ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
১৮ প্ৰবন্ধ
-
অৰুন্ধতী ৰায়
সুজানা অৰুন্ধতী ৰায় (Suzanna Arundhati Roy; জন্ম: ২৪ নৱেম্বৰ ১৯৬১)
-
অমিতাভ ঘোষ
অমিতাভ ঘোষ (Amitav Ghosh; জন্ম ১১ জুলাই ১৯৫৬)
-
কমলা দাস
কমলা দাস (Kamala Das; ৩১ মাৰ্চ ১৯৩৪ – ৩১ মে' ২০০৯), এগৰাকী ইংৰাজী ভাষাৰ ভাৰতীয় কবি। তেওঁ মালয়ালম ভাষাৰো শীৰ্ষস্থানীয় লেখক। কমলা লেখনিসূত্ৰে মাধৱিকুট্টি ছদ্মনামেৰে পৰিচিত আৰু বিবাহসূত্ৰে তেওঁৰ নাম কমলা দাস। ভাৰতবৰ্ষ ব্ৰিটিছ শাসনাধীন হৈ থাকোঁতে কেৰালাত কমলাৰ জন্ম হৈছিল।
-
আৰ কে নাৰায়ণ
আৰ. কে. নাৰায়ণ (R. K. Narayan; ১০ অক্টোবৰ, ১৯০৬ – ১৩ মে, ২০০১) এজন ভাৰতীয় সাহিত্যিক আছিল। দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুডিৰ পটভূমিত স্থাপন কৰা ৰচনাসমূহৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ সম্পূৰ্ণ নাম ৰাচিপুৰম কৃষ্ণস্বামী আয়াৰ নাৰায়ণস্বামী।
-
বিক্ৰম শেঠ
বিক্ৰম শেঠ (Vikram Seth; জন্ম ২০ জুন ১৯৫২) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ কেইবাখনো উপন্যাস আৰু কাব্যগ্ৰন্থ ৰচনা কৰিছা। তেওঁ পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, প্ৰবাসী ভাৰতীয় সন্মান, ডব্লিউ এইচ স্মিথ সাহিত্যিক বঁটা, ক্ৰছৱৰ্ড বুক এৱাৰ্ড আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
ৰাস্কিন বণ্ড
ৰাস্কিন বণ্ড (Ruskin Bond; জন্ম ১৯ মে' ১৯৩৪) এজন ইংৰাজ মূলৰ ভাৰতীয় লেখক। ১৯৯২ চনত তেওঁ নিজৰ চুটিগল্পৰ সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯৯ চনত তেওঁ পদ্মশ্ৰী উপাধিৰে আৰু ২০১৪ চনত পদ্মভূষণ উপাধিৰে বিভূষিত হয়।
-
অনিতা দেশাই
অনিতা দেশাই, বা অনিতা মজুমদাৰ (জন্ম ২৪ জুন, ১৯৩৭) এগৰাকী ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্ছ ইন্ষ্টিটিউট অৱ টেক্ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটা জন ই বুৰ্চাৰ্ড অধ্যাপিকা। লেখিকা হিচাপে তেখেত তিনিবাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে।
-
নয়নতৰা চেহগল
নয়নতৰা চেহগল (Nayantara Sahgal; জন্ম: ১০ মে' ১৯২৭) হ'ল এগৰাকী ভাৰতীয় লেখক, যি ইংৰাজী ভাষাত লেখা-মেলা কৰে। তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ সদস্য। জৱাহৰলাল নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ তিনি গৰাকী জীয়ৰীৰ তেওঁ দ্বিতীয় গৰাকী।
-
মামাং দাই
মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ তেওঁৰ উপন্যাস দ্যা ব্লেক হিল-ৰ বাবে ২০১৭ চনত ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
টেমচুলা আও
টেমচুলা আও (Temsüla Ao) এগৰাকী কবি, গল্পকাৰ, লোকসংস্কৃতিৰ গৱেষক আৰু সাহিত্যিক। ২০১৩ চনত তেওঁ চুটিগল্প সংকলন Laburnum for My Head ৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁৰ লেখাসমূহ ইতিমধ্যে জাৰ্মান, ফৰাচী, অসমীয়া, বঙালী আৰু হিন্দী ভাষালৈ অনূদিত হৈছে।
