অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুকুলচন্দ্ৰ গোস্বামী

মুকুল চন্দ্ৰ গোস্বামী (Mukul Chandra Goswami) ভাৰতৰ এগৰাকী সমাজ সেৱক। তেওঁ মানসিক ৰোগী সকলক আশ্ৰয় আৰু পুনৰ্প্ৰতিষ্ঠাৰ বাবে অশ্বদ্বীপ (Ashadeep) নামৰ এটা বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰে। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মুকুল চন্দ্ৰ গোস্বামী (Mukul Chandra Goswami) ভাৰতৰ এগৰাকী সমাজ সেৱক। তেওঁ মানসিক ৰোগী সকলক আশ্ৰয় আৰু পুনৰ্প্ৰতিষ্ঠাৰ বাবে অশ্বদ্বীপ (Ashadeep) নামৰ এটা বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰে।১ ২০১৪ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।২

চমু জীৱনী

মুকুলচন্দ্ৰ গোস্বামীয়ে প্ৰথমতে বেংকত কাৰ্য্যনিৰ্বাহ কৰিছিল। পৰৱৰ্ত্তীকালত তেওঁ সেই চাকৰি ত্যাগ কৰি ১৯৯৬ চনত নিজৰ বাসগৃহতে ‘অশ্বদীপ’ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে। পিছলৈ এই সংগঠনেই বিস্তাৰ লাভ কৰে আৰু মানসিক ৰোগীসকলৰ বাবে প্ৰতিষ্ঠা কৰা অন্য এক গৃহ ‘ৰশ্মি’, মানসিক ৰোগীৰ পুনৰ্প্ৰতিষ্ঠানৰ বাবে থকা ‘নৱচেতনা’ আৰু বয়োজ্যষ্ঠসকলৰ দৈনিক প্ৰতিপালনৰ বাবে থকা ‘প্ৰশান্তিলয়’ আদিকো সামৰি লয়।১৩৪

বঁটা আৰু সন্মান

  • পদ্মশ্ৰী বঁটা (২০১৪), ভাৰত চৰকাৰ২

তথ্যসূত্ৰ

  1. ↑ (2005). Telegraph India. Telegraph India
  2. ↑ (2014). Assam Tribune. Assam Tribune
  3. ↑ (2014). Harmony India. Harmony India
  4. ↑ (2014). search/profile/person?personId=547520064&targetid=profile Zoom Info. Zoom Info

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ সমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুকুলচন্দ্ৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৪০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।