অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিতাভ ঘোষ

অমিতাভ ঘোষ (Amitav Ghosh; জন্ম ১১ জুলাই ১৯৫৬)

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ৯০৫ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অমিতাভ ঘোষ (Amitav Ghosh; জন্ম ১১ জুলাই ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ‎ তথা শিক্ষাবিদ। তেওঁ ইংৰাজী ভাষাত ৰচিত কল্প-সাহিত্যৰ বাবে বিশেষভাবে পৰিচিত। ১৮৩০ৰ দশকৰ প্ৰথম আফিং যুদ্ধৰ পটভূমিত ৰচিত তিনিখন উপন্যাসৰ 'আইবিচ ত্ৰিলজী' শৃঙ্খলাৰ বাবে তেওঁ জনপ্ৰিয়। তেওঁৰ সাহিত্যকৃতিৰ বাবে সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী, জ্ঞানপীঠ বঁটাৰ লগতে আন বহুতো বঁটাৰে সন্মানিত। ইংৰাজীৰ ভাষাৰ সাহিত্যৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমজন সাহিত্যিক।১

জীৱন

২০০৭ চনত অমিতাভ ঘোষ
২০০৭ চনত অমিতাভ ঘোষছবি: David Shankbone · CC BY-SA 3.0

অমিতাভ ঘোষৰ জন্ম হয় কলিকতাত ১৯৫৬ চনৰ ১১ জুলাইত। তেওঁ ভাৰতৰ লগতে বাংলাদেশ আৰু শ্ৰীলংকাত তেওঁৰ শৈশৱ আৰু কৈশোৰ কাল পাৰ কৰিছিল। তেওঁ দেৰাডুনৰ দ্য ডুন স্কুল নামৰ এখন ল’ৰাৰ বৰ্ডিং স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰে। বিদ্যালয়ত তেওঁৰ সহপাঠী আছিল লেখক বিক্ৰম শেঠ আৰু ইতিহাসবিদ ৰাম গুহ।২ স্কুলত থাকোঁতে, তেওঁ নিয়মীয়াকৈ বিদ্যালয়ৰ কাকত 'দ্য ডুন স্কুল ৱিকলী'ত (সেইসময়ত যাক সম্পাদনা কৰিছিল বিক্ৰম শেঠে) কল্প-কাহিনী আৰু কবিতা লিখিছিল আৰু ৰাম গুহৰ সৈতে মিলি 'হিষ্টৰি টাইমছ' নামৰ আলোচনীখন প্ৰতিষ্ঠা কৰিছিল।৩৪৫

বিদ্যালয়ৰ শিক্ষা সাং কৰি তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী বিশ্ববিদ্যালয়, আৰু দিল্লী স্কুল অফ ইকনমিকচৰ পৰা ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ সামাজিক নৃতত্ত্ব বিষয়ত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ছেইণ্ট এণ্ডমাণ্ড হল কেলজৰ পৰা ডি.ফিল. ডিগ্ৰী সম্পূৰ্ণ কৰিব বাবে ইলাক্স ফাউণ্ডেচনৰ বৃত্তি লাভ কৰে। তাত তেওঁৰ গৱেষণাৰ তত্ত্বাৱধায়ক আছিল ব্ৰিটিছ সামাজিক নৃতত্ত্ববিদ পিটাৰ লিয়েনহাৰ্ড।৬ নৃতত্ত্ব আৰু ভূগোল বিভাগৰ অধীনত ১৯৮২ চনত তেওঁ দাখিল কৰা গৱেষণা গ্ৰন্থ বা থেচিছখনৰ নাম আছিল "Kinship in relation to economic and social organization in an Egyptian village community" (ইজিপ্তৰ গাঁৱৰ সমাজত অৰ্থনৈতিক আৰু সামাজিক সংগঠনৰ আত্মীয় সম্পৰ্ক)।৭

নতুন দিল্লীৰ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত অমিতাভ ঘোষে প্ৰথম চাকৰি লাভ কৰে। ১৯৯৯ চনত তেওঁ নিউয়ৰ্কৰ কুইনছ কলেজত 'তুলনামূলক সাহিত্য' (Comparative literature) বিষয়ৰ অধ্যাপক হিচাপে যোগদান কৰে। তেওঁ ২০০৫ চনৰ পৰা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ভিজিটিং অধ্যাপকৰূপেও কাম কৰি আহিছে। তেওঁ কলকাতাৰ সমাজ বিজ্ঞানৰ অধ্যয়ন কেন্দ্ৰ আৰু তিৰুৱন্তপুৰমৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট ষ্টাডিছ্‌ৰ ফেল'।

