অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুকুন্দ ৰাজবংশী

ড° মুকুন্দ ৰাজবংশী (Dr.Mukunda Rajbongshi) হৈছে এগৰাকী অসমীয়া লেখক৷ তেখেতৰ ঘৰ লখিমপুৰ জিলাত৷ ডঃ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ড° মুকুন্দ ৰাজবংশী (Dr.Mukunda Rajbongshi) হৈছে এগৰাকী অসমীয়া লেখক৷ তেখেতৰ ঘৰ লখিমপুৰ জিলাত৷ ডঃ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। বৰ্তমান তেখেত জিনিয়াছ একাডেমীৰ পৰিচালন সম্পাদক হিচাপে কৰ্মৰত৷

জন্ম আৰু বংশ পৰিচয়

ডঃ মুকুন্দ ৰাজবংশীৰ জন্ম হৈছিল ১৯৪১ চনৰ ১ নৱেম্বৰ তাৰিখে,ডিব্ৰুগড়ত।১

শিক্ষা

ডঃ মুকুন্দ ৰাজবংশীদেৱে ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম. এছ.চি. আৰু ১৯৮২ চনত হায়দৰাৱাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।২

চাকৰি জীৱন

ডঃ মুকুন্দ ৰাজবংশীদেৱ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। বৰ্তমান তেওঁ উত্তৰ লখিমপুৰ অৱস্থিত জিনিয়াছ একাডেমি জুনিয়ৰ কলেজৰ পৰিচালন সম্পাদক।৩

গ্ৰন্থৰ তালিকা

প্ৰকাশিত পুথি:-

(১) নতুন যুগৰ নতুন শিক্ষা

(২) আধুনিক শিক্ষাৰ বলিচাপৰিত

(৩) বিজ্ঞান সংস্কৃতি (দ্বিতীয় সংস্কৰণ)

(৪) সফল জীৱনৰ অভিমুখে

(৫) গণিতৰ কিছু কথা

(৬) জ্ঞানৰ প্ৰাচুৰ্য

(৭) সাংবাদিক জীৱনত এভুমুকি

সম্পাদিত পুথি:-

(৮) Science Education (In the pursuit of New Education Policy) (প্ৰকাশক:- Lakhimpur Science Society)

(৯) Sister Nivedita (প্ৰকাশক:- Vivekananda Kendra Institute of Culture)৪

তথ্যসূত্ৰ

  1. ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
  2. ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
  3. ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮
  4. ↑ "আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুকুন্দ ৰাজবংশী” প্ৰবন্ধৰ সংশোধন ৬২৯৭৩৮ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।