অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দৈয়ন দিয়া

দৈয়ন দিয়া( Doiyan Diya) অসমীয়া সমাজৰ বিবাহৰ এক পালনীয় আচাৰ৷ দৰা কইনা দুয়োৰে ঘৰতে এই আচাৰ পালন কৰে৷ ই সম্পূৰ্ণ নাৰীকেন্দ্ৰিক লোকাচাৰ৷ অসমীয়া সমাজত বিয়া বিভিন্ন পৰ্বৰ মাজেৰে শেষ হয়৷ তাৰ ভিতৰৰে দৈয়ন দিয়াও এক পৰ্ব যদিও আজিকালি বহুতে এই পৰ্ব পালন নকৰাকৈ থকা দেখা যায়৷ দৈয়ন দিয়াৰ সময় কাহিলি…

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৩ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

দৈয়ন দিয়া( Doiyan Diya) অসমীয়া সমাজৰ বিবাহৰ এক পালনীয় আচাৰ৷ দৰা কইনা দুয়োৰে ঘৰতে এই আচাৰ পালন কৰে৷ ই সম্পূৰ্ণ নাৰীকেন্দ্ৰিক লোকাচাৰ৷ অসমীয়া সমাজত বিয়া বিভিন্ন পৰ্বৰ মাজেৰে শেষ হয়৷ তাৰ ভিতৰৰে দৈয়ন দিয়াও এক পৰ্ব যদিও আজিকালি বহুতে এই পৰ্ব পালন নকৰাকৈ থকা দেখা যায়৷ দৈয়ন দিয়াৰ সময় কাহিলি পুৱা৷ বিয়াৰ দিনা চৰাই-চিৰিকটি বাহৰ পৰা বাজলৈ ওলোৱাৰ আগতে দৰা বা কইনাক দৈয়ন দিয়া হয়৷

সামগ্ৰী

দৈয়ন দিয়াৰ বাবে কেইবিধমান সামগ্ৰীৰ প্ৰয়োজন৷ এখন কাঁহৰ কাঁহীত আগগুৰি নকটা পাণ কেইখিলামান, তিল আৰু বাতি এটাত দৈ অলপ ল’ব লাগে৷১ কলপাত, পটাগুটি, পানী তোলা ঘট, দুণৰিত চাকি জ্বলাই পীৰাৰ কাষতে থ’ব লাগে৷২

নিয়ম

দৰা বা কইনা শোৱা কোঠাৰ দুৱাৰমুখত পীৰা এখন পাৰি দৰা বা কইনাক বহুওৱা হয়৷ কোনো কোনোৱে কইনাক ডাংকোলাকৈ ডাঙি আনি পীৰাত বহুৱায়৷ দুৱাৰত ওলমি থকা পৰ্দাৰ সিপাৰে মাক বা খুৰীয়েক থাকে৷ পৰ্দা নাথাকিলে দৈয়ন লওঁতাৰ মুখ নেদেখাকৈ এগৰাকী আয়তীয়ে এখন চাদৰ ওলোমাই ধৰে৷ দৈয়ন দিওঁতে দিওঁতাই লওঁতাৰ মুখ দেখা পাব নালাগে৷ দৈয়নৰ কাঁহীখনৰ পৰা তিল মিলোৱা দৈত পাণ দুখিলা জুবুৰিয়াই পৰ্দাৰ ইপাৰৰ পৰা মাকে পৰ্দাৰ দুয়োকাষে হাত সুমুৱাই কইনা বা দৰাৰ গাল, আঁঠু আৰু পৰা ভৰিপতাত সানি দিয়ে৷ এনেদৰে তিনিবাৰ দিব লাগে৷ এনেদৰে দি প্ৰতিবাৰে পাণখিলা মাকে নিজৰ গাৰ ফালে আনিব লাগে৷ ইয়াৰ পিছত “আমাশা’’ আৰু “চাকিশা’’ দিয়ে৷ তাৰপিছত দৈয়ন লওঁতাৰ মূৰত চাউল ছটিয়াই দিয়ে৷১২ আয়তীয়ে বাৰে বাৰে উৰুলি দিয়ে৷ লগতে বিয়ানামো গায়৷ নামতী-আই৩ নামৰ বিয়ানামৰ পুথিখনত বিয়াৰ বিভিন্ন পৰ্বৰ নাম সন্নিৱিষ্ট কৰা আছে৷ আয়তীৰ উৰুলিত বিয়াঘৰৰ সকলোৱে সাৰ পাই উঠি দৈয়ন দিয়া ঠাইলৈ আহি দৰা বা কইনাৰ গাত দৈ সানে৷ তাৰপিছত সকলোৱে খেদা-খেদি কৰি ইটোৱে সিটোৰ গাত দৈ সানি ধেমালি কৰে৷১৪ কিছুমান সমাজত পালনীয় আচাৰ কিছু পৃথককৈ কৰা হয়৷ অসমৰ কৈৱৰ্ত সমাজত কাঁহৰ বাতিত দৈ লৈ পোনতে সাতগৰাকী আয়তীয়ে দৰা বা কইনাৰ গাত দৈয়ন দিয়ে৷ শেষত মাকে দিয়ে৷ দৈয়ন দিয়াৰ পিছত মাকে ৰিহাৰ আঁচলেৰে ধৰি দৰা বা কইনাক পীৰাৰ পৰা সাতখোজ আগলৈ নমাই আনে৷ তাৰপিছত দৰা কইনাই মাকক সেৱা কৰে৷৫

তথ্যসূত্ৰ

  1. ↑ বৰদলৈ, নিৰ্মলপ্ৰভা. (২০০৪). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃ. ২৬
  2. ↑ “অসমীয়া সমাজত বিয়ানামৰ প্ৰভাৱ’’ ৪ৰ্থ খণ্ড
  3. ↑ নামতী আই
  4. ↑ বৰা, ড° ভদ্ৰকান্ত. (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃ. ৩৯. ISBN 978-81-928310-0-8
  5. ↑ বৰা, নিতুমণি. (২০২২). কৈৱৰ্তসকলৰ বিবাহ পদ্ধতি এক ক্ষেত্ৰভিত্তিক অধ্যয়ন. নৱোন্মেষ

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতিবিবাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈয়ন দিয়া” প্ৰবন্ধৰ সংশোধন ৩৯৫৫১১ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।