অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খৰ্গেশ্বৰ তালুকদাৰ

খৰ্গেশ্বৰ তালুকদাৰ ( জন্ম: ২৩ জুন ১৯৫৯-১০ ডিচেম্বৰ ১৯৭৯) ৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত। তেওঁ অসম আন্দোলনৰ প্ৰথম শ্বহীদ। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

খৰ্গেশ্বৰ তালুকদাৰ ( জন্ম: ২৩ জুন ১৯৫৯-১০ ডিচেম্বৰ ১৯৭৯) ৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত। তেওঁ অসম আন্দোলনৰ প্ৰথম শ্বহীদ। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল। অসম আন্দোলনৰ আৰম্ভণি কালতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল। মৃত্যুৰ সময়ত খৰ্গেশ্বৰ তালুকদাৰ আছিল সৰুপেটাৰ বি.এইচ.বি. মহাবিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ। ১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৫

সম্পৰ্কিত শ্ৰেণী

অসম আন্দোলনঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৰ্গেশ্বৰ তালুকদাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭০৮৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।