অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মল্লিকা ফুল

মল্লিকা (বৈজ্ঞানিক নাম: Jasminum sambac) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। এই প্ৰজাতিৰ গছৰ উচ্চতা এক মিটাৰ হ’ব পাৰে। পাত একক, ডিম্বাকাৰ, ৪-৮ চেমি দীঘল হয়। পাত গাঢ়-সেউজীয়া আৰু মসৃণ। গ্ৰীষ্ম আৰু বৰ্ষাকালত ইয়াৰ থোকাত কেইবাপাহীকৈ ফুল ফুলে। ফুলৰ আকাৰ আৰু গঠন অনুসৰি কেইবাটাও জাত আছে।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২৫ ৪৫২ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মল্লিকা (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Jasminum sambac) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। এই প্ৰজাতিৰ গছৰ উচ্চতা এক মিটাৰ হ’ব পাৰে। পাত একক, ডিম্বাকাৰ, ৪-৮ চেমি দীঘল হয়। পাত গাঢ়-সেউজীয়া আৰু মসৃণ। গ্ৰীষ্ম আৰু বৰ্ষাকালত ইয়াৰ থোকাত কেইবাপাহীকৈ ফুল ফুলে। ফুলৰ আকাৰ আৰু গঠন অনুসৰি কেইবাটাও জাত আছে। ডাল আৰু শিপাৰ পৰা পুলি গজাই খেতি কৰা হয়। শীতকালত ছাঁ দিব লাগে আৰু টাবতো ভালদৰে গজা দেখা যায়।১ ইয়াৰ ইংৰাজী নাম আৰবিয়ান জেছমিন (Arabian jasmine)। ইয়াৰ অন্য নাম বেলা, দুৱাঁমালি আদি।

বিশেষকৈ পশ্চিম এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বহু ঠাইত এই ফুলৰ খেতি কৰা হয়। মৰিচাছ, মাদাগাস্কাৰ, মালদ্বীপ, খ্ৰীষ্টমাছ দ্বীপ, চিয়াপাছ, মধ্য আমেৰিকা, দক্ষিণ ফ্ল'ৰিডা, বাহামা, কিউবা, হিস্পানিঅ'লা, জামাইকা, প'ৰ্ট' ৰিকো আৰু লেজাৰ এন্টিলিছৰ দৰে বহু ঠাইত ইয়াক প্ৰাকৃতিককৰণ কৰা হৈছে।২

মল্লিকা হৈছে ০.৫ৰ পৰা ৩ মিটাৰ (১.৬ৰ পৰা ৯.৮ ফুট) উচ্চতালৈকে গজা এবিধ সৰু জোপোহা বা লতা। ইয়াৰ আকৰ্ষণীয় আৰু মিঠা সুগন্ধি ফুলৰ বাবে ইয়াৰ খেতি বহুলভাৱে কৰা হয়। সুগন্ধি আৰু জেচমিন পানীয়ত সুগন্ধি উপাদান হিচাপে ইয়াৰ ফুল ব্যৱহাৰ কৰিব পাৰি। ই ফিলিপাইনছৰ জাতীয় ফুল, তাত ইয়াক সাম্পাগুইটা (sampaguita) বুলি জনা যায়,৩ লগতে ইণ্ডোনেছিয়াৰ তিনি বিধ জাতীয় ফুলৰ ভিতৰত ই অন্যতম, ইয়াত ইয়াক মেলাটি পুটিহ (melati putih) বুলি জনা যায়।

বিভিন্ন ভাষাত নাম

  • অসমীয়া: মল্লিকা
  • হিন্দী, মাৰাঠী: মোগৰা (मोगरा)
  • গুজৰাটী: মোগৰো (મોગરો)
  • বাংলা: বেলি ফুল
  • নেপালী: বেলী (बेली)

বিৱৰণ

মল্লিকা এবিধ ০.৫ৰ পৰা ৩ মিটাৰ (১.৬ৰ পৰা ৯.৮ ফুট) পৰ্যন্ত ওখ চিৰসেউজ লতা বা জোপোহা। সম্ভৱতঃ স্বতঃস্ফূৰ্ত উৎপৰিবৰ্ত্তন, প্ৰাকৃতিক সংকৰকৰণ আৰু অটোপলিপ্লয়ডিৰ বাবে এই প্ৰজাতিটো অতি পৰিৱৰ্তনশীল। খেতি কৰা মল্লিকাই সাধাৰণতে বীজ নিদিয়ে আৰু উদ্ভিদটোৰ বংশবৃদ্ধি কেৱল কলম, স্তৰ, মাৰ্ক'টিং আৰু অন্যান্য অযৌন বংশবৃদ্ধিৰ দ্বাৰা কৰা হয়।৪

পাতবোৰ ডিম্বাকৃতিৰ, ৪ৰ পৰা ১২.৫ চে.মি. (১.৬ৰ পৰা ৪.৯ ইঞ্চি) দীঘল আৰু ২ৰ পৰা ৭.৫ চে.মি. (০.৭৯ৰ পৰা ২.৯৫ ইঞ্চি) বহল। পাতৰ গুৰিৰ শিৰাত থকা কেইটামান চুলিৰ বাহিৰে ইহঁত মসৃণ (নোমহীন)।৫

এই ফুল গোটেই বছৰ জুৰি আৰু একেলগে ৩ৰ পৰা ১২টা গোটত ফুল ফুলে।৬ ইহঁতৰ সুগন্ধি প্ৰবল, ২ৰ পৰা ৩ চে.মি. ফুলবোৰ ৰাতি ফুলে (সাধাৰণতে সন্ধিয়া প্ৰায় ৬ৰ পৰা ৮ বজাত), আৰু ১২ৰ পৰা ২০ ঘণ্টাৰ পিছত ৰাতিপুৱা মৰহি যায়। ইয়াৰ ফল ১ চে.মি.(০.৩৯ ইঞ্চি) ব্যাসৰ আৰু বৰণ বেঙুনীয়াৰ পৰা ক'লা জামুৰ দৰে।৪

