অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
মফজ্জ্বল হুছেইন
মফজ্জ্বল হুছেইন চমুকৈ এম হুছেইন (জ. ২৯ জানুৱাৰী, ১৯৪৪ - মৃ. ৯ ছেপ্টেম্বৰ, ১৯৯৯) অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ আছিল। শৈশৱত বিষধৰ সাপ ধৰি ভাল পোৱা মফজ্জ্বল হুছেইনে কিশোৰ অৱস্থাত ঘৰৰপৰা আঁতৰি গৈ ডেৰাডুনত যাদুকৰ ধৰমৰাজ গৰ্গিয়াৰৰ ওচৰত যাদুৰ কলা আয়ত্ব কৰিছিল।
-
মল্লিকা ফুল
মল্লিকা (বৈজ্ঞানিক নাম: Jasminum sambac) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। এই প্ৰজাতিৰ গছৰ উচ্চতা এক মিটাৰ হ’ব পাৰে। পাত একক, ডিম্বাকাৰ, ৪-৮ চেমি দীঘল হয়। পাত গাঢ়-সেউজীয়া আৰু মসৃণ। গ্ৰীষ্ম আৰু বৰ্ষাকালত ইয়াৰ থোকাত কেইবাপাহীকৈ ফুল ফুলে। ফুলৰ আকাৰ আৰু গঠন অনুসৰি কেইবাটাও জাত আছে।
-
মহম্মদ চালেহ আকবৰ হাইদৰী
ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, (১২ অক্টোবৰ ১৮৯৪ – ২৮ ডিচেম্বৰ ১৯৪৮) এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা। তেওঁ ব্ৰিটিছ চৰকাৰে শেষ নিযুক্তি দিয়া আৰু প্ৰথম ভাৰতীয় অসমপ্ৰদেশৰ ৰাজ্যপাল। তেওঁ স্বাধীন ভাৰতত অসম প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কৰ্মৰত হয়।
-
মহম্মদ পিয়াৰ
মহম্মদ পিয়াৰ (Mahammad Piar; ১৯২৩- ২০০৮) অসমৰ এগৰাকী শিক্ষাবিদ, কবি আৰু ঔপন্যাসিক। কুৰি শতিকাৰ ৫০ জন ঔপন্যাসিকৰ ভিতৰত পিয়াৰক স্থান দিয়া হয়। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে পিয়াৰে তেওঁৰ প্ৰথমখন কাব্য সংকলন আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথমখন উপন্যাস ‘প্ৰীতি-উপহাৰ’ লিখি উলিয়াইছিল।
-
মহাকবি কালিদাসৰ ৰঘুৱংশম্
মহাকবি কালিদাসৰ ৰঘুৱংশম্ এখন অসমীয়ালৈ অনূদিত গ্ৰন্থ। মহাকবি কালিদাসৰ সংস্কৃত ভাষাত ৰচিত ৰঘুবংশম কাব্যখনৰ অসমীয়া ভাষালৈ সম্পূৰ্ণ অনুবাদ কৰি উলিয়াইছে কবি কৌস্তুভমণি শইকীয়া দত্তই।
-
মহাদেৱ ডেকা
মহাদেৱ ডেকা (ইংৰাজী: Mahadev Deka) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত ২০০৯ বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
-
মহামায়া ধাম
মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ।
-
মাইনী মহন্ত
মাইনী মহন্ত (Maini Mahanta) অসমীয়া মাহেকীয়া মহিলা আলোচনী নন্দিনীৰ সম্পাদকৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশক৷ তেওঁৰ প্ৰকাশিত সংকলনসমূহ হ’ল- “পৃথিৱীৰ শেষ ষ্টেচন আৰু অন্য এখন ছবি”, “নৈঃশব্দত তেওঁ আৰু জয়া”, “শেতেলী পৰৰ সাধু” (শিশু সাহিত্য), “প্ৰথমজাক বৰষুণ”, “ভালপোৱা”, “প্ৰিয় বন্ধু…
-
মাকুম বিধানসভা সমষ্টি
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ৰূপেশ গোৱালাই এই সমষ্টিৰ প্ৰথম বিধায়ক হিচাপে বিজয় সাব্যস্ত কৰে। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল: তিনিচুকীয়া জিলা অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
