বঙালী কণ্ঠশিল্পী
১৯ প্ৰবন্ধ
-
শ্ৰেয়া ঘোষাল
শ্ৰেয়া ঘোষাল (জন্ম ১২ মাৰ্চ, ১৯৮৪) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ চাৰিটা), সাতটা আইফা বঁটা, ছটা স্ক্ৰীন বঁটা আৰু আঠটা দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
শান
শান বা শান্তনু মুখাৰ্জী (Shantanu Mukherjee) এজন প্ৰখ্যাত ভাৰতীয় গায়ক আৰু অভিনেতা। ১৯৭২ চনৰ ৩০ ছেপ্টেম্বৰত ভাৰতৰ খান্দ্বা, মধ্য প্ৰদেশৰ তেওঁৰ জন্ম হৈছিল। তেওঁ মুখ্যতঃ হিন্দী গীতত কণ্ঠদান কৰে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ নিজৰ ভগ্নী সাগৰিকা মুখাৰ্জীৰ সৈতে লগ লাগি কিছুমান জনপ্ৰিয় গীত পৰিৱেশন কৰিছিল।
-
হেমন্ত কুমাৰ
হেমন্ত মুখোপাধ্যায় এজন ভাৰতীয় সংগীত শিল্পী আছিল। পেছাদাৰীভাৱে তেওঁ হেমন্ত মুখাৰ্জী আৰু হেমন্ত কুমাৰ নামেৰে জনাজাত, তেওঁ এজন প্ৰখ্যাত ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য গায়ক আছিল।
-
সাগৰিকা মুখাৰ্জী
সাগৰিকা মুখাৰ্জী বা সাগৰিকা (Sagarika Mukherjee; জন্ম ৪ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ মুখ্যতঃ হিন্দী, অসমীয়া আৰু বাংলা ভাষাৰ গান গায় কিন্তু তামিল আৰু তেলেগু ভাষাতো গান গায়। তেওঁ গায়ক আৰু সুৰকাৰ মানস মুখাৰ্জী আৰু গীতিকাৰ জাহাৰ মুখাৰ্জীৰ নাতিনীৰ কন্যা।
-
অৰুন্ধতী দেৱী
অৰুন্ধতী দেৱী (Arundhati Devi; ২৯ এপ্ৰিল ১৯২৪-১ জানুৱাৰী ১৯৯০; জন্ম: গুহা ঠাকুৰতা) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী আছিল, যি অৰুন্ধতী মুখোপধ্যায় নামেৰেও জনাজাত। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰলৈ অৱদান আগবঢ়াইছে। অৰুন্ধতী মুখাৰ্জী বা মুখোপাধ্যায় নামেৰেও জনাজাত।
-
অনিন্দিতা পাল
অনিন্দিতা পাল (ইংৰাজী: Anindita Paul) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।
-
পংকজ মল্লিক
পংকজ কুমাৰ মল্লিক ( Pankaj Kumar Mullick; ১০ মে' ১৯০৫ – ১৯ ফেব্ৰুৱাৰী ১৯৭৮) এজন ভাৰতীয় সুৰকাৰ, নেপথ্য তথা ৰবীন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী আৰু অভিনেতা। ১৯৭০ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ১৯৭২ চনত ভাৰতীয় চলচ্চিত্ৰলৈ সমগ্ৰ জীৱন জুৰি আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰে দাদাচাহেব ফাল্কে বঁটা।
-
এশ্ব কিং
আশুতোষ গাংগুলী (মঞ্চনাম এছ কিং নামেৰে পৰিচিত) এগৰাকী বৃটিছ গায়ক, গীতিকাৰ আৰু সুৰকাৰ। ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ হিন্দী ছবি দিল্লী ৬ত গীত গাই তেওঁ লাইমলাইটলৈ আহে। তেওঁ ভাৰতৰ বিশিষ্ট গায়ক কিশোৰ কুমাৰৰ এগৰাকী আত্মীয়। দৃশ্যম চিনেমাত "কাৰ্বন কপি" গীতটোও তেওঁ গাইছে।
-
কালিকাপ্ৰসাদ ভট্টাচাৰ্য
কালিকাপ্ৰসাদ ভট্টাচাৰ্য ( ১১ ছেপ্টেম্বৰ ১৯৭০ – ৭ মাৰ্চ ২০১৭ ) এজন ভাৰতীয় বাঙালী লোকসঙ্গীত শিল্পী আৰু লোকসংগীতৰ গৱেষক। তেওঁৰ জন্ম অসমৰ শিলচৰত। যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্য অধ্যয়ন কৰিছিল। তেওঁৰ সংগীত-চৰ্চাৰ প্ৰেৰণা আছিল তেওঁৰ খুড়াক অনন্ত ভট্টাচাৰ্য।
