অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নকছাৰি মহাবিদ্যালয়

নকছাৰি মহাবিদ্যালয় (Nakachari College) যোৰহাট জিলা আৰু যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত ১০১ নং মৰিয়নি বিধান সভা সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ নকছাৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান।

হালনাগাদ: ১৪ অক্টোবৰ ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

নকছাৰি মহাবিদ্যালয় (Nakachari College) যোৰহাট জিলা আৰু যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত ১০১ নং মৰিয়নি বিধান সভা সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ নকছাৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে১ জন্মলগ্নৰ পৰাই বৃহত্তৰ নকছাৰি অঞ্চলত উচ্চ শিক্ষা প্ৰসাৰৰ বাবে নীৰৱচ্ছিন্নভাৱে সেৱা আগ বঢ়াই আহিছে।

ইতিহাস

ডেবেৰাপাৰ চাৰি আলি পৰিকল্পিত সম্প্ৰসাৰণ আৰু নকছাৰি উন্নয়ন সমিতিৰ উদ্য‍োগত ১৯৮৮ চনৰ ১৬ ফেব্ৰুৱাৰি‍ মঙ্গলবাৰে নকছাৰি উচ্চ বালিকা বিদ্যালয়ত আহ্বান কৰা২ ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে ১৯৮৮ চনৰ শিক্ষাবৰ্ষৰ পৰাই নকছাৰি মহাবিদ্যালয় আৰম্ভ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।৩ ২২ আগষ্ট ১৯৮৮ চনত সকলো প্ৰস্তুতি সম্পাদন কৰি তিৰুৱাল ভেটা প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাত নকছাৰি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম বৰ্ষৰ পাঠদান শুভাৰম্ভ কৰা হৈছিল।৪ নকছাৰি অঞ্চলৰ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা সেই সময়ত মৰিয়নি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক বিনোদ কুমাৰ গগৈদেৱক নকছাৰি মহাবিদ্যালয়ৰ প্ৰথমজন অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল।৫৬ ১৯৮৮ চনৰ পৰা সুদীৰ্ঘ ১৪ বছৰ কাল তিৰুৱালভেটা প্ৰাথমিক বিদ্যালয় চৌহদত ওচমান আলি বৰাই নকছাৰি মহাবিদ্যালয়ক দান সূত্ৰে দিয়া তিনি কঠা মাটিত অস্থায়ীভাৱে মহাবিদ্যালয়খন চলাৰ পিছত৭ ২০০২ চনত অসম চৰকাৰে তিৰুৱাল গৰু চৰণীয়া পথাৰত দিয়া ৪৫ বিঘা মাটিত মহাবিদ্যালয়ৰ স্থায়ী গৃহত পাঠদান আৰম্ভ হ'ল।৮৯

তথ্যসূত্ৰ

  1. ↑ নকছাৰি মহাবিদ্যালয়
  2. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ৭৮
  3. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ২৪
  4. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ২৪
  5. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ১৭
  6. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ১২
  7. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ৬৮
  8. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ৩৫
  9. ↑ (২০০৯). প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি‍. পৃ. ৬৮

সম্পৰ্কিত শ্ৰেণী

অসমৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নকছাৰি মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৪৩৬৬৬ (১৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।