অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ (Antahin Preranar Utsa Louis Pasteur) হৈছে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত ২০০১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা এখন জীৱনী গ্ৰন্থ। ১৮২২ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ লুই পেষ্টিঅ’ৰই কেনেকৈ বিভিন্ন আৱিষ্কাৰৰ মাধ্যমেৰে মানুহৰ জীৱন ৰক্ষা কৰিছিল। তাৰে জীৱন সংগ্ৰামৰ কাহিনীক লৈ গ্ৰন্থখন ৰচনা কৰা হৈছে। নেপোলিয়নৰ কিছু কথাও এই গ্ৰন্থখনত উল্লেখ কৰা আছে।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।
তথ্যসূত্ৰ
- ↑ বৰগোহাঞি, হোমেন,. (2015). অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ. ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 81-7665-108-7
- ↑ Awards 1955–2007 সাহিত্য অকাডেমি Official website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৮৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।