ড° ৰমেশ পাঠক (জন্ম: ১ মে' ১৯৪২- মৃত্যু: ২৬ জানুৱাৰী ২০২১) এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা।১ তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতেই তেখেতৰ মাতৃৰ মৃত্যু হয়। তেখেত হৰেশ্বৰ পাঠকৰ পঞ্চম তথা কনিষ্ঠ পুত্ৰ আছিল।২
শিক্ষা
পাঠকে ১৯৫২ চনত খলিহাগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৫৯ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা বি.এ. পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. পাছ কৰে।২ তেখেতে ১৯৮৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে।৩
কৰ্মজীৱন
প্ৰথমে তেখেত অৰুণাচল প্ৰদেশৰ তেজু উচ্চতৰ মাধ্যমিক স্কুলত বিষয় শিক্ষক হিচাপে চাকৰিত যোগদান কৰে। ইয়াৰ পিছত ১৯৬৬ চনত অৰুণাচলৰ (তেতিয়াৰ নেফা) জৱাহৰলাল নেহৰু কলেজত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ চাৰি বছৰ পিছত ১৯৭০ চনত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বিভাগত যোগদান কৰে আৰু ২০০১ চনৰ ১ মে’ত অৱসৰ গ্ৰহণ কৰে।৩ ২০০৬ চনৰ পৰা ২০১০ চনলৈ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আৰু ২০০৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ড° ৰমেশ পাঠক গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ গাইড হিচাপে স্বীকৃতি লাভ কৰে।২
বৈবাহিক জীৱন
১৯৭০ চনৰ ২৫ মে' তাৰিখে বৰপেটাৰ আমোলাপট্টি নিবাসী দেৱেন্দ্ৰনাথ উজীৰৰ তৃতীয় কন্যা অনিতা উজীৰৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়। তেখেতৰ পুত্ৰসন্তানৰ নাম হ'ল মণিকূট পাঠক আৰু কন্যাসন্তানৰ নাম হ'ল কুঁৱলী পাঠক।২
প্ৰকাশিত পুথি
ড° ৰমেশ পাঠকে ভাষা আৰু ব্যকৰণ বিষয়ক ভালেমান গ্ৰন্থ ৰচনা কৰে। সাহিত্যিকগৰাকীৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।২৩
প্ৰসংগ পুথি
- ভাষা-বিজ্ঞানৰ ভূমিকা (১৯৮০)
- অসমীয়া ভাষাৰ ইতিহাস (১৯৮৫)
- ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান
- উপভাষা বিজ্ঞানৰ ভূমিকা
- পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব
- পুৰণি অসমীয়া সাহিত্যৰ সুবাস
- নাটক আৰু নাটক
- অসমীয়া ভাষা চৰ্চাকাৰী সকলৰ হাতপুথি
- অসমীয়া ভাষাৰ সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰচাৰ
- সামগ্ৰিক অসমীয়া শব্দকোষ
- উচ্চতৰ অসমীয়া ব্যাকৰণ
- ভাৰতৰ পূবাঞ্চলত অসমীয়া ভাষাৰ গুৰুত্ব
- অসমীয়া ভাষাৰ বিভিন্ন দিশ: মত আৰু বিতৰ্কিত মত
- সাম্প্ৰতিক অসমীয়া ভাষাৰ সংকট আৰু আমাৰ দায়ৱদ্ধতা
- ভাষা বিষয়ক নিৰ্বাচিত প্ৰৱন্ধ
উপন্যাস
- এটা নতুন সূৰ্য্য লাগে,
- ছন্দহাৰা পৃথিবীত
নাটক
- ভুল কাৰ
অনাতাঁৰ নাটক
- তোমাক মই ভাণ্ডো, তুমি মোক ভাণ্ডা
- অসমাপ্ত স্বৰ্গ ভ্ৰমণ
কবিতাপুথি
- পাহৰা গীতৰ সুৰ
ৰম্যৰচনা
- থাক ঔ থাক সোমাই থাক
গৱেষণা গ্ৰন্থ
- Studies in Assamese Vocabulary
সম্পাদিত গ্ৰন্থ
- শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'পাৰিজাত হৰণ নাট'
- শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'ৰুক্মিনী হৰণ নাট'
- শ্ৰীমন্ত মাধৱদেৱ ৰচিত 'অৰ্জুন ভঞ্জন নাট'
- হৰিহৰ বিপ্ৰ ৰচিত ' বব্ৰুবাহনৰ যুদ্ধ '
- অনন্ত কন্দলী ৰচিত ' কুমৰ হৰণ '
- দৈৱচন্দ্ৰ তালুকদাৰ ৰচিত 'কাম্য কামৰূপ'
- সত্যনাথ বৰা ৰচিত 'বহল ব্যাকৰণ'
সন্মান
অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে অসম সাহিত্য সভাই পাঠকক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছে৷ অসম চৰকাৰৰ পৰাও তেখেতে সাহিত্যিক পেন্সন লাভ কৰিছে৷২ ২০২০ চনত অসম প্ৰকাশন পৰিষদে তেখেতক জীৱনজোৰা সাধনা বঁটা আগবঢ়ায়৷ ২০২০ চনত নলবাৰী সাহিত্য সভাই পাঠকক "নলবাৰী ৰত্ন সন্মান" আগবঢ়ায়৷
তথ্যসূত্ৰ
- ↑ কনকসেন ডেকা. (২০১৬). ড॰ ৰমেশ পাঠক জীৱন আৰু কৃতি. অশোক বুক ষ্টল. পৃ. ০৯
- ↑ Edited by Ratneswar Mili. Ramesh Pathak: Jeevan Aaru Kriti. Ashok Book Stall, Panbazar, গুৱাহাটী 1
- ↑ ডিজিটেল ডেস্ক. (26 January 2021). সাহিত্যচাৰ্য ড০ ৰমেশ পাঠক আৰু নাই. অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমেশ পাঠক” প্ৰবন্ধৰ সংশোধন ৪৪৮২৭৫ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।