জেতুকা পাতৰ দৰে (Enchanting, Challenging... The Life) হৈছে, ২০১১ চনৰ ১৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। 'ছবিখনৰ পৰিচালক যদুমণি দত্ত। চৈয়দ আব্দুল মালিকৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত এই বোলছবিখনে ৫৮-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল।১
ছবিৰ কাহিনী
১৯৭০ৰ দশকত অসমৰ আওহতীয়া গাঁও এখন ছবিৰ কাহিনীৰ পৃষ্ঠভূমি। গাঁৱৰ সহজ মানুহখিনিক শোষণৰ বলি হয় ঠিকাদাৰ যমুনা হাজৰিকাৰ। ঘাট-মাউৰা ৰাধা মোমায়েক নকুলৰ ঘৰত থাকে। মাক-দেউতাক নোহোৱা ৰজতো থাকে তেখেতৰ ঘৰতেই। ডাঙৰ হৈ অহাৰ পাছত ৰজতক নকুলে ঘৰৰপৰা দূৰৈত বেলেগে ঘৰ সাজি দিয়ে। কিন্তু ৰাধা আৰু ৰজতৰ মাজৰ মৰম সৰুকালিৰ দৰেই থাকে। ৰাধাই পঢ়া-শুনাৰ বাবে চহৰলৈ আহে। চহৰৰ দুজন প্ৰফেছাৰ আৰু ৰাধাক সাঙুৰি গাঁৱত কিছুমান গুজব ওলায়। ৰাধাই গাঁৱলৈ ঘূৰি আহি গাঁৱবাসীৰ হিতাৰ্থে ৰজতক লগত লৈ সমবায় ভিত্তিত কিছুমান কাম আৰম্ভ কৰে। ঠিকাদাৰ যমুনা হাজৰিকা আৰু পুত্ৰই ৰাধাহঁতৰ কামত বিধি-পথালি দিয়ে। তেওঁলোকে নিৰ্মাণ কৰা বান্ধৰ পানী ভাঙি গাঁৱত বানপানী হয়। পানীয়ে বুৰাই ৰখা গাঁওবাসীৰ লগত ৰাধায়ো উপলব্ধি কৰে জীৱনৰ কিছুমান কঠিন সত্য।
নিৰ্মাণ
প্ৰথম চলচ্চিত্ৰ অগ্নিসাক্ষীৰ বাণিজ্যিক সফলতা আৰু নতুন পৰিচালকৰ শিতানত দুটাকৈ বঁটা লাভ কৰাৰ পাছত "জেতুকা পাতৰ দৰে" হ'ল যদুমণি দত্ত পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ। বোলছবিখনৰ বিষয়ে তেওঁ কয় যে, "সমাজৰ নিম্নশ্ৰেণীৰ ওপৰত চলি থকা দুৰ্নীতি, শোষণ আৰু জাতি-ধৰ্ম অনুসৰি বিভাজন ইত্যাদিৰ পৰা আমাৰ সমাজখনক মুক্ত কৰাৰ কাৰণে নতুন প্ৰজন্মৰ দৃঢ় মানসিকতাই হৈছে চলচ্চিত্ৰখনৰ মূল ভেঁটি। বোলছবিখনৰ যোগেদি দৰ্শকসকলে ভুক্তভোগীসকলৰ দুখ-বেদনা অনুভৱ কৰাটো মই বিচাৰোঁ।"২
চিত্ৰগ্ৰহণ
উপন্যাসখনত কোৱা গোলাঘাট জিলাৰ দেৰগাঁৱতে চলচ্চিত্ৰখনৰ শ্বুটিং সম্পন্ন হয়। ছবিখনত দেখুওৱা বানপানীৰ দৃশ্যটোও প্ৰকৃত বানপানী।
চিত্ৰনাট্য
চৈয়দ আব্দুল মালিকৰ একে নামৰ উপন্যাসখনৰ মূলসুঁতিৰ পৰা অকণো ফালৰি নাকাটি চিত্ৰনাট্য প্ৰস্তুত কৰিছে মুনিন বৰুৱায়।৩
কলা-কুশলী
- সংগীত পৰিচালনা: পলাশ গগৈ
মুক্তি
২০১১ চনৰ ১৯ আগষ্টত ছবিখনে অসমৰ ১৯টা ছবিখনত মুক্তি লাভ কৰিছিল।৩
চলচ্চিত্ৰ মহোৎসৱ
২০১১ চনৰ ২৩ এপ্ৰিল তাৰিখে প্ৰথম গান্ধীনগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (২১ এপ্ৰিল - ২৪ এপ্ৰিল, ২০১১) প্ৰদৰ্শন কৰা হয়।৪ ২০১১ চনৰ ১৫-১৮ ছেপ্তম্বৰলৈ গোৱাত অনুষ্ঠিত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱতো বোলছবিখন প্ৰদৰ্শন কৰা হয়।৫ দুয়োটা উপলক্ষতে বোলছবিখন উপস্থাপন কৰিবলৈ পৰিচালককো আমন্ত্ৰণ জনোৱা হৈছিল।
অভিনয়ত
- আইমী বৰুৱা
- ৰাগ ঐনিতম
- বিষ্ণু খাৰঘৰীয়া
- বিকি
- কপিল বৰা
- ৰাজকুমাৰ
- অৰুণ হাজৰিকা
- পবিত্ৰ বৰুৱা
