দোতমা বিধানসভা সমষ্টি (Dotma Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংশ। সমষ্টিটো অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সদস্যসকল
২০২৩ চনত সমষ্টিটো গঠন হোৱাৰ পিছত ২০২৬ চনত প্ৰথমবাৰৰ বাবে ইয়াত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।
| নিৰ্বাচনৰ বৰ্ষ | বিধায়কৰ নাম | ৰাজনৈতিক দল |
|---|---|---|
| ২০২৬ | ৰবিৰাম নাৰ্জাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
নিৰ্বাচনৰ ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত এই সমষ্টিৰ পৰা বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ (BPF) প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে জয়লাভ কৰিছিল।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দোতমা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৫৮ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।