অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্ৰকাশ (আলোচনী)

প্ৰকাশ হৈছে অসমীয়া ভাষাত প্ৰকাশিত হোৱা এখন মাহেকীয়া সাহিত্য আলোচনী। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈ আহিছে। প্ৰকাশৰ প্ৰচ্ছদ আঁকিছিল অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। আলোচনীখনৰ বৰ্তমান মূল্য ত্ৰিশ টকা।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

প্ৰকাশ হৈছে অসমীয়া ভাষাত প্ৰকাশিত হোৱা এখন মাহেকীয়া সাহিত্য আলোচনী। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈ আহিছে। প্ৰকাশৰ প্ৰচ্ছদ আঁকিছিল অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। ১ আলোচনীখনৰ বৰ্তমান মূল্য ত্ৰিশ টকা।

১৯৭৫ চনত প্ৰথম প্ৰকাশ হোৱা এই আলোচনীখন আৰ্থিক সমস্যাৰ বাবে প্ৰায় বহুবছৰ অপ্ৰকাশিত হৈ আছিল। ২০১২ চনৰ ৭ মেত গুৱাহাটীস্থিত অসম ৰাজ্যিক যাদুঘৰৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত তেতিয়াৰ অসমৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰকাশিত সংখ্যাটো উদ্বোধন কৰে। প্ৰকাশৰ সেই সংখ্যাটোৰ সম্পাদক আছিল অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি ৰংবং তেৰাং।২৩

আলোচনীৰ কৰ্মকৰ্তাসকল

বৰ্তমান আলোচনীখনৰ মুখ্য সম্পাদক হৈছে মিহিৰ দেউৰী। ৪ সহযোগী সম্পাদক হৈছে গীতালি বৰা। সহকাৰী সম্পাদক হৈছে অৰ্চনা শইকীয়া। আলোচনীখনৰ প্ৰকাশ কৰোঁতা হৈছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। ৪

মুখ্য শিতানসমূহ

আলোচনীখনত কেইবাটাও শিতান আছে। তাৰে কেইটামান শিতান স্থায়ী।

  1. প্ৰবন্ধ শিতানঃ এই শিতানত সাহিত্য-কলা বিষয়ক ভিন্ন ৰচনা প্ৰকাশিত হয়।
  2. গল্প শিতানঃ ন-পুৰণি গল্পকাৰৰ গল্প প্ৰকাশিত হয়।
  3. অনুবাদ উপন্যাসঃ হিন্দী,ইংৰাজী আদি ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ভিন্নধৰ্মী উপন্যাস এই শিতানত প্ৰকাশ কৰা হয়।
  4. অনুবাদ গল্পঃ হিন্দী, ইংৰাজী আদি ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ভিন্নধৰ্মৰ গল্প এই শিতানত প্ৰকাশ কৰা হয়।
  5. অনুবাদ কবিতাঃ বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কবিতা এই শিতানত প্ৰকাশ কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ ভূঞা, অজিত কুমাৰ. (৩০ মে' ২০১৯). কেনভাছ উকা. আমাৰ অসম
  2. ↑ (৮ মে' ২০১২). First issues of revived Prakash, Mukuta released. Assam Tribune
  3. ↑ RAJIV KONWAR. (৮ মে' ২০১২). Cult magazine revived after 11 years - Assamese publication goes to print after disappearing from stands in 2001. Telegraph of India
  4. ↑ বিভিন্ন. প্ৰকাশ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰকাশ (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৬৩৮৮৪৩ (২৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।