মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ধনশিৰি-লাংডিং হস্তী প্ৰকল্পৰ ই এক উল্লেখযোগ্য অংশ। ডিফুৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত মৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ৪৫১ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত। এই সংৰক্ষিত বনাঞ্চলখন ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।
ভৌগিলিক বিৱৰণ
মাৰাট লংৰি অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৪৫১ বৰ্গকিলোমিটাৰ। ই ডিফু ৰেলৱে ষ্টেচনৰ পৰা মাথোঁ ৮ কিমি দুৰত্বত অৱস্থিত।১
জলবায়ু
শীত কালত উষ্ণত ৬°চে ৰ পৰা ১২ °চে আৰু গ্ৰীষ্ম কালত ২৩ °চে ৰ পৰা ৩২ °চে লৈ হয়। গড় বাৰ্ষিক বৃষ্টিপাত ২৪১৬ মিমি।২
Background
উদ্ভিদ:
প্ৰাণী: হাতী, ঢেঁকীয়াপতীয়া বাঘ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি ইত্যাদি।৩
চৰাই-চিৰিকটি: হাড়গিলা, পাতি শগুন, বৰটোকোলা, হাইঠা ইত্যাদি।
সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ ইত্যাদি।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰাট লংৰি অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১৩৭ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।