বঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী
২২ প্ৰবন্ধ
-
জুবিন গাৰ্গ
জুবিন গাৰ্গ (১৯৭২–২০২৫) আধুনিক অসমীয়া সংগীতৰ অন্যতম প্ৰভাৱশালী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। বহুভাষিক কণ্ঠদান, বহুবাদ্যযন্ত্ৰৰ দখল আৰু চলচ্চিত্ৰ-সংগীতত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ অসম তথা উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক পৰিসৰত বিশেষ স্থান লাভ কৰে।
-
মান্না দে
মান্না দে (প্ৰবোধ চন্দ্ৰ দে) ভাৰতীয় চলচ্চিত্ৰ-সংগীতৰ অন্যতম প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী, যিয়ে হিন্দী আৰু বাংলা কেন্দ্ৰ কৰি বহুভাষিক গীত-জগত সমৃদ্ধ কৰিছিল।
-
চনু নিগম
চনু নিগম (জন্ম ৩০ জুলাই ১৯৭৩) এজন ভাৰতীয় কণ্ঠশিল্পী, যিয়ে বিশেষকৈ হিন্দী আৰু কন্নড় ভাষাৰ বোলছবিৰ গীতৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছে। বহু ভাষাত গীত গোৱাৰ সামৰ্থ্য, টেলিভিজনৰ আঁতধৰোঁতা হিচাপে উপস্থিতি, আৰু ইণ্ডিপপ এলবামৰ সফলতাই তেওঁক আধুনিক ভাৰতীয় গায়কীৰ এটা উল্লেখযোগ্য নাম কৰি তুলিছে।
-
শ্ৰেয়া ঘোষাল
শ্ৰেয়া ঘোষাল (জন্ম ১২ মাৰ্চ, ১৯৮৪) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ চাৰিটা), সাতটা আইফা বঁটা, ছটা স্ক্ৰীন বঁটা আৰু আঠটা দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
শান
শান বা শান্তনু মুখাৰ্জী (Shantanu Mukherjee) এজন প্ৰখ্যাত ভাৰতীয় গায়ক আৰু অভিনেতা। ১৯৭২ চনৰ ৩০ ছেপ্টেম্বৰত ভাৰতৰ খান্দ্বা, মধ্য প্ৰদেশৰ তেওঁৰ জন্ম হৈছিল। তেওঁ মুখ্যতঃ হিন্দী গীতত কণ্ঠদান কৰে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ নিজৰ ভগ্নী সাগৰিকা মুখাৰ্জীৰ সৈতে লগ লাগি কিছুমান জনপ্ৰিয় গীত পৰিৱেশন কৰিছিল।
-
অৰিজিৎ সিং
অৰিজিৎ সিং (জন্ম ২৫ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীত সুৰকাৰ। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা তেওঁ লাভ কৰিছে। হিন্দী আৰু বাংলা ভাষাৰ উপৰি কেইবাটাও ভাৰতীয় ভাষাত তেখেতে গীত বাণীবদ্ধ কৰিছে।
-
হেমন্ত কুমাৰ
হেমন্ত মুখোপাধ্যায় এজন ভাৰতীয় সংগীত শিল্পী আছিল। পেছাদাৰীভাৱে তেওঁ হেমন্ত মুখাৰ্জী আৰু হেমন্ত কুমাৰ নামেৰে জনাজাত, তেওঁ এজন প্ৰখ্যাত ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য গায়ক আছিল।
-
সাগৰিকা মুখাৰ্জী
সাগৰিকা মুখাৰ্জী বা সাগৰিকা (Sagarika Mukherjee; জন্ম ৪ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ মুখ্যতঃ হিন্দী, অসমীয়া আৰু বাংলা ভাষাৰ গান গায় কিন্তু তামিল আৰু তেলেগু ভাষাতো গান গায়। তেওঁ গায়ক আৰু সুৰকাৰ মানস মুখাৰ্জী আৰু গীতিকাৰ জাহাৰ মুখাৰ্জীৰ নাতিনীৰ কন্যা।
-
সুমন কল্যাণপুৰ
সুমন কল্যাণপুৰ (Suman Kalyanpur, জন্মː ২৮ জানুৱাৰী ১৯৩৭) এগৰাকী প্ৰখ্যাত ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বহুতে বিশ্বাস কৰে যে প্ৰতিভা অনুযায়ী তেওঁ যি স্থানত উপনীত হব লাগিছিল, সেই স্থানত উপনীত হ’ব নোৱাৰিলে।
-
ঊষা মংগেশকাৰ
ঊষা মংগেশকাৰ (Usha Mangeshkar; ১৫ ডিচেম্বৰ, ১৯৩৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হিন্দু, বঙালী, মাৰাঠী, কান্নড়, নেপালী, ভোজপুৰী, গুজৰাটী আৰু অসমীয়া ভাষাত বহুতো গীত বাণীৱদ্ধ কৰিছে।
-
