঢ়াভকতে ড° ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ (১৯৫৬)ত ভোৰতাল নৃত্য প্ৰদৰ্শন কৰাৰ উপৰি কমলনাৰায়ণ চৌধুৰীৰ অমৰ লক্ষ্মীনাথ নামৰ তথ্যচিত্ৰখনতো অভিনয় কৰিছিল। ১৯৭৮ চনত নহাটীত পৈতৃক ভেটিত সত্ৰীয়া নৃত্য-গীত-ভাওনাৰ প্ৰশিক্ষণৰ বাবে বুঢ়াভকতৰ উদ্যোগত প্ৰতিষ্ঠা হয় 'নৰহৰি বুঢ়াভকত সঙ্গীত বিদ্যালয়'।২ এই অনুষ্ঠানে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত আজিও ভূমিকা পালন কৰি আহিছে।
মৃত্যু
১৯৮৫ চনৰ ২২ অক্টোবৰত নৰহৰি বুঢ়াভকতৰ বৰপেটাত মৃত্যু হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰহৰি বুঢ়াভকত” প্ৰবন্ধৰ সংশোধন ৫২৬৮০৯ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।