অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মহাৰথী (উপন্যাস)

মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়। ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।

হালনাগাদ: ২৩ জুলাই ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মহাৰথী হ’ল অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়।১ ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা।

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: চন্দ্ৰপ্ৰসাদ শইকীয়া

চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া (জন্ম: ১৯২৭ – মৃত্যু: ২০০৬) হৈছে এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) গল্পকাৰ আৰু ঔপন্যাসিক। কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। এই উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা২ আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "গৰীয়সী" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি গৈছিল। তেখেতে ১৯৯৯ আৰু ২০০০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।৩

কাহিনীৰ সাৰাংশ

মহাৰথীৰ কাহিনী ভাৰতীয় মহাকাব্য মহাভাৰতৰ ওপৰত আধাৰিত। ইয়াৰ মুখ্য চৰিত্ৰ হৈছে মহাবীৰ কৰ্ণ। কৰ্ণ আছিল সূৰ্য্য আৰু কুন্তীৰ সন্তান। এজন নিপুণ যোদ্ধা হোৱাৰ উপৰিও দয়ালু আৰু দানশীল স্বভাৱৰ বাবেও কৰ্ণ জনাজাত আছিল। প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় গোপন হৈ থকাৰ বাবে ‘সূত-পুত্ৰ’ বুলি জীৱনকালত কৰ্ণ পদে পদে লাঞ্ছনাৰ সম্মুখীন হৈছিল। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ যুঁজ দিয়া কৰ্ণৰ নিজৰেই অৰ্দ্ধ-ভ্ৰাতৃ অৰ্জুনৰ হাতত শোকাবহ মৃত্যু ঘটিছিল।

গ্ৰন্থ পৰ্যালোচনা

কৰ্ণৰ মানৱীয়তা আৰু মৰ্মন্তদ জীৱনৰ কাহিনী চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াদেৱে মহাৰথীত কুশলী ভাষাৰে হৃদয়স্পৰ্শীভাৱে প্ৰকাশ কৰিছে।৪ এক নতুন আংগিকৰ উপন্যাস হিচাপে ই অসমীয়া সাহিত্যৰ জগতত ব্যৱসায়িক দিশতো সফল আছিল।৫

বঁটা

১৯৯৫ চনত এই উপন্যাসৰ বাবে চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

অভিযোজন

ইতিমধ্যে এই উপন্যাসখন বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত হৈছে আৰু ইয়াৰ নাট্যৰূপো দিয়া হৈছে।

তথ্যসূত্ৰ

  1. ↑ অনলাইন শিৱসাগৰত থকা তথ্য
  2. ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি
  3. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  4. ↑ বিপুলজ্যোতি শ‍ইকীয়াৰ ব্লগ পৃষ্ঠাত থকা তথ্য
  5. ↑ বনলতা ৱেবছাইটত থকা তথ্য

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাসসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাৰথী (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৬১৯০৪৩ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।