-
মাজবাট বিধানসভা সমষ্টি
মাজবাট বিধানসভা সমষ্টি (ইংৰাজী: Majbat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
মাজুলী মহাবিদ্যালয়
মাজুলী মহাবিদ্যালয় (Majuli College) হৈছে নদীদ্বীপ মাজুলীৰ কমলাবাৰীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬২ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ থকাৰ লগতে ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (চমুকৈ UGC) দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
মাটি কাঞ্চন
মাটি কাঞ্চন, বগা কাঞ্চন, মাটি কঁটৰা বা শ্বেত কাঞ্চন (: Dwarf White Bauhinia, White Orchid-tree আৰু Snowy Orchid-tree) (বৈজ্ঞানিক নাম: Bauhinia acuminata) হৈছে Fabaceae পৰিয়ালৰ এবিধ গুল্মৰ প্ৰজাতি।
-
মাটিৰ স্বৰ্গ
মাটিৰ স্বৰ্গ ( Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।
-
মাধৱ থান
শ্ৰী শ্ৰী মাধৱ থান অসমৰ এখন ধৰ্মস্থান। ই নগাওঁ জিলাৰ কামপুৰ নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে মাধৱপাৰা পাহাৰৰ ওচৰত লাংপি (কাৰ্বি), চীনা বা বৰাপানী নদীৰ পাৰত অৱস্থিত। কিংবদন্তিমতে এই স্থানত শ্ৰীকৃষ্ণ (মাধব) আৰু অৰ্জুনে এবাৰ জিৰণি লৈছিল।
-
মানকাচৰ বিধান সভা সমষ্টি
মানকাচৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ইয়াৰ উপৰিও ই ধুবুৰী লোকসভা সমষ্টিৰ অংশ। এই সমষ্টিটোৰ নাম সলনি কৰি ২০২৩ চনত দক্ষিণ শালমাৰা নামেৰে নামাকৰণ কৰা হয়।
-
মানাহ বিধানসভা সমষ্টি
মানাহ বিধানসভা সমষ্টি (ইংৰাজী: Manas Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত বাক্সা জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।
-
মামণি ৰয়ছম গোস্বামীৰ উপন্যাস
মামণি ৰয়ছম গোস্বামী অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।। গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল।
-
মায়া (শ্ৰব্য এলবাম)
মায়া হৈছে ১৯৯৪ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ, কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্যৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।
-
মালৌপথাৰ
মালৌপথাৰ হৈছে যোৰহাট জিলাৰ এখন ঐতিহাসিক ঠাই। এই অঞ্চলৰ খুটীয়াপোতা নামৰ ঠাইটুকুৰা মোৱামৰীয়া বিদ্ৰোহৰ পীঠস্থান আছিল।
-
মাহমৰা বিধানসভা সমষ্টি
মাহমৰা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৪ হৈছে মাহমৰা বিধানসভা সমষ্টিৰ ক্ৰমাংক। মাহমৰা শিৱসাগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
মাৰাট লংৰি অভয়াৰণ্য
মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। ধনশিৰি-লাংডিং হস্তী প্ৰকল্পৰ ই এক উল্লেখযোগ্য অংশ। ডিফুৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত মৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ৪৫১ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত।
-
মিনতি বৰঠাকুৰ
মিনতি বৰঠাকুৰ (জন্ম: ১৯৪৭ চন) অসমৰ এগৰাকী অধ্যাপক, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা, সমাজ সেৱক। তেখেতৰ পিতৃৰ নাম ভূমিদেৱ গোশ্বামী আৰু মাতৃৰ নাম মোক্ষদা দেৱী। তেওঁৰ পিতৃ কৰ বিভাগত চাকৰি কৰিছিল।
-
মিনীমাতা
মিনীমাতা (Minimata; ১৯১৩-১৯৭২) আছিল সৎনামী সমাজৰ গুৰুমাতা।
-
মিৰিকা টেঙা
মিৰিকা টেঙা বা বন জৰা (Silver berry, বৈজ্ঞানিক নাম: Elaeagnus caudata Schltdl.) এবিধ চিৰসেউজ গুল্মজাতীয় সপুষ্পক উদ্ভিদ। মিৰিকা টেঙা অসমত প্ৰাকৃতিকভাৱে গজে। ইয়াৰ ফল খাদ্যৰ উপযোগী। মিচিং ভাষাত ইয়াক বিৰাই এছিং আৰু কাৰ্বি ভাষাত ছোলেঙি এৰিকং বোলা হয়।
-
মীনা আগৰৱালা
মীনা আগৰৱালা (১৫ ডিচেম্বৰ, ১৯২৪ – ১৪ জুলাই, ২০১৪) এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল। তেজপুৰ মহিলা সমিতিৰ হৈ পঞ্চাশ বছৰতকৈও অধিক কাল তেখেতে নানা সামাজিক কাম-কাজত অংশ লৈছিল। ১৯৫০ৰ দশকত তেখেত জিলা সামাজিক উন্নয়ন সমিতিৰ অধ্যক্ষা আছিল।
-
মুকুন্দ ৰাজবংশী
ড° মুকুন্দ ৰাজবংশী (Dr.Mukunda Rajbongshi) হৈছে এগৰাকী অসমীয়া লেখক৷ তেখেতৰ ঘৰ লখিমপুৰ জিলাত৷ ডঃ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।
-
মুকুলচন্দ্ৰ গোস্বামী
মুকুল চন্দ্ৰ গোস্বামী (Mukul Chandra Goswami) ভাৰতৰ এগৰাকী সমাজ সেৱক। তেওঁ মানসিক ৰোগী সকলক আশ্ৰয় আৰু পুনৰ্প্ৰতিষ্ঠাৰ বাবে অশ্বদ্বীপ (Ashadeep) নামৰ এটা বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰে। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
-
মুঠিখাৰু
মুঠিখাৰু হৈছে অসমীয়া নাৰীয়ে হাতৰ মণিবন্ধত পৰিধান কৰা একপ্ৰকাৰৰ পৰম্পৰাগত অলংকাৰ। এই খাৰু কেইবাডালো চেপেতা বালা লগ লগাই সজা হয় আৰু পিন্ধাৰ সময়ত হাতখন মুঠি মাৰি লোৱা হয়। কেতিয়াবা গামখাৰুৰ সৈতে মুঠিখাৰুৰ সাদৃশ্য দেখা যায়।
-
মুনীন ভূঞা
মুনীন ভূঞা (১৯৪৭-২০০৪) অসমীয়া নাট্য জগতৰ এগৰাকী নাট্যকাৰ আৰু পৰিচালক। ১৯৭৬ চনত আকাশবাণী ডিব্ৰগড় কেন্দ্ৰত তেখেতে পাণ্ডুলিপি লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত সহকাৰী উপ-সঞ্চালক পদলৈকে পদোন্নতি লাভ কৰিছিল। তেখেতৰ উল্লেখযোগ্য নাটককেইখন হৈছে - জৰৌৰৌৱা পৰজা, হাতী আৰু ফান্দী আৰু সন্ধিক্ষণ।
-
মেচ জনগোষ্ঠী
মেচ জনগোষ্ঠী দক্ষিণ এছিয়াৰ বড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতৰ অসম আৰু পশ্চিম বংগৰ লগতে নেপালত মেচ সকলৰ বসতি আছে। মেচ সকলৰ প্ৰথম উল্লেখ ত্ৰয়োদশ শতিকাত পোৱা গৈছে। তাত তেওঁলোকক কোচ ৰয় থাৰু সকলৰ লগত উল্লেখ কৰা হৈছিল। মেচ সকল ভাৰতৰ অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে।