অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিন্দিতা পাল

অনিন্দিতা পাল (ইংৰাজী: Anindita Paul) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৪ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

অনিন্দিতা পাল (ইংৰাজী ভাষা: Anindita Paul) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।১

জন্ম আৰু পৰিয়াল

অনিন্দিতা পালৰ জন্ম হয় অসমৰ গুৱাহাটীত। ২ পিতৃ ভাৰতীয় খাদ্য নিগমত কৰ্মৰত আছিল আৰু মাতৃ আছিল গৃহিনী৷ মাতৃ শ্যামলী পালৰ সাংগীতিক দিশৰ লগত ঘনিষ্ঠতা আছিল৷ তেখেতে মহাবিদ্যালয়ৰ অনুষ্ঠানসমূহত অনুষ্ঠান পৰিৱেশন কৰিছিল৷ ৩পিতৃ অমল কান্তি পাল আৰু মাতৃ শ্যামলী পাল। ২০১২ চনত তেওঁ দিব্যজ্যোতি নাথৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

সৰু কালতেই তেওঁক পিতৃ-মাতৃয়ে গুৱাহাটীৰ শিল্পী মিউজিক স্কুলত নামভৰ্তি কৰি দিয়ে। তাতে তেওঁ দ্বীপেন ৰয়ৰ তত্ত্বাৱধানত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লয়। পণ্ডিত অজয় চক্ৰৱৰ্তী আৰু জয়দীপ জয়পুৰৱালেৰ৪ তেওঁ সংগীতৰ শিক্ষা লাভ কৰে। লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা তেওঁ সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰে। ২০০১ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষা শেষ কৰি তেওঁ নিজৰ সংগীতৰ কেৰিয়াৰ আগবঢ়াই নিবৰ বাবে মুম্বাইলৈ যায়।১

সংগীতৰ কেৰিয়াৰ

নব্বৈৰ দশকৰ শেষৰফালে বিলত তিৰেবিৰাই এলবামত গীত গাই অনিন্দিতাই নিজৰ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰে। এলবামটি আছিল বাউলী কবি কমলানন্দ ভট্টাচাৰ্য্যৰ গীতৰ সংগ্ৰহ। এলবামটিৰ বিলত তিৰেবিৰাই আৰু চৰাই হালধীয়া পাখিও ধুনীয়া গীত দুটিৰে অনিন্দিতাই ৰাইজৰ সমাদৰ লাভ কৰে। ইয়াৰ পাছত তেওঁ 'লগন', 'সুৰৰ জিঞ্জিৰি', 'সুৰঞ্জনা', 'শ্ৰুতিধাৰা', 'বৰষুণ' আদি এলবামত গীত গায়।

২০০১ চনত, পালে বলীউড সংগীত উদ্যোগত আত্মপ্ৰকাশ কৰে য'ত তেওঁ জুবিনৰ এলবাম নুপুৰ ৰ সহশিল্পী জুবিন গাৰ্গ আৰু সাগৰিকা মুখাৰ্জীৰ সৈতে "কাইছা ধুয়ান উথ ৰহা হে" হিন্দী গান টো গাইছিল।৫

২০১০ চনত তেওঁৰ নিজস্ব এলবাম তোমাৰ প্ৰশংসাত মুক্তি পায়।৪ ইয়াৰ উপৰিও কেইবাখনো অসমীয়া চলচ্চিত্ৰ যেনে প্ৰেম ভৰা চকুলো, প্ৰেম আৰু প্ৰেম, দীনবন্ধু, অধিনায়ক (চলচ্চিত্ৰ), চেনাই মোৰ ঢুলীয়া, আমি অসমীয়া, জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ), এখন নেদেখা নদীৰ সিপাৰে, ৰাগ - দ্য ৰিদম অৱ লাভ, গানে কি আনে আদিত গীত গোৱাৰ লগতে বেংগলী চলচ্চিত্ৰ কুমাওনেৰ কন্যা আৰু হিন্দী চলচ্চিত্ৰ ষ্ট্ৰিংছ, হামৰাহি, ধাৰা আদিত গান গোৱাৰ সুযোগ পায়। ছত্তীসগঢ়ৰ চলচ্চিত্ৰ ভকলাত তেওঁ লতা মংগেশকাৰৰ সৈতে গান গায়। তদুপৰি তেওঁ ভাৰতৰ বিভিন্ন ঠাইৰ মঞ্চত অনুপ জলোটা, বাবুল চুপ্ৰিয় আদি গায়কৰ লগত একেখন মঞ্চতে গীত পৰিৱেশন কৰিছে।১ বহুকেইটা বিজ্ঞাপনৰ গীততো তেওঁ কণ্ঠ নিগৰায়।

