ভাৰতীয় শিক্ষাবিদ
৪৪ প্ৰবন্ধ
-
অমিতাভ ঘোষ
অমিতাভ ঘোষ (Amitav Ghosh; জন্ম ১১ জুলাই ১৯৫৬)
-
প্ৰতিভা ৰায়
প্ৰতিভা ৰায় (Pratibha Ray; ପ୍ରତିଭା ରାୟ) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। ২০১১ বৰ্ষত তেওঁক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিভা ৰায়ৰ জন্ম হয় ১৯৪৩ চনৰ ২১ জানুৱাৰীত উৰিষ্যাৰ অবিভক্ত কটক জিলাত(বৰ্তমানৰ জগতসিঙপুৰ জিলা)।
-
সুধা মূৰ্তি
সুধা মূৰ্তি (জন্ম: ১৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী আৰু লেখিকা। তেওঁ বৰ্তমান ইনফ'চিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু মূলতঃ কানাড়া আৰু ইংৰাজী ভাষাত লিখা-মেলা কৰে। তেওঁ গেটছ ফাউণ্ডেচনৰ জনস্বাস্থ্য প্ৰকল্পৰ সদস্য।
-
অবলা বসু
অবলা বসু (Abala Bose, ৮ আগষ্ট ১৮৬৫ – ২৫ এপ্ৰিল ১৯৫১) এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আছিল। নাৰীশিক্ষা আৰু বিধৱাসকলক কল্যাণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ পত্নী।
-
কপিলা বাৎসায়ন
কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক। কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
কামেশ্বৰ ব্ৰহ্ম
ড॰ কামেশ্বৰ ব্ৰহ্ম (জন্ম: ১ ছেপ্টেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল। তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ আছিল। ১৯৪০ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসমৰ কোকৰাঝাৰ জিলাৰ ভুমুকা গাঁৱত তেওঁৰ জন্ম হৈছিল।
-
সৰলা দেৱী চৌধুৰাণী
সৰলা দেৱী চৌধুৰাণী ( Sarala Devi Chaudhurani, জন্ম: সৰলা ঘোষাল, ৯ ছেপ্টেম্বৰ ১৮৭২ – ১৮ আগষ্ট ১৯৪৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯১০ চনত এলাহাবাদত ভাৰত স্ত্ৰী মহামণ্ডল প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটো ভাৰতৰ প্ৰথম মহিলা সংগঠন আছিল।
-
চন্দ্ৰমুখী বসু
চন্দ্ৰমুখী বসু (১৮৬০-১৯৪৪) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা মহিলা। ১৮৬০ চনত ইউনাইটেড প্ৰভিনছ অফ আগ্ৰা এণ্ড অৱধৰ এক বঙালী-খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰমুখী বসু ১৮৮২ চনত কাদম্বিনী গাংগুলীৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা…
-
পণ্ডিতা ৰমাবাঈ
পণ্ডিতা ৰমাবাঈ সৰস্বতী (Pandita Ramabai, ২৩ এপ্ৰিল ১৮৫৮ - ৫ এপ্ৰিল ১৯২২) এগৰাকী নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ ভাৰতত মহিলাৰ শিক্ষা আৰু মুক্তিৰ অগ্ৰদূত আৰু সমাজ সংকাৰক আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা 'পণ্ডিতা' আৰু 'সৰস্বতী' উপাধি লাভ কৰা প্ৰথম মহিলা আছিল।
-
বীণা মজুমদাৰ
বীণা মজুমদাৰ (Vina Mazumdar; ২৮ মাৰ্চ ১৯২৭ – ৩০ মে' ২০১৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী আছিল। তেওঁ ভাৰতত নাৰীবাদী শিক্ষাৰ অগ্ৰণী আৰু নাৰীবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। নাৰী শিক্ষাত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ তেওঁ অন্যতম।
-
মীনা স্বামীনাথন
মীনা স্বামীনাথন (மீனா சுவாமிநாதன்; ২৯ মাৰ্চ ১৯৩৩ – ১৪ মাৰ্চ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আছিল। তেওঁৰ ক্ষেত্ৰ আছিল প্ৰাক-বিদ্যালয় শিক্ষা। নতুন দিল্লীৰ ছেইণ্ট থমাছ স্কুলৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত শিক্ষা আৰু ভাষা শিকাৰ ক্ষেত্ৰত নাট্য ব্যৱহাৰৰ পদ্ধতি বিকশিত কৰিছিল।
