অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ধুনীয়া তিৰোতাবোৰ

ধুনীয়া তিৰোতাবোৰ (Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা আৰু আৰ্ক লাইটছৰ অধীনত প্ৰদ্যুত কুমাৰ ডেকা আৰু পংকজ কলিতাৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ইয়াৰ সংগীত ৰচনা কৰিছিল অংগৰাগ মহন্তই। ছবিখনে ২০০৯ চনৰ ৯ জানুৱাৰীত মুক্তিলাভ কৰে।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৫ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ধুনীয়া তিৰোতাবোৰ (Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা১ আৰু আৰ্ক লাইটছৰ অধীনত প্ৰদ্যুত কুমাৰ ডেকা আৰু পংকজ কলিতাৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ইয়াৰ সংগীত ৰচনা কৰিছিল অংগৰাগ মহন্তই। ছবিখনে ২০০৯ চনৰ ৯ জানুৱাৰীত মুক্তিলাভ কৰে। ছবিখনে ২০১০ চনত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সম্পাদক আৰু শ্ৰেষ্ঠ মেক আপ শাখাত তিনিটাকৈ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

অভিনয় শিল্পী

  • বিদ্যুত চক্ৰৱৰ্তী
  • তৃষা শইকীয়া
  • বৰষা ৰাণী বিষয়া
  • নীলাক্ষী দেৱী
  • অংকুৰ বিষয়া
  • বৰ্ণালী পূজাৰী
  • নয়ন শইকীয়া
  • কংকি বৰদলৈ

বিশেষ অভিনেতা-অভিনেত্ৰী

পটভূমি

খ্যাতিসম্পন্ন সাংবাদিক বৰগোহাঁই বিৰতিৰ বাবে এবাৰ গাঁৱলৈ যায়। বৰ্ষণমুখৰ ৰাতি এটাত যেতিয়া তেওঁৰ গাড়ীখন বেয়া হয়, তেতিয়া ওচৰৰ মেকানিক এজনে ইয়াক ঠিক কৰিবলৈ আহে। তেওঁৰ পৰিচয় গম পাই মেকানিকজনে তেওঁক এটা অনুৰোধ কৰে। গাঁৱত শ্বুটিঙৰ সময়ত এটা ফিল্ম ইউনিটৰ লগত যোৱা এগৰাকী ধুনীয়া ছোৱালীৰ প্ৰতি তেওঁৰ মন খাইছে। তেওঁ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ ব্যক্তিগত সহায়িকা আছিল, যি কাকতলীয়ভাৱে চলচ্চিত্ৰ জগতৰ পৰা নোহোৱা হৈ গৈছে। বৰগোহাঁয়ে কৌতূহলৰ বাবে তেওঁক বিচাৰিবলৈ মান্তি হয়।

তথ্যসূত্ৰ

  1. ↑ Eastern Panorama. Easternpanorama.in

সম্পৰ্কিত শ্ৰেণী

২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০০৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুনীয়া তিৰোতাবোৰ” প্ৰবন্ধৰ সংশোধন ৫৬৫২৫৫ (১৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।