কৃষি

মিঠা, মাদকীয় সুগন্ধি মল্লিকা ফুলৰ সুকীয়া বৈশিষ্ট্য। আৰব উপদ্বীপৰ পৰা দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জলৈকে ইয়াক অলংকাৰিক উদ্ভিদ হিচাপে আৰু সুগন্ধিযুক্ত ফুলৰ বাবে ব্যাপকভাৱে খেতি কৰা হয়। বৰ্তমান ইয়াৰ বহুতো জাত আছে।

কৃষিক্ষেত্ৰত সাধাৰণতে পুৱাৰ ভাগত ফুলৰ কলিবোৰ চপোৱা হয়। ফুলৰ কলিবোৰ ৰঙৰ ভিত্তিত চপোৱা হয়, কিয়নো বতৰৰ ওপৰত নিৰ্ভৰ কৰি দৃঢ়তা আৰু আকাৰ ভিন্ন হয়। কলিবোৰ বগা হ'ব লাগে, কাৰণ সেউজীয়া কলিবোৰে ইহঁতৰ বৈশিষ্ট্যপূৰ্ণ সুগন্ধি নিৰ্গত নকৰিবও পাৰে। ফুলি থকা ফুল সাধাৰণতে চপোৱা নহয় কাৰণ তেল উলিয়াবলৈ ইয়াৰ অধিক পৰিমাণৰ প্ৰয়োজন হয় আৰু ইহঁতে সোনকালে সুগন্ধি হেৰুৱাই পেলায়।

জাত

মল্লিকা ফুলৰ অসংখ্য জাত পোৱা যায় আৰু এই জাতবোৰ পাতৰ আকৃতি আৰু দল মণ্ডলৰ গঠনৰ দ্বাৰা এটা আনটোৰ পৰা পৃথক। স্বীকৃতিপ্ৰাপ্ত জাতসমূহৰ ভিতৰত আছে:

  • মেইড অৱ অৰলিন্স (Maid of Orleans) – পাঁচ বা তাতকৈ অধিক অণ্ডাকাৰ আকৃতিৰ পাহিৰ একক স্তৰৰ ফুল ফুলে। ইয়াক সাধাৰণতে ছাম্পাগুইটা (sampaguita) আৰু পিকাকে (pikake) বুলি কোৱা হয়।৭ ইয়াক মগ্ৰাও (Mograw), মটিয়া (Motiya) বা বেলা (Bela) বুলিও কোৱা হয়।৮
  • বেলে অৱ ইণ্ডিয়া (Belle of India) – ফুলত দীঘলীয়া পাহিৰ একক বা দুটা স্তৰ থাকে।৮
  • ‘গ্ৰেণ্ড ডিউক অৱ টাস্কানী’ (Grand Duke of Tuscany) – ফুলৰ পাহিৰ সংখ্যা দুগুণ হয়। ইহঁত সৰু বগা গোলাপৰ দৰে আৰু আন জাততকৈ কম সুগন্ধিযুক্ত। ইয়াক ৰ’জ জেচমিন (Rose jasmine) আৰু বাট মগ্ৰাও (Butt Mograw) নামেৰেও জনা যায়।৮ ফিলিপাইনছত ইয়াক কাম্পুপট (kampupot) বুলি জনা যায়।৭
  • মহীশূৰ মল্লী (মুল্লী) (Mysore Malli (Mulli)) – 'বেলে অৱ ইণ্ডিয়া' জাতৰ সৈতে মিল আছে যদিও ইয়াৰ পাহি অলপ চুটি আৰু ইয়াৰ সুকীয়া আৰু অপৰিসীম সুগন্ধি থাকে।৮
  • আৰবিয়ান নাইটছ (Arabian Nights) – ইয়াৰ পাহিৰ দুটা স্তৰ থাকে যদিও ইয়াৰ আকাৰ 'গ্ৰেণ্ড ডিউক অৱ টাস্কানী' জাততকৈ সৰু।৮

তথ্যসূত্ৰ

  1. ↑ দ্বিজেন শৰ্মা, ফুলগুলি যেন কথা, বাংলা একাডেমী, ঢাকা, ডিসেম্বৰ ২০০৩, পৃষ্ঠা-৫৮।
  2. ↑ Biota of North America Program
  3. ↑ Pangilinan Jr., Leon. (3 October 2014). In Focus: 9 Facts You May Not Know About Philippine National Symbols. National Commission for Culture and the Arts
  4. ↑ Jasminum sambac (Linnaeus) Aiton, Hort. Kew. 1: 8. 1789.. Flora of China
  5. ↑ B.K. Banerji; A.K. Dwivedi. Fragrant world of Jasmine. Floriculture Today, National Botanical Research Institute
  6. ↑ Kenneth W. Leonhardt; Glenn I. Teves. (2002). Pikake A Fragrant-Flowered Plant for Landscapes and Lei Production. Ornamentals and Flowers. College of Tropical Agriculture and Human Resources (CTAHR), University of Hawai'i at Manoa
  7. ↑ Fernando C. Sanchez Jr.; Dante Santiago; Caroline P. Khe. (2010). Production Management Practices of Jasmine (Jasminum sambac (L.) Aiton) in the Philippines. Journal of the International Society for Southeast Asian Agricultural Sciences. পৃ. 126–136
  8. ↑ Jasmine. House Plants, HCC Southwest College

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লিকা ফুল” প্ৰবন্ধৰ সংশোধন ৫৬২১৪৭ (৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।