অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
বিহুৰ সাজ-পোচাক আৰু অলংকাৰ
বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সূতা এক অপৰিহাৰ্য অংগ। বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া (ধুতি) পৰিধান কৰে। পুৰুষৰ দেহৰ উৰ্ধাংশ হাত কটা চোলা বা কামিজ পিন্ধে।
-
বিৰসিং জৰুৱা বিধানসভা সমষ্টি
বিৰসিং জৰুৱা বিধানসভা সমষ্টি উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ ১২৬ বিধানসভা আসনৰ এখন সমষ্টি। বিৰসিং জৰুৱা ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ই ২০২৩ চনৰ আগত ২২ নং দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অংশ আছিল।
-
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত গৃহীত কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক, ২০২০ৰ অধীনত স্থাপন কৰিছে।
-
বুঢ়া চাপৰি অভয়াৰণ্য
বুঢ়া চাপৰি অভয়াৰণ্য (Bura Chapori Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।
-
বুঢ়ীগোঁসানী দেৱালয়
বুঢ়ীগোঁসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোঁসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল।
-
বুম্বা ৰাইড
বুম্বা ৰাইড (Boomba Ride) ২০২১ চনত চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা মিচিং সমাজৰ পটভূমিত নিৰ্মিত এখন অসমীয়া-মিচিং চলচ্চিত্ৰ। পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। বুম্বা ৰাইড বুম্বা নামৰ এটি শিশু আৰু তেওঁৰ বিদ্যালয়খনৰ কাহিনী।
-
বেঙেনাআটী সত্ৰ
বেঙেনাআটী সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য়ভাগত অৱস্থিত এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত এই বেঙেনাআটী সত্ৰখনৰ ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্ব আছে। পুৰুষ সংহতিৰ অন্তৰ্গত এই সত্ৰখনি ১৬৫৩ খ্ৰীঃত মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল।
-
বেলকনিত ভগৱান
বেলকনিত ভগৱান ( God on the Balcony) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, লিখিত আৰু সম্পাদিত এখন ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰথমটো প্ৰিমিয়াৰ হয়৷ মইনা প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে নুৰুল…
-
বেলিমাৰ (নাটক)
বেলিমাৰ (Belimar) নাটকখন হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক নাটক। এই নাটকখনত অসমৰ জাতীয় জীৱনৰ ট্ৰেজেডিৰ ইতিহাস ওপৰত ৰচিত। ইয়াত ব্যক্তি বিশেষৰ ট্ৰেজেডি প্ৰতিফলিত হোৱা নাই।
-
বৈঠালাংছ'
বৈঠালাংছ অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁও আৰু অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ জনবসতি কেন্দ্ৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি বৈঠালাংছ'ৰ মুঠ জনসংখ্যা ১,৯৮৭ জন আৰু মুঠ পৰিয়ালৰ সংখ্যা ৪০৬টা। গাঁওখনৰ ভৌগোলিক এলেকা প্ৰায় ১৯৮ হেক্টৰ।
-
বোকাখাত মহকুমা
বোকাখাত মহকুমা (Bokakhat Sub division) হৈছে গোলাঘাট জিলাৰ তিনিটা মহকুমাৰ ভিতৰত অন্যতম। ১৯৯২ চনত গোলাঘাট মহকুমাৰ পৰা ফালি আনি প্ৰথমতে ৰঙামাটি, মহুৰা, খুমটাই মৌজাৰ একাংশ, বোকাখাত আৰু কাজিৰঙা মৌজাক লৈ এই মহকুমাৰ গঠন কৰা হৈছিল।
-
বোকাজান বিধানসভা সমষ্টি
বোকাজান বিধানসভা সমষ্টি (ইংৰাজী: Bokajan Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড (Brahmaputra Valley Fertilizers Corporation Limited) ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৰাসায়নিক সাৰ উৎপাদন কৰা উদ্যোগ। এই সাৰ কাৰখানা ডিব্ৰুগড় জিলাৰ নামৰূপত অৱস্থিত।
-
ব্ৰিজ (অসমীয়া চলচ্চিত্ৰ)
ব্ৰিজ (Bridge) ২০২২ চনত মুক্তি পোৱা এখন নাট্যধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৃপাল কলিতাৰ। ছবিখন বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰিও ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও (২০২০) লাভ কৰিবলৈ সক্ষম হয়।
-
বৰ থেকেৰা
বৰ থেকেৰা(Garcinia pedunculata) এবিধ টেঙা ফল লগা চিৰসেউজ গছ। ই ঘাইকৈ এছিয়াৰ দক্ষিণ-পূব অঞ্চল বিশেষকৈ ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমীয়া জন জীৱন আৰু খাদ্য প্ৰণালীত থেকেৰাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ লাগিছে।
-
বৰক্ষেত্ৰী বিধানসভা সমষ্টি
