অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুৰ্গাময়ী বৰা

দুৰ্গাময়ী বৰা (Durgamoyee Bora) অসমৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী। মূলতঃ শাস্ত্ৰীয় সংগীত, বৰগীত আৰু আধুনিক অসমীয়া সংগীত ধাৰাটোৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী দুৰ্গাময়ী বৰা অসমৰ অন্যতম জনপ্ৰিয় অনাতাঁৰ শিল্পী।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ৭৯৬ শব্দ · ৪ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দুৰ্গাময়ী বৰা (Durgamoyee Bora) অসমৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী। মূলতঃ শাস্ত্ৰীয় সংগীত, বৰগীত আৰু আধুনিক অসমীয়া সংগীত ধাৰাটোৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী দুৰ্গাময়ী বৰা অসমৰ অন্যতম জনপ্ৰিয় অনাতাঁৰ শিল্পী। কেশৱ মহন্ত, ইদ্ৰিছ আলী, কীৰ্তি কমল ভূঞা, লক্ষহীৰা দাস, হীৰেন গোহাঁই আদি প্ৰসিদ্ধ গীতিকাৰৰ গীতত কণ্ঠদান কৰা দুৰ্গাময়ী বৰাৰ জনপ্ৰিয় গীতসমূহ হৈছে তোমাৰ বাবে আছোঁ বাট চাই,আজি শৰতৰ প্ৰথম কুঁৱলি, শিতৰ সৰা পাতেহে জানে, মোৰ পাহৰা গানৰ, ঠিকনা তোমাৰ কিয়নো লাগিছে, ঘৰ বুলি যাবলে মোৰ, আহিবা আকৌ এদিন, এতিয়াও আছে আকাশত, দূৰে দূৰে কিয় শ্যাম, এই নিজম সন্ধ্যা কি যে লাগে আদি। দুৰ্গাময়ী বৰাৰ আঠোটা গীতৰ সংকলন তোমাৰ বাবে মুক্তিৰ সময়ৰ পৰা আজিলৈকে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছে। শুদ্ধৰূপত ৰাগ- তালসহ বৰগীত পৰিৱেশন কৰি বিশেষ খ্যাতি অৰ্জন কৰা দুৰ্গাময়ী বৰা অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ সৌজন্যত মুক্তি দিয়া বৰগীতৰ কেছেটত ভূপেন হাজৰিকাসহ আন আন প্ৰসিদ্ধ শিল্পীৰ সৈতে বৰগীতত কণ্ঠদান কৰিছিল।১ দুৰ্গাময়ী বৰা এগৰাকী অভিনয় শিল্পী ৰূপেও পৰিচিত। শৈশৱতে মাতৃৰ পৰা লাভ কৰা সংগীত শিক্ষা আৰু পৰৱৰ্তীকালত পিতৃ, শিক্ষাগুৰু আৰু স্বামীৰ অনুপ্ৰেৰণাত সংগীত সাধনাত ব্ৰতী হোৱা দুৰ্গাময়ী বৰাই নিজৰ সংগীত জীৱন আৰু কণ্ঠদান কৰা গীতসমূহ সামৰি ইতিমধ্যে লিখি উলিয়াইছে তেখেতৰ গ্ৰন্থ মোৰ গান মোৰ প্ৰাণ। অসমৰ সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে কণ্ঠশিল্পী দুৰ্গাময়ী বৰাক ২০২২ চনত প্ৰদান কৰা হয় কাঁচিজোন স্মাৰক জীৱনযোৰা সাধনা বঁটা। ২