কণ্ঠদান

চলচ্চিত্ৰ সংগীত

চলচ্চিত্ৰবৰ্ষসংগীত পৰিচালকভাষা
প্ৰেম আৰু প্ৰেম২০০২জুবিন গাৰ্গঅসমীয়া
প্ৰেম ভৰা চকুলো২০০৩অসমীয়া
দীনবন্ধু২০০৪জুবিন গাৰ্গঅসমীয়া
চেনাই মোৰ ঢুলীয়া২০০৫জয়ন্ত পাঠকঅসমীয়া
অধিনায়ক (চলচ্চিত্ৰ)২০০৬জুবিন গাৰ্গঅসমীয়া
আমি অসমীয়া২০০৬জুবিন গাৰ্গঅসমীয়া
কুমাওনেৰ কন্যাৰবীন্দ্ৰ জৈনবেংগলী
স্ত্ৰিংছ - বাউণ্ড বাই ফেইথ২০০৬জুবিন গাৰ্গহিন্দী
হামৰাহি২০০৮হিন্দী
ধাৰা২০০৮সৌৰভ মুখাৰ্জীহিন্দী
জেতুকা পাতৰ দৰে২০১১পলাশ গগৈঅসমীয়া
এখন নেদেখা নদীৰ সিপাৰে২০১২জুবিন গাৰ্গঅসমীয়া, হিন্দী
ৰাগ - দ্য ৰিদম অৱ লাভ২০১৪অবিনাশ বাঘেলঅসমীয়া
গানে কি আনে২০১৫জুবিন গাৰ্গঅসমীয়া

এলবাম

বিজ্ঞাপন

  • নেৰ'লেক পেইণ্ট
  • টাটা ষ্টীল
  • ফেয়াৰ এণ্ড লাভলী
  • এক্সন ফ্লোটাৰ্চ৪

সন্মান

  • জ্যোতিৰূপা বঁটা, শ্ৰেষ্ঠ গায়িকা, ২০০৪, গীত- ক'ৰ এজাক সপোন যেন বৰষুণ, চলচ্চিত্ৰ- দীনবন্ধু১
  • প্ৰাগ চিনে বঁটা, শ্ৰেষ্ঠ গায়িকা, ২০০৪, গীত- ক'ৰ এজাক সপোন যেন বৰষুণ, চলচ্চিত্ৰ- দীনবন্ধু১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Krishna Dulal Barua. (২০ এপ্ৰিল ২০০৮). A Star on the Horizon. Melange, The Sentinel. পৃ. ২৩, ২৪, ২৫, ২৬
  2. ↑ (ন ডিচেম্বৰ ২০২০). ক'ৰ এজাক সপোন যেন বৰষুণ, বকুল ফুলৰ দৰে... ডি নিউজ
  3. ↑ Biography
  4. ↑ কুমাৰ ভাস্কৰজ্যোতি. (ফেব্ৰুৱাৰী ২০১২). এয়া আৰম্ভণি মাথোঁ। আৰু বহু দূৰ বাট বুলিব আছে - অনিন্দিতা পাল. নন্দিনী. পৃ. ৯০
  5. ↑ নুপুৰ (2001) - হিন্দী এলবাম, ট্ৰেকলিষ্ট, সম্পূৰ্ণ এলবামৰ বিৱৰণ আৰু অধিক. ZG Discography

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীঅসমৰ কণ্ঠশিল্পীবঙালী কণ্ঠশিল্পীঅসমৰ ব্যক্তিবঙালী ব্যক্তিঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিন্দিতা পাল” প্ৰবন্ধৰ সংশোধন ৪৪৮৪২৩ (২৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।