দেবানন্দ ভৰালি (Devananda Bharali; (১৮৮৩ - ১৯৭২) কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষাবিদ আৰু সাহিত্যিক। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে প্ৰথমে মৌলিক গৱেষণালব্ধ কিতাপ প্ৰণয়ন কৰিছিল। ঊষা, বাঁহী আদি আলোচনীত নিয়মীয়াকৈ প্ৰৱন্ধ লিখাৰ লগতে তেখেতে ছেক্ছপীয়েৰৰ মেকবেথ নাটকখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।
চমু জীৱনী
দেবানন্দ ভৰালিৰ জন্ম হৈছিল অসমৰ শিৱসাগৰত। তেখেতৰ পিতৃৰ নাম ইশানন্দ ভৰালী। শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা এন্ট্ৰেন্স পাছ কৰি কোচবিহাৰ কলেজৰপৰা ১৯০৪ চনত বি.এ. পাছ কৰে। ১৯০৬ চনত তেখেতে ছাব-ডেপুটি কালেক্টৰ পদত নিযুক্ত হয়। ২০ বছৰ পাছত ১৯২৬ চনত তেখেতে চাকৰিৰপৰা অৱসৰ লয়।১
সাহিত্যিক অৱদান
দেবানন্দ ভৰালিয়ে অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে তিনিখন মৌলিক গৱেষণালব্ধ গ্ৰন্থ প্ৰকাশ কৰিছিল। লগতে ইংৰাজী ভাষাত অসমীয়া ব্যাকৰণৰ পুথিও প্ৰণয়ন কৰিছিল। তেখেতে উষা, বাঁহী আদি আলোচনীত প্ৰৱন্ধ-পাতি লিখিছিল। 'মিৰি' ছদ্মনামত তেখেতে কবিতা আলোচনী 'আলোচনী'ত কবিতা লিখিছিল। একেখন আলোচনীতে তেখেতে 'বিহু' নাটিকা এখন ধাৰাবাহিক ভাৱে লিখিছিল। ইয়াৰোপৰি তেখেতে ছেক্সপীয়েৰৰ 'মেকবেথ'ৰ প্ৰভাৱত 'ভীমদৰ্প' নামে এখন নাটক ৰচনা কৰিছিল।২ 'শ্ৰীমন্ত শংকৰ' তেখেতৰ ৰচিত আন এখন নাটক।১
সাহিত্যিক কৰ্মৰাজি
ভাষা-তত্বৰ পুথি
- Assamese Grammar in English (১৯০৭)
- অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি (১৯১২)
- A Study of the Phonology and Vocabulary of Assamese Language (১৯৫৯)
নাটক
- ভীমদৰ্প (১৯১০)
- শ্ৰীমন্ত শংকৰ (১৯৪৪)
- বিহু (নাটিকা)
উপন্যাস
- চীনা লুইতৰ পাৰে পাৰে (১৯৭২)
বাহ্যিক সংযোগ
- দেবানন্দ ভৰালিৰ 'অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি' গ্ৰন্থৰ সম্পূৰ্ণ পাঠ্য archive.org-ত উপলব্ধ।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (১৯৯২). অসমীয়া জীৱনী অভিধান, চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃলিঃ, গুৱাহাটী, প্ৰথম সংস্কৰণ, পৃঃ ১২৮-২৯
- ↑ indianreview.in/shakespeare-in-assamese-navakant Baruah, Navakanta. Shakespeare in Assamese আহৰণ কৰা তাৰিখঃ ১৭-০১-২০১৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেবানন্দ ভৰালি” প্ৰবন্ধৰ সংশোধন ৫৫৩৫৭০ (১৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।