অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱানন্দ বৰুৱা

দেৱানন্দ বৰুৱা আছিল অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী হেমকোষ প্ৰিণ্টাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু হেমকোষৰ প্ৰকাশক আৰু বৰ্ধিত সংস্কৰণৰ সম্পাদক৷ তাৰোপৰি তেখেতে শিক্ষা বিভাগৰ প্ৰশাসনিক বিষয়া হিছাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

দেৱানন্দ বৰুৱা আছিল অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী হেমকোষ প্ৰিণ্টাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু হেমকোষৰ প্ৰকাশক আৰু বৰ্ধিত সংস্কৰণৰ সম্পাদক৷১ তাৰোপৰি তেখেতে শিক্ষা বিভাগৰ প্ৰশাসনিক বিষয়া হিছাপেও কাৰ্যনিৰ্বাহ কৰিছিল।২

জন্ম আৰু শিক্ষা

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নাতি দেৱানন্দ বৰুৱাৰ জন্ম হয় ১৯২২ চনৰ ৫ ছেপ্টেম্বৰত শিৱসাগৰ জিলাত৷ তেওঁৰ পিতৃ -মাতৃ আছিল আনন্দৰাম বৰুৱা আৰু সাৰদা বালা দেৱী৷ শিৱসাগৰৰ টাউন প্ৰাইমেৰী স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বৰুৱাই ১৯৪৩ চনত শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক, ১৯৪৫ চনত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত আই এ আৰু ১৯৪৯ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়৷১

কৰ্মজীৱন

১৭ বছৰ বয়সত মোহনদাস কৰমচান্দ গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সমান্তৰালভাৱে বৰুৱাই 'ৰংপুৰ বুক বাইণ্ডিং' নামৰ এটা ছপা প্ৰতিষ্ঠান আৰম্ভ কৰে৷ আন্দোলনৰ বাবে তেওঁ কাৰাবৰণ কৰিবলগীয়াও হয়৷ জে'লৰ পৰা ওলায়েই ১৯৪৭ চনত শিৱসাগৰ মহাবিদ্যালয় স্থাপনত আগভাগ লয়৷ ১৯৫৪ চনত শিক্ষা বিভাগৰ সামাজিক শিক্ষা বিষয়া পদত যোগদান কৰে৷ পিছলৈ তেওঁ দণ্ডাধীশ পদলৈ পদোন্নতি লাভ কৰে আৰু হামৰেণ মহকুমাৰ প্ৰথম দণ্ডাধীশ হিচাপে যোগদান কৰে৷ ১৯৮০ চনত তেওঁ স্বেচ্ছমূলকভাৱে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷১

কাষত লৈ শেষ শয়নত দেৱানন্দ বৰুৱা]]

১৯৬০ চনত পিতৃৰ মৃত্যুৰ পিছত তেওঁ হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি হেমকোষৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে৷ ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে৷৩ চাকৰিৰ পৰা অৱসৰৰ পিছত তেওঁ গুৱাহাটীত হিন্দুস্তান প্ৰেছ নামৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰে৷ ১৯৮৯ চনত পুত্ৰ জয়ন্ত বৰুৱাৰ সৈতে সাপ্তাহিক সাদিন আৰু ১৯৯৫ চনত দৈনিক কাকত অসমীয়া প্ৰতিদিন প্ৰকাশ কৰে৷ পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠানৰ পৰাই নন্দিনী আৰু সাতসৰী (আলোচনী) নামৰ দুখন আলোচনীও প্ৰকাশ কৰে৷১

মৃত্যু

২০১২ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১০:৫১ বজাত গুৱাহাটীৰ হায়াট হাস্পতালত বাৰ্ধক্যজনিত ৰোগত দেৱানন্দ বৰুৱাৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৯ বছৰ৷৩

তথ্যসূত্ৰ

  1. ↑ আমাৰ অসম সংবাদ-পত্ৰ, গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী ২০১২
  2. ↑ (February 25, 2012). Debananda Barua passes away. Dy365
  3. ↑ (February 25, 2012). Debananda Baruah dies at 89. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱানন্দ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৩২৪৭৫ (১৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।