প্ৰাৰম্ভিক জীৱন

নগাঁও জিলাৰ দীঘলীআটী গাঁৱৰ প্ৰয়াত শুক্লেশ্বৰ ভূঞা আৰু তৰুণী ভূঞাৰ কন্যা দুৰ্গাময়ী ভূঞাৰ জন্ম ১৩ মাৰ্চ, ১৯৫৬ চনত। মাতৃ তৰুণী ভূঞা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ লগতে এগৰাকী কণ্ঠশিল্পী আছিল। ইয়াৰোপৰি দুৰ্গাময়ী ভূঞাৰ পিতৃ শুক্লেশ্বৰ ভূঞা আছিল এগৰাকী সংগীত অনুৰাগী আৰু সন্তানে ঘৰখনতেই সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিবলৈ এখন হাৰমোনিয়াম যোগাৰ কৰি দিয়াৰ লগতে নিশিনাথ সৰকাৰক ঘৰুৱা সংগীত শিক্ষক হিচাপে নিয়োগ কৰিছিল। এনেদৰে দুৰ্গাময়ী ভূঞাই শৈশৱতে ঘৰখনত লাভ কৰিছিল সংগীত শিক্ষাৰ এক অনুকূল পৰিৱেশ। শৈশৱতে ৰেডিঅ'ত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, বীৰেন্দ্ৰনাথ দত্ত, দীপালী বৰঠাকুৰ, পাৰবীন চুলতানাৰ দৰে কণ্ঠশিল্পীৰ গীত শুনি আধুনিক গীতৰ প্ৰতি আকৃষ্ট হৈছিল। জোঙাল বলহু গড় বিদ্যালয়ত পঢ়ি থকা কালত প্ৰধান শিক্ষক সোণাৰাম শইকীয়াৰ অনুপ্ৰেৰণাত গীত গাইছিল। সেই সময়ত বিদ্যালয়খনত কৰ্মৰত এগৰাকী খুৰীয়েক মনোৰমা ভূঞাৰ পৰামৰ্শ মতে বিদ্যালয়ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰে। সেই সময়ত আন্ত: বিদ্যালয় প্ৰতিযোগিতা হৈছিল। ৰহা হাইস্কুলত মাণ্ডলিক প্ৰতিযোগিতা হৈছিল আৰু সেই প্ৰতিযোগিতাত যোগদান কৰিবলৈ দুৰ্গাময়ী আৰু ভনীয়েকক লৈ যোৱা হৈছিল। তাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। জিলা ভিত্তিত আয়োজিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিও পুৰস্কৃত হৈছিল। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ, পাৰবীন চুলতানা আদি জনপ্ৰিয় অনাতাঁৰ শিল্পীৰ গীত শুনি ভৱিষ্যতে নিজেও এগৰাকী অনাতাঁৰ শিল্পী হ'ব বিচাৰিছিল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও কন্যা মহাবিদ্যালয়ত নামভৰ্তি কৰি পঢ়া-শুনাৰ লগতে সমান্তৰালভাৱে সংগীত সাধনাতো মনোনিবেশ কৰিছিল। ১২ ছেপ্টেম্বৰ নগাঁও কন্যা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয়খনৰ আন আন ছাত্ৰীৰ সৈতে সমবেত সংগীত পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই মহাবিদ্যালয়তেই শিক্ষাগুৰু হিচাপে পাইছিল জ্যোতি নাথ চক্ৰৱৰ্তী, ইদ্ৰিছ আলী, মঞ্জিৰা চৌধুৰী আদিৰ দৰে অনাতাঁৰ শিল্পীক। তেওঁলোকৰ পৰা লাভ কৰিছিল সংগীত সাধনাত ব্ৰতী হ'বলৈ অনুপ্ৰেৰণা। নগাঁও কন্যা মহাবিদ্যালয়ৰ সংগীত প্ৰতিযোগিতাত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ লাভ কৰাৰ লগতে যুৱ মহোৎসৱত বিজয়ী হৈছিল। এনেদৰে আকাশবাণী গুৱাহাটীৰ যুৱবাণীত গীত বাণীবন্ধনৰ সুযোগ লাভ কৰিছিল।৩