বৰক্ষেত্ৰী বিধানসভা সমষ্টি (ইংৰাজী: Barkhetri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই সমষ্টিটো নলবাৰী জিলাৰ অন্তৰ্গত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।
-
বৰখোলা বিধানসভা সমষ্টি
বৰখোলা বিধানসভা সমষ্টি (ইংৰাজী: Borkhola Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
বৰছলা বিধানসভা সমষ্টি
বৰছলা বিধানসভা সমষ্টি (ইংৰাজী: Barchalla Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
বৰদৈবাম বিলমুখ পক্ষী উদ্যান
ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান (Bordoibam Bilmukh Bird Sanctuary) অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে।
-
বৰযদুমণিদেৱ
বৰযদুমণিদেৱ অসমৰ এজন বৈষ্ণৱ অনুগামী, সত্ৰ প্ৰতিষ্ঠাতা, গোপালদেৱে পতা বাৰজন বৈষ্ণৱ বা বাৰ আতাৰ অন্যতম ৷
-
বৰশী (চলচ্চিত্ৰ)
বৰশী (Borosi) মঞ্জুশ্ৰী ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ উদ্যোগত দেৱাশীষ গোস্বামীৰ প্ৰযোজনা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাত নিৰ্মিত অসমীয়া কথাছবি। ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী দীনেশ গোস্বামীৰ ৰচনা কৰা কাহিনীৰ আধাৰত কথাছবি খন নিৰ্মাণ হৈছে। ২০১৪ চনৰ ১৮ এপ্ৰিলত বৰশী মুক্তি পাইছিল।
-
বৰহাইঠা
বৰহাইঠা (Thick-billed Green Pigeon, বৈজ্ঞানিক নাম: Treron curvirostra) হাইঠা চৰাইৰ এটা প্ৰজাতি। ই সাধাৰণতে জাক পাতি বাস কৰে।
-
বৰীশেন
)]] বৰীশেন (Shikra, বৈজ্ঞানিক নাম-Accipiter badius) এবিধ সৰু আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' গোটৰ অন্তৰ্ভুক্ত আৰু এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত৷ ইয়াৰ মাতটো তীক্ষ্ণ আৰু দুটা নোট (note) সম্পন্ন৷ বৰীশেনৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ই দীঘলে প্ৰায় ২৬-৩০ ছে:মি:৷ ইয়াৰ…
-
ভ
ভ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৪ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ভ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ভ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ভঁৰালী নামঘৰ
ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ ভৰালী গাঁৱত অৱস্থিত। হাটবৰৰ পৰা ২ কিলোমিটাৰ নিলগত আছে ভৰালী গাওঁ। নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ, অসম ইতিহাসৰ উল্লেখযোগ্য স্থান ভৰালী গাওঁ। গাওঁ খনৰ অধিকাংশ মানুহেই কৃষিজীবি আৰু একশৰণীয় ধৰ্মৰে দীক্ষিত।
-
ভক্তৰডবা
ভক্তৰডবা (Bhaktardoba) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন বজাৰ। ই কালদিয়া নদীৰ পাৰত অৱস্থিত। কাষৰীয়া গাঁওসমূহৰ ভিতৰত নলীগাঁও, হেলচাৰ পাম, নলীৰ পাম, নলীৰ পাথাৰ, কাৱৈমাৰী ব্লক নং ৯, কাৱৈমাৰী ব্লক নং ১০, পিঠাদী গাঁও আৰু পিঠাদী পাম।
-
ভণিতা দাস
ভণিতা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ লগত জড়িত। ২০১৭ চনৰ ভিলেজ ৰকষ্টাৰ্ছত ধুনুৰ চৰিত্ৰত অভিনয় কৰি চাৰিখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসহ বহুতো বঁটা লাভ কৰাৰ বাবে তেওঁ পৰিচিত। এই চলচ্চিত্ৰখন ৯১তম একাডেমী বঁটা বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপেও নিৰ্বাচিত হৈছিল।
-
ভবেশ কলিতা
ভবেশ কলিতা (জন্ম ১ মাৰ্চ ১৯৭২) ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰী পৰ্য্যন্ত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক প্ৰদেশৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হয়।
-
ভাল পাব নাজানিলো
ভাল পাব নাজানিলো (Bhal Pabo Najanilu) হৈছে ২০১৩ চনৰ ২০ চেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ৷ ঋতুৰং মাল্টিমিডিয়াৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিচালনা ঋতুৰাজ দত্তৰ। সংগীত পৰিচালনা আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ। ছবিৰ নায়ক এজন আঢ্যৱন্ত যুৱক আৰু আইনৰ ছাত্ৰ।
-
ভাষা-বিজ্ঞানৰ ভূমিকা
ভাষা-বিজ্ঞানৰ ভূমিকা ভাষা বিষয়ক মৌলিক গ্ৰন্থখনৰ ৰচক হ'ল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮০ চনৰ ডিচেম্বৰ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল মণিকূট প্ৰকাশ। প্ৰথম সংখ্যা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী সময়ত বহু কেইটা সংস্কৰণ প্ৰকাশ হৈছে। শেহতীয়া সংস্কৰণ প্ৰকাশ হৈছে ২০১৫ চনত।