ঘোষে তেওঁৰ পত্নী ডেৱৰাহ বেকাৰৰ সৈতে নিউয়ৰ্ক মহানগৰত বাস কৰে। ডেৱৰাহ বেকাৰো এগৰাকী লেখিকা। তেওঁলোকৰ দুটি সন্তান আছে, লীলা আৰু নয়ন।

সাহিত্যকৰ্ম

কল্প-সাহিত্য

অমিতাভ ঘোষৰ প্ৰথম উপন্যাস 'দ্য চাৰ্কল অফ ৰিজন' প্ৰকাশ পায় ১৯৮৬ চনত। তাৰ পাছত প্ৰকাশিত উপন্যাসসমূহ হৈছে 'দ্য শ্বেড' লাইনচ্‌' (১৯৮৮), 'দ্য কেলকাট্টা ক্ৰম'জ'ম' (১৯৯৫), 'দ্য গ্লাচ পেলেচ' (২০০০), আৰু 'দ্য হাংগ্ৰী টাইড' (২০০৪)। ১৮৩০ৰ দশকৰ প্ৰথম আফিং যুদ্ধ আৰু প্ৰাচ্যৰ ঔপনিৱেশিক ইতিহাসৰ পটভূমিত ৰচিত তেওঁৰ জনপ্ৰিয় 'আইবিচ ত্ৰিলজী' শৃঙ্খলাৰ প্ৰথমখন উপন্যাস 'চি অফ প'পিচ্‌' প্ৰকাশ পায় ২০০৮ চনত। শৃঙ্খলাৰ দ্বিতীয় আৰু তৃতীয়খন উপন্যাস হৈছে ক্ৰমে 'ৰিভাৰ অফ স্ম'ক' (২০১১) আৰু 'ফ্লাড অফ ফায়াৰ' (২০১৫)। এই শৃঙ্খলাই সমালোচকৰ প্ৰশংসা লাভ কৰিবৰ সক্ষম হয়।৮ তেওঁৰ বেছিভাগ উপন্যাসেই ভাৰত মহাসাগৰৰ উপকণ্ঠীয় অঞ্চলসমূহৰ ঐতিহাসিক পটভূমিত ৰচিত। মাহমুদ কৰিয়াৰ সৈতে হোৱা এক সক্ষাৎকাৰত অমিতাভ ঘোষে কয়: "এয়া ইচ্ছাকৃত নাছিল, কিন্তু কেতিয়াবা ইচ্ছাকৃত নোহোৱাকৈ বস্তুবোৰ ইচ্ছাকৃত হয়। যদিও ই কেতিয়াও পৰিকল্পিত নাছিল আৰু এক সচেতন প্ৰকল্প হিচাপে আৰম্ভ হোৱা নাছিল, মই এই কথা অনুভৱ কৰোঁ যে এই বিষয়বস্তুৰ প্ৰতি মই সঁচাকৈয়ে আটাইতকৈ আগ্ৰহী: বংগোপসাগৰ, আৰৱ সাগৰ, ভাৰত মহাসাগৰ, আৰু এই অঞ্চলবোৰৰ সংযোগ।"৯

২০১৯ চনত প্ৰকাশিত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জনপ্ৰব্ৰজনক বিষয়বস্তু হিচাপে লৈ লিখা অমিতাভ ঘোষৰ শেহতীয়া উপন্যাস 'গান আইলেণ্ড' সমালোচকৰ প্ৰশংসা বুটলিব১০ সক্ষম হৈছে। পিছে দ্য গাৰ্ডিয়ানৰ সমলোচনাত, ঘোষৰ মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি যোৱাৰ প্ৰৱণতা উল্লেখ কয় যে "বাস্তৱৰ দিশলৈ ই এক বক্ৰ পথ ল'ব পাৰে, কিন্তু ই শেষত বাস্তৱত উপস্থিত হ'ব।"১১

অকল্প-সাহিত্য

অমিতাভ ঘোষৰ উল্লেখযোগ্য অকল্প-লিখনীসমূহ হৈছে 'ইন এন এণ্টিক লেণ্ড' (১৯৯২), 'ডান্সিং ইন কম্বোডিয়া এণ্ড এট লাৰ্জ ইন বৰ্মা' (১৯৯৮), 'কাউণ্টডাউন' (১৯৯৯), আৰু 'দ্য ইমাম এণ্ড দ্য ইণ্ডিয়ান' (২০০২)। তেওঁৰ লিখনী ভাৰত আৰু বিদেশৰ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে। তেওঁৰ শেহতীয়া অকল্প-সাহিত্য গ্ৰন্থ 'দ্য গ্ৰেট ডিৰেঞ্জমেণ্ট: ক্লাইমেট চেইঞ্জ এণ্ড দ্য আনথিংকেবল' (২০১৬)-ত কিয় আধুনিক সাহিত্যই জলবায়ু পৰিবৰ্তনৰ বিষয়বোৰ আলোকপাট কৰাত ব্যৰ্থ হৈছে আৰু প্ৰকৃতিৰ বাবে কিয় চৰম পৰিৱৰ্তন 'ভাবিব নোৱাৰা' হৈছে হৈ পৰিছে ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে।

বঁটা আৰু স্বীকৃতি

'দ্য চাৰ্কল অফ ৰিজন' উপন্যাসখনে ফ্ৰান্সৰ এক অন্যতম উল্লেখযোগ্য সাহিত্যৰ বঁটা 'প্ৰি মেডিচি অটৰঞ্জে' (Prix Médicis étranger) লাভ কৰে।১২ 'দ্য শ্বেড' লাইনচ্‌' উপন্যাসৰ বাবে তেওঁ ১৯৮৯ চনৰ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা১৩ আৰু আনন্দ পুৰস্কাৰ লাভ কৰে।১৪ 'দ্য কেলকাট্টা ক্ৰম'জ'ম' উপন্যাসখনে ১৯৯৭ চনৰ আৰ্থৰ চি ক্লাৰ্ক বঁটা লাভ কৰে।১৫ 'চি অফ প'পিচ্‌'ক ২০০৮ চনৰ বুকাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছিল।১৬ ই আছিল ২০০৯ চনৰ ভোডাফ'ন ক্ৰছৱৰ্ড বুক এৱাৰ্ডৰ সহ-বিজয়ী। তেওঁ ২০১০ চনত মাৰ্গৰেট এটউডৰ সৈতে যুটীয়াভাবে ইজৰাইলৰ ডেন ডেভিড পুৰস্কাৰ লাভ কৰে।১৭১৮ 'ৰিভাৰ অফ স্ম'ক' ২০১১ চনৰ মেন এছিয়ান সাহিত্য বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ২০০৯ চনত তেওঁ ৰয়েল ছ'চাইটি অফ লিটাৰেচাৰ্চৰ এজন ফেল' হিচাপে নিৰ্বাচিত হয়।১৯ ২০১৫ চনত তেওঁক ফৰ্ড ফাউণ্ডেশ্বন আৰ্ট অফ চেইঞ্জ ফেল' নামকৰণ কৰা হয়।২০

ঘোষে তেওঁৰ উপন্যাস 'দ্য গ্লাচ পেলেচ'ক কমনৱেল্‌থ লেখকৰ পুৰস্কাৰ বাবে বিবেচনাৰ পৰা উঠাই লয়, য'ত ইয়াক শ্ৰেষ্ঠ উপন্যাসৰ বাবে বিবেচনা কৰা হৈছিল। তেওঁ "কমনৱেল্‌থ" শব্দ আৰু নিয়মত নিৰ্ধাৰিত ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তাৰ অবিচাৰৰ প্ৰতি আপত্তি দৰ্শাইছিল।২১

২০০৭ চনত সাহিত্য আৰু শিক্ষালৈ আগবঢ়োৱা অবদানৰ বাবে ভাৰত চৰকাৰে অমিতাভ ঘোষক পদ্মশ্ৰী সন্মান প্ৰদান কৰে।২২ ২০১৬ চনৰ ২০ নৱেম্বৰত মুম্বাই লিটফেষ্টৰ টাটা লিটাৰেচাৰ লাইভত অমিতাভ ঘোষলৈ জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়োৱা হয়।২৩ ২০১৮ চনৰ ডিচেম্বৰত তেওঁক ৫৪তম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়, এই সন্মানৰ তেওঁ প্ৰথমজন ইংৰাজী ভাষাৰ সাহিত্যিক।১

গ্ৰন্থপঞ্জী

উপন্যাস

  • দ্য চাৰ্কল অফ ৰিজন (The Circle of Reason, ১৯৮৬)
  • দ্য শ্বেড' লাইনচ্‌ (The Shadow Lines, ১৯৮৮)
  • দ্য কেলকাট্টা ক্ৰম'জ'ম (The Calcutta Chromosome, ১৯৯৫)
  • দ্য গ্লাচ পেলেচ (The Glass Palace, ২০০০)
  • দ্য হাংগ্ৰী টাইড (The Hungry Tide, ২০০৪)
  • চি অফ প'পিচ্‌ (Sea of Poppies, ২০০৮)
  • ৰিভাৰ অফ স্ম'ক (River of Smoke, ২০১১)
  • ফ্লাড অফ ফায়াৰ (Flood of Fire, ২০১৫)
  • গান আইলেণ্ড (Gun Island, ২০১৯)