নিৰ্মলা মিশ্ৰ
নিৰ্মলা মিশ্ৰ (নির্মলা মিশ্র; ২১ অক্টোবৰ ১৯৩৮-৩১ জুলাই ২০২২) এগৰাকী বিশিষ্ট বঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে।
-
সন্ধ্যা মুখাৰ্জী
সন্ধ্যা মুখাৰ্জী অথবা সন্ধ্যা মুখোপাধ্যায়, (Sandhya Mukherjee; ৪ অক্টোবৰ ১৯৩১-১৫ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ১৯৩১ চনৰ ৪ অক্টোবৰত তেওঁ কলকাতাত জন্মগ্ৰহণ কৰে। ২০১১ চনত পশ্চিমবঙ্গৰ সৰ্বোচ্চ অসামৰিক সন্মান বঙ্গবিভূষণ লাভ কৰে।
-
আৰতি মুখাৰ্জী
আৰতি মুখাৰ্জী ( Aarti Mukherjee; জন্ম: ১৯৪৩) এগৰাকী ভাৰতীয় বঙালী গায়িকা। তেওঁ বিভিন্ন ভাষাত গীত গাইছে। মূলতঃ তেওঁ বঙালী চলচ্চিত্ৰ আৰু আধুনিক গীত গোৱাৰ বাবে বিখ্যাত।
-
শ্যামল মিত্ৰ
শ্যামল মিত্ৰ (Shyamal Mitra, ১৪ জানুৱাৰী ১৯২৯-১৫ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় বহুমুখী প্ৰতিভাৰ নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক আছিল। বঙালী সঙ্গীত উদ্যোগৰ সোণালী সময়চোৱাৰ তেওঁ প্ৰসিদ্ধ ব্যক্তিত্ব আছিল। তেওঁৰ বেৰিটোন কণ্ঠত বহুমাত্ৰিক আবেগৰ প্ৰতিফলন ঘটিছিল।
-
জুবিন নৌটিয়াল
জুবিন নৌটিয়াল (জন্ম: ১৪ জুন ১৯৮৯) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু সংগীত পৰিবেশক। ২০২২ চনৰ জুন মাহত তেওঁ “ৰাতাঁ লাম্বিয়াঁ” গীতটোৰ বাবে “নেপথ্য কণ্ঠশিল্পী (পুৰুষ)”ৰ বাবে আইফা বঁটা লাভ কৰে।
-
পংকজ মল্লিক
পংকজ কুমাৰ মল্লিক ( Pankaj Kumar Mullick; ১০ মে' ১৯০৫ – ১৯ ফেব্ৰুৱাৰী ১৯৭৮) এজন ভাৰতীয় সুৰকাৰ, নেপথ্য তথা ৰবীন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী আৰু অভিনেতা। ১৯৭০ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ১৯৭২ চনত ভাৰতীয় চলচ্চিত্ৰলৈ সমগ্ৰ জীৱন জুৰি আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰে দাদাচাহেব ফাল্কে বঁটা।
-
ডলী ঘোষ
ডলী ঘোষ ( Doli Ghosh/ Dolly Ghosh) এগৰাকী অসমীয়া আধুনিক আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তাৰোপৰি তেওঁ বঙালী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকতো কণ্ঠদান কৰিছে।
-
ইলা বসু
ইলা বসু (Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।
-
এশ্ব কিং
আশুতোষ গাংগুলী (মঞ্চনাম এছ কিং নামেৰে পৰিচিত) এগৰাকী বৃটিছ গায়ক, গীতিকাৰ আৰু সুৰকাৰ। ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ হিন্দী ছবি দিল্লী ৬ত গীত গাই তেওঁ লাইমলাইটলৈ আহে। তেওঁ ভাৰতৰ বিশিষ্ট গায়ক কিশোৰ কুমাৰৰ এগৰাকী আত্মীয়। দৃশ্যম চিনেমাত "কাৰ্বন কপি" গীতটোও তেওঁ গাইছে।
-
নিখিতা গান্ধী
নিখিতা গান্ধী (Nikhita Gandhi; জন্ম: ১ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে পাঁচটা ভাৰতীয় ভিন্ন ভাষাৰ চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ তামিল, হিন্দী, তেলেগু, বাংলা আৰু কানাড়া চলচ্চিত্ৰ প্ৰকল্পত কাম কৰিছে। তেওঁ ৰাবতাত দীপিকা পাডুকনৰ মুখ হিচাপে "ৰাবতা" টাইটেল ট্ৰেকটো গাইছিল।
-
বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।
-
ৰুনা লাইলা
ৰুনা লাইলা (Runa Laila;; ১৭ নৱেম্বৰ ১৯৫২) এগৰাকী বাংলাদেশী নেপথ্য কণ্ঠশিল্পী আৰু মিউজিক কম্পোজাৰ। ১৯৬০ চনৰ শেষৰ ফালে পাকিস্তান চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।