আত্ম দীপো ভৱ (Aatmo Dipu Bhaba) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। ইয়াত মুঠ ২০ টা প্ৰবন্ধ আছে। এইখন এখন অৱশ্য পঠনীয় গ্ৰন্থ। ১৯৯৬ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয়। প্ৰকাশনগোষ্ঠী হৈছে ষ্টুডেণ্ট ষ্ট'ৰচ। ইয়াৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ পায় ক্ৰমে ১৯৯৮ চনৰ আগষ্টত আৰু ২০০৪ চনৰ অক্টোবৰত। ২০১৬ চনলৈকে গ্ৰন্থখনৰ পাঁচটা সংস্কৰণৰ প্ৰকাশ হয়। গ্ৰন্থখন লেখকে ড° লক্ষ্মী গোস্বামীলৈ আগবঢ়াই লিখিছে।
বিৱৰণ
কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে,‘শিষ্টাচাৰ’, ‘আত্মোৎকৰ্ষৰ সাধনা’,'আত্ম দীপো ভব',‘জীৱন জয়গান’, ‘মটৰ-চাইকেল’,‘প্ৰেৰণাৰ উৎস’,'শ্ৰদ্ধা আৰু ভালপোৱা',‘দাম আৰু মূল্য’, ‘দোষ আৰু শাস্তি’, ‘স্বাস্থ্য’, ‘কলেষ্টেৰল',‘মানসিক ব্যায়াম’,'বিজ্ঞানৰ সীমাবদ্ধতা',‘ভূগোলৰ ৰোমাঞ্চ’, ‘বাগ্মিতা’, ‘আলেকজেণ্ডাৰ আৰু ডায়োজিনিছ’, ‘পণ্ডিত বিশ্বনাথ শাস্ত্ৰী আৰু পণ্ডিত ওংকাৰনাথ ঠাকুৰ’,'খনমাত এটা দিন',‘খং নামে চণ্ডাল’ আৰু'লক্ষ্মীনাথ বেজবৰুৱাক মই নতুনকৈ আৱিষ্কাৰ কৰিলো'।
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।১ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।২
লগতে চাওক
বাহ্যিক সংযোগ
আত্ম দীপো ভব – এখন পঠনীয় গ্ৰন্থ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আত্ম দীপো ভৱ” প্ৰবন্ধৰ সংশোধন ৫৮৮৮০০ (১৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।