অকল্প-সাহিত্য

  • ইন এন এণ্টিক লেণ্ড (In an Antique Land, 1992)
  • ডান্সিং ইন কম্বোডিয়া এণ্ড এট লাৰ্জ ইন বৰ্মা (Dancing in Cambodia and at Large in Burma, ১৯৯৮, প্ৰবন্ধ সংকলন)
  • কাউণ্টডাউন (Countdown, ১৯৯৯)
  • দ্য ইমাম এণ্ড দ্য ইণ্ডিয়ান (The Imam and the Indian, ২০০২, প্ৰবন্ধ সংকলন)
  • ইনচেনডিয়েৰি চাৰক'মটেনচেচ (Incendiary Circumstances, ২০০৬; প্ৰবন্ধ সংকলন)
  • দ্য গ্ৰেট ডিৰেঞ্জমেণ্ট: ক্লাইমেট চেইঞ্জ এণ্ড দ্য আনথিংকেবল (The Great Derangement: Climate Change and the Unthinkable, ২০১৬)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Author Amitav Ghosh honoured with 54h Jnanpith award
  2. ↑ Nicholas Wroe. (2015-05-23). Amitav Ghosh: 'There is now a vibrant literary world in India – it all began with Naipaul'. The Guardian
  3. ↑ The Pioneer. 'Dosco' Amitav Ghosh celebrates his 60th Birthday. Dailypioneer.com
  4. ↑ (29 October 2017). Of nature, cricket, literature and history
  5. ↑ Ramachandra Guha. (2013-09-12). Ramachandra Guha on Twitter: "On the 25th anniversary of Amitav Ghosh's superb The Shadow Lines, a toast to History Times, the school magazine we worked on together.". Twitter.com
  6. ↑ (2002-01-17). A scholarship worth going after. The Times of India
  7. ↑ Srivastava, Neelam, "Amitav Ghosh's enthographic fictions: Intertextual links between In An Antique Land and his doctoral thesis", Journal of Commonwealth Literature, 2001, Vol.36(2), pp.45-64
  8. ↑ Clark, Alex. (2015-06-05). Flood of Fire by Amitav Ghosh review – the final instalment of an extraordinary trilogy. The Guardian
  9. ↑ Mahmood Kooria (2012). "Between the Walls of Archives and Horizons of Imagination: An Interview with Amitav Ghosh". Itinerario, 36, p. 10
  10. ↑ Alam, Rumaan. Review · With 'Gun Island,' Amitav Ghosh turns global crises into engaging fiction. Washington Post
  11. ↑ Clark, Alex. (2019-06-05). Gun Island by Amitav Ghosh review – climate and culture in crisis. The Guardian
  12. ↑ (24 May 2008). Amitav Ghosh re-emerges with Sea of Poppies. The Hindu
  13. ↑ by rajnishmishravns. (2013-01-26). Amitav Ghosh's The Shadow Lines as an Indian English Novel | rajnishmishravns. Rajnishmishravns.wordpress.com
  14. ↑ Amitav Ghosh. Fantasticfiction.co.uk
  15. ↑ Arthur C. Clarke Award |. Clarkeaward.com
  16. ↑ (9 September 2008). First-timers Seeking Booker glory. BBC News
  17. ↑ Editorial, Reuters. (2010-04-28). Amitav Ghosh joint winner of $1 million Israeli prize. Reuters
  18. ↑ Laureates 2010 – 2010 Present – Literature: Rendition of the 20th Century – Amitav Ghosh
  19. ↑ Royal Society of Literature All Fellows. Royal Society of Literature
  20. ↑ The Art of Change: Meet our visiting fellows. Ford Foundation
  21. ↑ Wild West at the London Book Fair| The Guardian
  22. ↑ (21 May 2014). Padma Awards Directory (1954–2014). Ministry of Home Affairs (India). পৃ. 117–166
  23. ↑ Amitav Ghosh gets life-time achievement award at Lit Fest

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতীয় শিক্ষাবিদপদ্মশ্ৰী বঁটা বিজয়ীইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীজ্ঞানপীঠ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিতাভ ঘোষ” প্ৰবন্ধৰ সংশোধন ৪৯২১৮৮ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।