-
নীৰদ চি. চৌধুৰী
নীৰদ চন্দ্ৰ চৌধুৰী (Nirad C. Chaudhuri; ২৩ নৱেম্বৰ ১৮৯৭ – ১ আগষ্ট ১৯৯৯) এজন ভাৰতীয় লেখক। ১৯৯০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেতিয়ালৈকে অক্সফৰ্ড চহৰৰ দীৰ্ঘদিনীয়া বাসিন্দা চৌধুৰীক ‘অনাৰেৰী ডিগ্ৰী ইন লেটাৰচ’ প্ৰদান কৰে।
-
শশী দেশপাণ্ডে
শশী দেশপাণ্ডে (Shashi Deshpande, জন্ম: ১৯৩৮) এগৰাকী ভাৰতীয় সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু ঔপন্যাসিক। তেওঁ সমকালীন ভাৰতীয় সাহিত্যৰ প্ৰখ্যাত ঔপন্যাসিকসকলৰ ভিতৰত এগৰাকী। দেশপাণ্ডে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। ২০০৯ চনত তেওঁ ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
সুনেত্ৰা গুপ্তা
সুনেত্ৰা গুপ্তা (Sunetra Gupta; জন্ম: ১৫ মাৰ্চ, ১৯৬৫) এগৰাকী ভাৰতীয় মূলৰ ব্ৰিটিছ সংক্ৰামক ৰোগ মহামাৰী বিজ্ঞানী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক।
-
ৰশ্মি নাৰ্জাৰী
ৰশ্মি নাৰ্জাৰী (Rashmi Narzary) অসমৰ এগৰাকী সাহিত্যিক তথা অনুবাদক। ইংৰাজী ভাষাত ৰচিত শিশু সাহিত্যৰ গ্ৰন্থ 'হিচ স্বেয়াৰ অফ স্কাই'ৰ বাবে তেওঁ পৰিচিত। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০১৬ চনৰ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰে।
-
কেকি এন দাৰুৱালা
কেকি নাছেৰৱানজী দাৰুৱালা ( Keki Nasserwanji Darawalla; ২৪ জানুৱাৰী ১৯৩৭ – ২৬ ছেপ্টেম্বৰ ২০২৪) এজন ভাৰতীয় কবি আৰু ইংৰাজী ভাষাৰ চুটিগল্পকাৰ আছিল। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও আছিল।
-
জীত থাইল
জীত থাইল (Jeet Thayil; জন্ম:১৯৫৯) এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক, লিব্ৰেট্টিছ তথা সংগীতকাৰ। তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰা ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)কে ধৰি কেইবাখনো কবিতা সংকলন লিখিছে। তেওঁৰ প্ৰথমখন উপন্যাস নাৰ্ক’পলিচ (২০১২)য়ে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
মুল্কৰাজ আনন্দ
মুল্কৰাজ আনন্দ (১২ ডিচেম্বৰ ১৯০৫ – ২৮ ছেপ্তেম্বৰ ২০০৪) এগৰাকী খ্যাতনামা ভাৰতীয় ইংৰাজী ভাষাৰ সাহিত্যিক আছিল, যিয়ে প্ৰচলিত ভাৰতীয় সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ জীৱনৰ বাস্তৱ ছবি নিৰ্মাণৰ বাবে বিশেষকৈ জনপ্ৰিয়তা লাভ কৰিছিল। ইংগ-ভাৰতীয় কথাসাহিত্যৰ পথিকৃৎসকলৰ ভিতৰত তেওঁ এজন, আৰু আৰ. কে.
-
জেনিছ পাৰিয়েট
জেনিছ পাৰিয়েট (Janice Pariat) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ অসমৰ যোৰহাটত জন্মগ্ৰহণ কৰিছিল আৰু মেঘালয়ৰ শ্বিলঙত ডাঙৰ দীঘল হৈছিল। ৰেণ্ডম হাউচ ইণ্ডিয়া প্ৰকাশনগোষ্ঠীৰ দ্বাৰা ২০১২ চনত প্ৰকাশিত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্ছ অন লেণ্ড'ৰ বাবে তেওঁ ইংৰাজী ভাষাৰ বাবে ২০১৩ চনৰ সাহিত্য…