-
সাৰদা মেহতা
সাৰদা মেহতা (Sharda Mehta, ২৬ জুন ১৮৮২-১৩ নৱেম্বৰ ১৯৭০) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, নাৰী শিক্ষাৰ অগ্ৰদূত আৰু গুজৰাটী ভাষাৰ এগৰাকী লেখিকা। তেখেতৰ জন্ম হৈছিল সমাজ-সংস্কাৰকৰ এটা পৰিয়ালত। আধুনিক ভাৰতৰ গুজৰাটত স্নাতক ডিগ্ৰী অৰ্জন কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত তেখেত অন্যতম।
-
হংসা জীৱৰাজ মেহতা
হংসা জীৱৰাজ মেহতা (Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল।
-
আতিশী
আতিশী মাৰ্লেনা সিং (Atishi, জন্ম: ৮ জুন ১৯৮১) এগৰাকী শিক্ষাবিদ, ৰাজনৈতিক তথা দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ আতিশী মাৰ্লেনা নামেৰে পৰিচিত। তেওঁ আম আদমি পাৰ্টীৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ সদস্য।
-
আব্ৰাহাম থ'মাছ কুভুৰ
আব্ৰাহাম থ'মাছ কুভুৰ (১০ এপ্ৰিল ১৮৯৮– ১৮ ছেপ্টেম্বৰ ১৯৭৮) আছিল এগৰাকী ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী। অৱসৰৰ পাছত তেখেতে এক অভিনৱ অভিযান আৰম্ভ কৰিছিল, য'ত তেখেতে শ্ৰীলংকা আৰু ভাৰতৰ স্বয়ম্ভু ঈশ্বৰ, গডমেন আৰু তথাকথিত অতিপ্ৰাকৃতিক পৰিঘটনাৰ আঁৰৰ ৰহস্য ফাদিল কৰিছিল।
-
ছিলভাৰিন স্বেৰ
ছিলভাৰিন স্বেৰ (Silverine Swer; ১২ নৱেম্বৰ ১৯১০ - ১ ফেব্ৰুৱাৰী ২০১৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া। তেওঁক জনপ্ৰিয়ভাবে কং ছিল হিচাপে জনা যায়। খাছীভাষাত কং ছিলৰ অৰ্থ হৈছে বায়েক। তেওঁ মেঘালয় চৰকাৰৰ জ্যেষ্ঠ পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা।
-
বিদ্যাগৌৰী নীলকণ্ঠ
বিদ্যাগৌৰী নীলকণ্ঠ (Vidyagauri Nilkanth) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, শিক্ষাবিদ আৰু লেখিকা। গুজৰাটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী ছাত্ৰীৰ ভিতৰত তেখেত অন্তৰ্ভুক্ত।
-
মদৰাম ব্ৰহ্ম
মদৰাম ব্ৰহ্ম (১৯০৩ – ১৯৯০) এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল। ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।পদ্মশ্ৰী সন্মান লাভ…
-
ৰণজিত সিংহ ডিচলে
ৰণজিত সিংহ ডিচলে (Ranjitsinh Disale) এগৰাকী ভাৰতীয় শিক্ষক তথা প্ৰযুক্তিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মাঢা তালুকাৰ পৰিতেৱাড়ী জিলা পৰিষদ বিদ্যালয়ৰ প্ৰাথমিক শিক্ষক। কন্যা শিশুৰ শিক্ষাৰ প্ৰসাৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২০ বৰ্ষৰ গোলকীয় শিক্ষক বঁটা লাভ কৰে।
-
ৰাজেশ্বৰী চেটাৰ্জী
ৰাজেশ্বৰী চেটাৰ্জী (২৪ জানুৱাৰী ১৯২২– ৩ ছেপ্টেম্বৰ ২০১০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেত কৰ্ণাটকৰ প্ৰথমগৰাকী মহিলা অভিযন্তা। বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কাৰ্যনিৰ্বাহৰ কালছোৱাত তেখেতে প্ৰথমে অধ্যাপক আৰু শেষলৈ বৈদ্যুতিক যোগাযোগ অভিযান্ত্ৰিকৰ অধ্যক্ষৰ পদ অলংকৃত কৰে।
-
ৰাহত ইন্দোৰী
ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী (১ জানুৱাৰী ১৯৫০ – ১১ আগষ্ট ২০২০) এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ। তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল। তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ অধ্যাপক আছিল।