-
শিপ্ৰা বসু
শিপ্ৰা বসু (ইংৰাজী: Sipra Bose; ৯ নৱেম্বৰ ১৯৪৫ – ২২ এপ্ৰিল ২০০৮) ভাৰতৰ কলকাতাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ এগৰাকী বিশিষ্ট গায়িকা আছিল।
-
সোমলতা আচাৰ্য্য চৌধুৰী
সোমলতা আচাৰ্য্য চৌধুৰী (Somlata Acharyya Chowdhury; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আৰু অধ্যাপিকা। তেওঁ ২০১১ চনৰ বঙালী চলচ্চিত্ৰ ৰঞ্জনা আমি আৰ আসবনাৰ 'তুমি আসবে বলে' আৰু 'জাগৰণে যায় বিভাবৰী' শীৰ্ষক গীতদুটিৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।
-
ৰাধাৰমণ দত্ত
ৰাধাৰমণ দত্ত (Radharaman Dutta; ১৮৩৪ – ১৯১৫) এগৰাকী প্ৰভাৱশালী বঙালী সংগীতজ্ঞ আৰু কবি আছিল। বাউলৰ এগৰাকী বিশিষ্ট সদস্য, দত্তৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে তেওঁক "ধামাইল গীতৰ পিতৃ" হিচাপে গণ্য কৰা হয়। তেওঁৰ গীতসমূহ সমসাময়িক বঙালী সংগীতজ্ঞ আৰু গীতিকাৰসকলে বহুলভাৱে প্ৰচাৰিত কৰিছে।
-
আনুশেহ্ অনাদিল
আনুশেহ্ অনাদিল এগৰাকী বাংলাদেশী সংগীতশিল্পী, শিল্পী, সাংস্কৃতিক কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ বাংলা বেণ্ডৰ লগত জড়িত, যিটো বাংলাদেশৰ প্ৰথম মহিলা নেতৃত্বাধীন বেণ্ড হিচাপে পৰিচিত।
-
কবিৰ সুমন
কবীৰ সুমন (জন্ম: ১৬ মাৰ্চ ১৯৪৯) এজন ভাৰতীয় বাঙালী গায়ক, গীতিকাৰ, অভিনেতা, ৰেডিঅ' সাংবাদিক, লেখক আৰু সংসদ সদস্য। তেওঁৰ আগৰ নাম আছিল সুমন চট্টোপাধ্যায়। ২০০০ চনত বাংলাদেশী সংগীশিল্পী ছাবিনা ইয়াছমিনক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰে। সুমন এগৰাকী বিশিষ্ট আধুনিক আৰু ৰবীন্দ্ৰ সংগীতৰ গায়ক।
-
জটিলেশ্বৰ মুখোপাধ্যায়
জটিলেশ্বৰ মুখোপাধ্যায় (১৩ ডিচেম্বৰ ১৯৩৪ – ২১ ডিচেম্বৰ ২০১৭) এজন বিখ্যাত ভাৰতীয় সংগীত পৰিচালক, গায়ক আৰু গীতিকাৰ।
-
পাপিয়া সৰৱাৰ
পাপিয়া সৰৱাৰ (Papia Sarwar) (২১ নৱেম্বৰ ১৯৫২ - ১২ ডিচেম্বৰ ২০২৪) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী তথা ৰবীন্দ্ৰ সংগীতৰ বিশিষ্ট পৰিবেশক আছিল। সংগীতত তেওঁৰ অসাধাৰণ দক্ষতা তথা নিখুঁত পৰিৱেশন শৈলীৰ বাবে তেওঁ সংগীতপ্ৰেমীসকলৰ মাজত অতি জনপ্ৰিয় আছিল।
-
শিৱাজী চট্টোপাধ্যায়
শিৱাজী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় বিখ্যাত গায়ক আৰু সংগীত পৰিচালক। তেওঁৰ জন্ম হৈছিল কলিকতাত। ‘চলেই যাবে জানতেই যদি’ অথবা ‘পাখীৰা চায় আকাশেৰ নীল’ তেওঁৰ বিখ্যাত গীত।
-
শ্বাহ আব্দুল কৰিম
শ্বাহ আব্দুল কৰিম বা বাউল শ্বাহ আব্দুল কৰিম (Shah Abdul Karim; ১৫ ফেব্ৰুৱাৰী ১৯১৬ - ১২ ছেপ্টেম্বৰ ২০০৯) হ'ল এজন বাংলাদেশী বাউল সংগীতজ্ঞ আৰু দাৰ্শনিক। সৰ্বশ্ৰেষ্ঠ বাউল সংগীতজ্ঞসকলৰ ভিতৰৰ এজন হিচাপে পৰিচিত তেওঁক 'বাউল সম্ৰাট' (বাউলৰ ৰজা) বুলি কোৱা হয়।
-
ৰতন কাহাৰ
ৰতন কাহাৰ এজন প্ৰবীণ ভাৰতীয় লোকগায়ক আৰু বাংলা ঝুমুৰ আৰু ভাদু গীতৰ গীতিকাৰ। ২০২৪ চনত তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। তেওঁৰ বৰো লোকেৰ বিটিলো, লাম্বা লাম্বা চুল লোকগীতটো খুবেই জনপ্ৰিয়।