- জয়ন্ত ভাগৱতী
- গুণ মহন্ত
- দিলীপ ৰঞ্জন দত্ত
- পদ্মৰাগ গোস্বামী
- দেৱানন্দ শইকীয়া
- ৰীণা বৰা
- ভ্ৰান্তি মেধি
- মীনাক্ষী নেওগ
- পৰনান্ধি
সংগীত
বোলছবিখনৰ সংগীত পৰিচালনা পলাশ সূৰ্য গগৈৰ। ২০১১ চনৰ ৩১ জুলাইৰ দিনা দ্বীপেন বৰুৱাই গুৱাহাটীত শ্ৰাব্য এলবামটো উন্মোচন কৰে।৬ এলবামটোত মুঠ ১০টা গীত আছে, যদিও ইয়াৰে ২টা গীতহে বোলছবিখনত ব্যৱহাৰ কৰা হৈছিল। ছবিখনত ব্যৱহাৰ কৰা গীত দুটি হ'ল পুৱাৰ হাঁহিত আৰু বিফল চকুপানীৰে।
কাৰিকৰী খুঁটি-নাটি
- ফিল্ম: ৩৫ মিমি
- পৰ্দাৰ অনুপাত: ১:১.৬৬
সমালোচকৰ দৃষ্টিত
বোলছবিখনে চলচ্চিত্ৰ সমালোচকৰপৰা উচ্চ প্ৰশংসা লাভ কৰে। নিয়মীয়া বাৰ্তাৰ উৎপল মেনাই পৰিচালকক প্ৰশংসা কৰি কয় যে পৰিচালকে কাহিনীটো কেমেৰাৰ ভাষাৰে আকৰ্ষণীয়কৈ দাঙি ধৰিছে। তেওঁ আইমী বৰুৱা আৰু ৰাগ ঐনিতমৰ অভিনয়কো ভূয়সী প্ৰশংসা কৰে৷৭ গ্লেমাৰহীন ৰাধাৰ চৰিত্ৰত কৰা আইমী বৰুৱাৰ অভিনয় তেওঁৰ এতিয়ালৈকে শ্ৰেষ্ঠ অভিনয় বুলি বহু সমালোচকে বিবেচনা কৰে।
পুৰস্কাৰ
২০১০ চনত বোলছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ বোলছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
২০১১ চনৰ প্ৰাগ চিনে বঁটাত বোলছবিখনে ৯টা বিভাগত মনোনয়ন লাভ কৰে আৰু ৪টা বিভাগত বিজয়ী হয়।
| বৰ্ষ | পুৰস্কাৰ | বিভাগ | মনোনীত ব্যক্তি | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১০ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ | নূৰুল চুলতান, যদুমণি দত্ত | ১ | |
| 2011 | প্ৰাগ চিনে এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেত্ৰী | আইমী বৰুৱা | ||
| শ্ৰেষ্ঠ সম্পাদনা | ৰূপম কলিতা | ||||
| শ্ৰেষ্ঠ নেপথ্য গায়িকা | অনিন্দিতা পাল ("বিফল চকুপানীৰে") | ||||
| শ্ৰেষ্ঠ গীতিকাৰ | হেমন্ত দত্ত ("বিফল চকুপানীৰে") | ||||
| শ্ৰেষ্ঠ অভিনেতা | ৰাগ ঐনিতম | ||||
| শ্ৰেষ্ঠ সহ-অভিনেতা | অৰুণ হাজৰিকা | ||||
| শ্ৰেষ্ঠ নেপথ্য গায়ক | জুবিন গাৰ্গ ("পুৱাৰ হাঁহিত") | ||||
| শ্ৰেষ্ঠ কলা নিৰ্দেশক | যদুমণি দত্ত | ||||
| শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী | সিদ্ধাৰ্থ বৰুৱা |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 58th National Film Awards Announced
- ↑ Director's Statement
- ↑ (১৯ আগষ্ট, ২০১১). এছিয়ান ফিল্ম মহোৎসৱলৈ ‘জেতুকা পাতৰ দৰে’. আমাৰ অসম. পৃ. ৭ পৃষ্ঠা
- ↑ Schedule of Gandhinagar International Film Festival 2011
- ↑ Schedule of South Asian Film Festival
- ↑ "Jetuka Pator Dore Audio CD released" - Ajir Dainik Batori, August 01, 2011 [Page 2]
- ↑ "RoughCut by Utpal Mena" - Niyamiya Barta, May 11, 2011 [Page 16]
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২৪৬৩০ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।