ধন্দি দৌল (ধন্দি ভগ্নাৱশেষ হিচাপেও খ্যাত) (Dhandi Ruins) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ধন্দিপথাৰ অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল। সাম্প্ৰতিক সময়ত দৌলৰ ভগ্নাৱশেষহে উপলব্ধ হোৱাৰ হেতু ই ধন্দি ভগ্নাৱশেষ হিচাপে স্বীকৃতপ্ৰাপ্ত। এই ভগ্নাৱশেষ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা (List of Monuments of National Importance in Assam)-ভুক্ত। ১ তদুপৰি ই ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ অধীনত অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহ (State Protected Monument in India)-ৰ ভিতৰত অন্যতম। ২ ধন্দি ভগ্নাৱশেষক ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল NS-AS-47 আৰু S-AS-91।৩
বিৱৰণ
অৱস্থান
ধন্দি দৌল বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত মাজিকুছিৰ সমীপৰ ধন্দিপথাৰ গাঁৱত অৱস্থিত। এই দৌল আৰু ভগ্নাৱশেষ হাৱাজান-কামদেৱাল-গহপুৰ পথেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সু-সংযোজিত। গহপুৰ নগৰ আৰু কলাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দৌলৰ দূৰত্ব ক্ৰমে প্ৰায় ১১ কিলোমিটাৰ আৰু ৮ কিলোমিটাৰ। ভাৰতৰ পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ দ্বাৰা অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে ঘোষিত বাসুদেৱ দৌল, ধন্দি দৌলৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দুৰত্বত অৱস্থিত।
ইতিহাস
ধন্দি দৌলৰ নিৰ্মাণৰ ইতিহাস আহোম ৰাজত্ব কালৰ। দৰং গেজেটিয়াৰৰ মতে ১৭০৫ চনত আহোম ৰজা ৰুদ্ৰ সিংহই ধন্দিৰ দৌল সজাইছিল। জয়ধ্বজ সিংহ আৰু ৰুদ্ৰ সিংহই দৌলৰ ২৩২ বিঘা ৰাজহবিহীন মাটি দান কৰিছিল বুলি জনা যায়। ৪ দৌলটো এক ওখ ভেঁটিত নিৰ্মান কৰা হৈছিল আৰু ইয়াৰ ভূমিভাগ প্ৰায় ৫ ফুট ডাঠকৈ মাটিৰ ইটাৰে সজা। দৌলটো অষ্টভূজাকৃতিৰ, অৰ্থাত দৌলৰ মূল অংশ প্ৰৱেশদ্বাৰ সহিতে আঠখন দেৱালেৰে আৱৰা। ৫ শিৱ উপাসনাৰ স্থলী ধন্দি দৌলৰ উচ্চতা আদিতে শিৱসাগৰৰ শিৱদৌলৰ প্ৰায় সমান আছিল। মানৰ অসম আক্ৰমণৰ সময়ত দৌলৰ বিগ্ৰহসমূহ হাৱাজানৰ দেউৰীগাঁৱৰ সমীপত লুকুৱাই ৰখা হৈছিল।
১৮৯৭ চনত অসমত সংঘটিত প্ৰলয়ংকৰী ভূমিকম্পত দৌলৰ কলচী অংশ ভাঙি পৰে। ইয়াৰ এক ভগ্ন অৱশেষ দৌলৰ স্থানতে এতিয়াও আছে। ধন্দি দৌলৰ পৰা নিয়া ভগ্নাৱশেষৰ এটুকুৰা শিলেৰে সমীপৱৰ্তী ডিফলুৰ চক্ৰেশ্বৰ দেৱালয় নিৰ্মান কৰা হৈছিল। এই দেৱালয়তে ধন্দি দৌলৰ ভগ্ন কলচীৰ একাংশও সংৰক্ষিত হৈ আছে।
১৯৫৮ চনত ধন্দি দৌলক ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছিল।
কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে এই দৌলৰ বৃহৎ চৌহদ আৰু ভগ্নাৱশেষ সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে৷ দৌলৰ প্ৰৱেশ-পথ পশ্চিম দিশলৈ আছেচ অৰ্থাৎ ই এটা পূবা-পশ্চিমাকৈ থকা দৌল৷ অধিস্থান আৰু ভগ্নাৱশেষৰ ভগ্ন চূড়া পৰ্যৱেক্ষণ কৰি ইয়াক এটা বিষ্ণু দৌল বুলি ক’ব পাৰি যদিও স্থানীয় মানুহৰ মতে ই এটা শিৱ দৌলহে আছিল৷ দৌলৰ ভগ্ন চূড়া বা মস্তক অংশ দৌলৰ গাৰ পৰা দক্ষিণ ফালে ১৯.৭ ফুট দূৰত্বত পুৰাতত্ত্ব বিভাগে সংৰক্ষণ কৰি থৈছে৷ মস্তকৰ পোনে পোনেই, দক্ষিণ ফালে দৌলৰ পুখুৰীটোও আছে৷ দৌলটোৰ ভগ্ন মস্তকৰ মাজত এডাল গোটা লোহা ওলাই আছে৷ এই লোহাডালৰ পৰিধি ৭ ইঞ্চি আৰু ওলাই থকা অংশটোৰ দীঘ চাৰে দহ ইঞ্চি৷ এই ওলাই থকা লোৰ অংশটোৱে প্ৰমাণ কৰে যে আহোম যুগত দৌলৰ মস্তকৰ মাজত এডাল গোটা লোহা ব্যৱহৃত হৈছিল যিডালে কলচীৰ ওপৰত আয়ুধৰ ৰূপ পাইছিল৷ এই গোটা লোহাডালক মকৰধ্বজ বুলি কোৱা হয়৷ এই দৌলৰ আয়ুধ পঞ্চমুখী আছিল৷ সেই পঞ্চমুখী আয়ুধডাল বৰ্তমান কিছু আঁতৰৰ শ্ৰীশ্ৰীচন্দেশ্বৰ সদাশিৱ দেৱালয়ৰ মস্তকত স্থাপন কৰা হৈ আছে৷ বৰ্তমানে অধিস্থিত এই দৌলৰ জগমোহনৰ বেৰৰ উচ্চতা মজিয়াৰ পৰা ৩.৭ ফুট আৰু গৰ্ভগৃহৰ বেৰৰ উচ্ছতা ৩.১২ ফুট৷ জগমোহনৰ পৰা অন্তৰাললৈ দুটা খাপ উঠিব লাগে৷ এই দৌলৰ মেৰে প্ৰায় ১১২ ফুট৷ চৰকাৰী নথি-পত্ৰত এই দৌলৰ নামত থকা ফৰিংতলি মাটি ১৪৫ নং দাগত ২৯ বিঘা ১৫ লোচা৷৬
জনশ্ৰুতি
আন এক অ-প্ৰামাণিক জনশ্ৰুতি অনুসৰি এই অঞ্চল দন্দি নামৰ এক ৰজাৰ শাসনাধীন আছিল। এবাৰ দন্দি ৰজাই উৰ্বশীক লগত লৈ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ইয়াত পলায়ন কৰি আছিলহি। পিছত ব্ৰহ্মপুত্ৰই সুঁতি সলাই দক্ষিণলৈ গতি কৰাত ৰজা আৰু উৰ্বশী পলাই থকা এই অঞ্চল উত্তৰ পাৰলৈ পৰিৱৰ্তন হয়। শিৱভক্ত দন্দি ৰজাই সেই অঞ্চলতে এটা পুখুৰী খান্দে আৰু শিৱৰ উপাসনাৰ বাবে এটা দৌল নিৰ্মান কৰে। এই দৌলৰ নাম দন্দি দৌল আৰু পুখুৰীৰ নাম দন্দি পুখুৰী ৰখা হৈছিল। পিছত দন্দি শব্দটো মুখ বাগৰি ধন্দি ৰূপ লয়গৈ।
তথ্যসূত্ৰ
- ↑ List of Monuments of National Importance as published by the Archaeological Survey of India
- ↑ List of Ancient Monuments and Archaeological Sites and Remains of Assam - Archaeological Survey of India. asi.nic.in
- ↑ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা, ভাৰতৰ পুৰাতত্ত্ব অনুসন্ধান বিভাগ
- ↑ (১৯৯০). বুৰঞ্জীয়ে গৰকা বিশ্বনাথ প্ৰান্তৰ
- ↑ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগ, গুৱাহাটী চক্ৰ. ধন্দি দৌল, ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগ, গুৱাহাটী চক্ৰ. Archaeological Survey of India
- ↑ বুঢ়াগোহাঁই, নবীন,. (নৱেম্বৰ, ২০২১, ISBN: 978-93-91060-9, amzn.eu/d/dhh7DQS). "আহোম যুগৰ দৌল আৰু ইয়াৰ স্থাপত্য-কলা". বনলতা,. পৃ. ৩৩৭-৩৩৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধন্দি দৌল” প্ৰবন্ধৰ সংশোধন ৫০৮৩৫৬ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।