কৰ্মজীৱন

১৯৯৩ চনৰ ২০ এপ্ৰিল তাৰিখে যোৰহাট জিলাৰ কৰঙা গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত দুৰ্গাময়ী বৰাই এগৰাকী সংগীত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। স্কলখনত ছাত্ৰীসকলৰ লগতে সহকৰ্মীসকলৰো সংগীতৰ প্ৰতি আগ্ৰহ আছিল। নৱম আৰু দশম শ্ৰেণীৰ বহুতো ছাত্ৰীয়ে সংগীত বিষয়টো গ্ৰহণ কৰিলে। বিদ্যালয়খনত দুৰ্গাময়ী বৰা এগৰাকী সংগীত শিক্ষয়িত্ৰী হিচাপে প্ৰতিটো শ্ৰেণীত সপ্তাহত দুদিনকৈ গান শিকাবলৈ আৰম্ভ কৰাৰ লগতে কেইবাগৰাকী আগ্ৰহী শিক্ষয়িত্ৰীক সংগীত চৰ্চাত সহায় কৰাৰ লগতে মঞ্চত গীত পৰিৱেশন কৰিবলৈ উৎসাহিত কৰে। এনেদৰে কৰঙা গাৰ্লছ স্কুলৰ শিক্ষক - শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতে বিদ্যালয়খনলৈ কেইবাবাৰো পুৰস্কাৰ বুটলি আনে। তাৰোপৰি কৰঙা গাৰ্লছ স্কুলৰ সমবেত সংগীত দলে গুৱাহাটী দুৰদৰ্শণ কেন্দ্ৰত অনুষ্ঠান বাণীবদ্ধন হৈছিল। এনেদৰে সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ বৰগীতৰ ক্লাছ, যোৰহাট সংগীত বিদ্যালয়ৰ সংগীতৰ ক্লাছ, কৰঙা গাৰ্লছ স্কুলৰ সংগীত শিক্ষয়িত্ৰীৰ দায়িত্বৰ লগতে ৰেডিঅ'ত গীত গোৱাৰ উপৰিও ব'হাগৰ সংগীতানুষ্ঠান আদিৰ জৰিয়তে দুৰ্গাময়ী বৰাৰ কৰ্মব্যস্ততা বৃদ্ধি পায়। ১৯৯৬ চনত দুৰ্গাময়ী বৰাৰ স্বামী ড° মাধৱ চন্দ্ৰ বৰা যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ অধ্যাপকৰ পদ এৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগত যোগদান কৰে। এই সময়ত দুৰ্গাময়ী বৰা যোৰহাটত থাকি নিজৰ সংগীত সাধনা অব্যাহত ৰাখে। ২০০১ চনত যোৰহাট কৰঙা গাৰ্লছ স্কুলৰ পৰা দুৰ্গাময়ী বৰা বদলি হৈ তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত যোগদান কৰে। তেজপুৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক হিচাপে সফলতাৰে শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি বৰ্তমান সংগীত সাধনাত ব্ৰতী হৈ থকাৰ উপৰিও তেজপুৰৰ বাণ থিয়েটাৰ, ভূপেন হাজৰিকা কলাভূমি, জ্যোতি ভাৰতী ৰ লগতে অসমৰ প্ৰায় সমূহ সামাজিক - সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে। ইয়াৰোপৰি অসমৰ সকলো আগশাৰীৰ কাকত-আলোচনীত নিয়মীয়াকৈ প্ৰবন্ধ, নিবন্ধ আদি লিখি আছে।

বিবাহ আৰু পৰিয়াল

১৪ অক্টোবৰ, ১৯৭৭ চনত অসমৰ এগৰাকী বিশিষ্ট গৱেষক তথা অধ্যাপক ড° মাধৱ চন্দ্ৰ বৰাৰ সৈতে দুৰ্গাময়ী ভূঞাৰ বিবাহ হয়। বিয়াৰ পাছত দুৰ্গাময়ী ভূঞাই নিজৰ উপাধি সলনি কৰি স্বামীৰ উপাধি গ্ৰহণ কৰে। ড° মাধৱ চন্দ্ৰ বৰা আৰু দুৰ্গাময়ী বৰাৰ দুই পুত্ৰ সন্তান ভাস্কৰ বৰা আৰু দীপাংকৰ বৰা। স্বামীৰ সহযোগ আৰু অনুপ্ৰেৰণাত দুৰ্গাময়ী বৰাই শিক্ষকতা, সংগীত সাধনা আৰু অভিনয় জগতখনতো মনোনিৱেশ কৰে। ২০০৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে নগাঁও জিলাৰ চামগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত দুৰ্গাময়ী বৰাৰ স্বামী ড° মাধৱ চন্দ্ৰ বৰাৰ মৃত্যু হয়।৪

বঁটা, সন্মান আৰু স্বীকৃতি

অসমৰ সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে দুৰ্গাময়ী বৰাক ২০২২ চনত কাঁচিজোন স্মাৰক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ গ্ৰন্থ: মোৰ গান মোৰ প্ৰাণ| পৃষ্ঠা নং: ৭৬, ৭৭| লেখক: দুৰ্গাময়ী বৰা| প্ৰকাশক: জে জি বুকছ, গুৱাহাটী।
  2. ↑ আমাৰ অসম | ২৩ এপ্ৰিল, ২০২২
  3. ↑ দুৰ্গাময়ী বৰাৰ সংগীত যাত্ৰা. Akashvani Guwahati
  4. ↑ দৈনিক জনমভূমি | প্ৰথম পৃষ্ঠা | ১৭ নৱেম্বৰ, ২০০৪ চন।

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্গাময়ী বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৪৭০০ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।