-
ইন্দুলতা শুক্লা
ইন্দুলতা শুক্লা (জন্ম- ৭ মাৰ্চ, ১৯৪৪) হৈছে অংকৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক। উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ত তেখেতে তিনি দশকতকৈও অধিক কাল অধ্যাপনা কৰিছিল। তেখেতৰ জন্ম হৈছিল বাড়িপাড়াত।
-
কান্তা গুপ্তা
চন্দেৰ কান্তা গুপ্তা (এফআৰচিএছ) (৮ অক্টোবৰ ১৯৩৮ – ২৭ মাৰ্চ ২০১৬) আছিল মেনিট'বা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়। বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা (automorphism) তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।
-
জ্ঞানদানন্দিনী দেৱী
জ্ঞানদানন্দিনী ঠাকুৰ (অন্য নাম: জ্ঞানদানন্দিনী মুখোপাধ্যায়; ২৬ জুলাই ১৮৫০ – ১ অক্টোবৰ ১৯৪১) কলিকতা নিবাসী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আছিল। তেওঁ বিভিন্ন সাংস্কৃতিক উদ্ভাৱনৰ পথপ্ৰদৰ্শন কৰাই নহয় উনবিংশ শতিকাৰ বংগত মহিলা সৱলীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত উল্লেখনীয় প্ৰভাৱ পেলাইছিল।
-
দীপক চান্দ জৈন
দীপক চান্দ জৈন বৰ্তমান মাৰ্কেটিঙৰ ইনছেড অধ্যাপক (ইংৰাজী: INSEAD Chaired Professor)। তেওঁ ২০১১ চনৰ মে' মাহৰ পৰা ২০১৩ চনৰ মাৰ্চ মাহলৈ ইনছেডৰ গুৰু (ডীন- dean) হিচাপে কৰ্মৰত আছিল।
-
বেদ কুমাৰী ঘাই
বেদ কুমাৰী ঘাই (:Ved Kumari Ghai,১৬ ডিচেম্বৰ ১৯৩১ – ৩০ মে ২০২৩ ) জম্মু-কাশ্মীৰৰ জম্মু চহৰৰ এগৰাকী ভাৰতীয় সংস্কৃত পণ্ডিত। তেওঁ জম্মু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী আছিল।ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা “পদ্মশ্ৰী” আৰু দেশৰ নাৰী সকলৰ বাবে আগবঢ়োৱা সৰ্ব্বোচ্চ অসামৰিক বঁটা, “স্ত্ৰী শক্তি…
-
সোমা সেন
সোমা সেন (ইংৰাজী: Shoma Sen) এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু নাগপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা ইংৰাজী সাহিত্য বিভাগৰ প্ৰাক্তন মুৰব্বী। ২০১৮ চনৰ ৮ জুনত ভীমা কোৰেগাঁও কাণ্ডত জড়িত থকাৰ অভিযোগত পুনে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
-
অতীশ
অতীশ দীপাংকৰ শ্ৰীজ্ঞান (সংস্কৃত লিপ্যন্তৰ: Atīśa Dīpaṅkara Śrījñāna) (অনুমাণিক ৯৮২–১০৫৪ খ্ৰীষ্টাব্দ) এগৰাকী বঙালী বৌদ্ধ ধৰ্মীয় গুৰু আৰু নেতা আছিল। তেওঁ সাধাৰণতে বৰ্তমানৰ ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত বিক্ৰমশীলা মঠত ৰচনা কৰা তেওঁৰ কৰ্মৰাজিৰ বাবে জনাজাত।
-
অনুৰাধা মিশ্ৰ
অনুৰাধা মিশ্ৰ (Anuradha Misra) এগৰাকী পদাৰ্থ বিজ্ঞানী, অধ্যাপক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী। তেখেতৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ ফাইজাবাদত। এলাহাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক, অনুৰাধা মিশ্ৰই ২০০৮ চনত মুম্বাই বিশ্ববিদ্যালয়ত এগৰাকী অধ্যাপক হিচাপে যোগদান কৰে।
-
কামায়নী বিষ্ট
কামায়নী বিষ্ট (জন্ম ২০ আগষ্ট ১৯৭৪), যাক কামায়নী বশিষ্ঠ বুলিও জনা যায়, এগৰাকী ভাৰতীয় শিক্ষাবিদ, কবি আৰু অভিনেত্ৰী। তেওঁ হিমাচল প্ৰদেশৰ শিমলাত অৱস্থিত। ইংৰাজী ভাষাত ৰচিত তেওঁৰ কবিতাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।