অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দেৰাডুন

দেৰাডুন ভাৰতৰ এখন মহানগৰ আৰু ই উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ পৰা প্ৰায় ২৩৬ কিলোমিটাৰ উত্তৰে গিৰিৰাজ হিমালয়ৰ পাদদেশত অৱষ্ঠিত। চহৰখনৰ পশ্চিমে গংগানদী আৰু পূবে যমুনা নদী আছে। দেৰাডুন চহৰৰ জলবাযু প্ৰায়ে শীতল হৈ থাকে।

হালনাগাদ: ১৫ এপ্ৰিল ২০২৩ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

দেৰাডুন ভাৰতৰ এখন মহানগৰ আৰু ই উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ পৰা প্ৰায় ২৩৬ কিলোমিটাৰ উত্তৰে গিৰিৰাজ হিমালয়ৰ পাদদেশত অৱষ্ঠিত। চহৰখনৰ পশ্চিমে গংগানদী আৰু পূবে যমুনা নদী আছে। দেৰাডুন চহৰৰ জলবাযু প্ৰায়ে শীতল হৈ থাকে। চহৰখনৰ অন্যতম আকৰ্ষনীয় ঠাইবোৰ হল, মচুৰি, নাইনিতাল, হিন্দু ধৰ্মীয় স্থান হৰিদ্বাৰ আৰু ঋষিকেশ। দেৰাডুন চহৰ খন প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে প্ৰশাসনিক আৰু ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ বাবে জনাজাত। ভাৰতীয় সৈন্য একাদেমী, অৰণ্য গৱেষণা প্ৰতিষ্ঠান, দেৰাডুন প্ৰাদ্যোগিক বিশ্ববিদ্যালয়, ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান, তেল আৰু প্ৰাকৃতিক গেছ প্ৰতিষ্ঠান, তেল আৰু শক্তি অধ্যয়ন বিশ্ববিদ্যালয়, দেৰাডুন আইন মহাবিদ্যালয়, ভাৰতীয় জৰীপ প্ৰতিষ্ঠান, ৱাদিয়া হিমালয়ান ভূ-তত্ব প্ৰতিষ্ঠান, ভাৰতীয় ৰিমট চেনচিঙ প্ৰতিষ্ঠান, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ দৰে এঘাৰখন ৰাষ্টীয় শিক্ষানুষ্ঠানৰ বাবে জনপ্ৰিয়।

বাণিজ্য

কম জনবহুল আৰু শিক্ষানুষ্ঠানেৰে ভৰপুৰ চহৰ খনৰ প্ৰতিজন নাগৰিকৰ মুঠ জনমূৰী আয় $২৪০০। দেৰাডুন চহৰখন চ'ফ্টৱেৰ প্ৰাদ্যোগিক পাৰ্ক স্থাপনৰ পিচৰ পৰা বাণিজ্যক আৰু তথ্য প্ৰযুক্তিৰ মুল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ৰাষ্টীয় ৰাজধানী আৰু চহৰখনৰ মাজৰ চাৰি লাইন যুক্ত ৰাষ্টীয় ঘাইপথ নিৰ্মানৰ পিছত চহৰখনৰ বাণিজ্য আৰু উন্নত হব বুলি আশা কৰা হৈছে।

পৰ্যটন

পৰ্যটন ক্ষেত্ৰ হিচাপে টাপকেশ্বৰ মন্দিৰ, মালচি হৰিন পাৰ্ক, চেন্টেল ব্ৰেইল প্ৰেচ, ৱাদিয়া হিমালয়ান ভূ-তত্ব প্ৰতিষ্ঠান, মচুৰি আদি বিখ্যাত। ক্ৰীড়া পৰ্যটন হিচাপে মহাৰানা প্ৰতাপ ক্ৰীড়া কমপ্লেক্সত ভাৰতৰ প্ৰথমটো বৰফত খেলা ষ্টেডিয়াম আছে।

যাতায়ত

বিমান, ৰেল আৰু বাছ এই তিনিও ধৰনৰ যাতায়তৰ সূ-ব্যৱস্থা আছে। এয়াৰ ইন্ডিয়া, স্পাইচ জেট আৰু জেট এয়াৰৱেজে নিয়মীয়া যাাত্ৰা কৰে। দেৰাডুনত ৰেলৱে ষ্টেচন খনেই হল উত্তৰাখণ্ডৰ শেষ ৰেল ষ্টেচন। এই ৰেল ষ্টেচনৰ পৰা নিয়মিতভাৱে দিল্লী, মুম্বাই কলিকতা, লক্ষ্ণৌ, তিৰুবন্থপুৰম, ভদোদৰা আৰু বাৰাণসীলৈ নিক্ষমিত ভাবে ৰেল চলাচল কৰে। তাৰোপৰি দিল্লী আৰু দেৰাডুনৰ মাজত জন শতাব্দী এক্সপ্ৰেচ আৰু কেইবাখনো দ্ৰুতবেগী ৰেল চলাচল কৰে।

সংস্কৃতি

দেৰাডুন অঞ্চলখন গৰহাল ক্ষেত্ৰত পৰা বাবে গৰহাল সংস্কৃতিৰ প্ৰভাৱ বেছি।

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নগৰ মহানগৰভাৰতৰ ৰাজধানী নগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৰাডুন” প্ৰবন্ধৰ সংশোধন ৩৫৪১৭১ (১৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।