অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
মেজাংকৰি
মেজাংকৰি (বৈজ্ঞানিক নাম: Litsea citrata) ল'ৰেচি (Lauraceae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷ এই গছজোপা ভাৰত, ভিয়েটনাম আৰু চীনৰ থলুৱা উদ্ভিদ৷
-
মেনকা পি পি বৰা
মেনকা প্ৰফুল্ল প্ৰসাদ বৰা চমুকৈ মেনকা পি পি বৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যপটীয়সী। ইয়াৰ লগতে তেওঁ কেৰালাৰ সমৰনৃত্যকলা কলৰীপায়াট্টুৰ এগৰাকী শিল্পী।
-
মেৰেং
মেৰেং ( Mereng) হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১০ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনে উপন্যাসখন প্ৰথম প্ৰকাশ কৰি উলিয়ায়। ইন্দিৰা মিৰিৰ জীৱনক কেন্দ্ৰ কৰি মূলতঃ এই উপন্যাসখন লিখা হৈছিল।
-
মৌতম
মৌতম হৈছে ২০১১ চনত প্ৰকাশিত এখন গ্ৰন্থ। লিখক মৃণাল তালুকদাৰে একেলগে বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীসকলৰ উদ্দেশ্য, সমস্যা, চৰকাৰৰ সৈতে শান্তি স্থাপন আদি বিষয় সমূহ সন্নিৱিষ্ট কৰিছে। সেয়ে লিখকে এই গ্ৰন্থখনক উপন্যাসৰ সলনি বুৰঞ্জী বুলিহে উল্লেখ কৰিছে।
-
য
য অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'য'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'য' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
যতি-চিন
আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা, দাৰি, আদি ব্যৱহাৰ কৰোঁ।
-
যতিন মিপুন
যতীন মিপুন (Jatin Mipun) এজন লেখক আৰু ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠীৰ লোক আছিল। 'মিক্চিজিলি' (Miksijili) শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধাৰী বঁটা লাভ কৰিছিল।
-
যম লাখুটি
যম লাখুটি (বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। এই গছ সাধাৰণতে দ-চানেকীয়া ঠাইত উৎপত্তি হয়।
-
যমুনেশ্বৰী খাটনিয়াৰ
যমুনেশ্বৰী খাটনিয়াৰক (Jamuneswari Khatoniyar) (১৮৯৯-১৯২৪) অসমীয়া সাহিত্যৰ ৰমন্যাসিক যুগৰ প্ৰথম গৰাকী মহিলা কবি হিচাবে আখ্যা দিয়া হয়।
-
য়
য় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।
-
যাকেৰি নাহিকে উপাম
যাকেৰি নাহিকে উপাম (Jakeri Nahike Upaam) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক ড॰ লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখনক অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাসৰ মৰ্যাদা দিয়া হয়।
-
যাদুৰাম ডেকা বৰুৱা
যাদুৰাম ডেকা বৰুৱা (Jaduram Deka Baruah (১৮০১-১৮৬৭) অসমৰ প্ৰথম অভিধান প্ৰণেতা। লখিমপুৰ জিলাত জন্ম। তেওঁ ১৮৩৯ চনত বঙলা-অসমীয়া অভিধান এখন প্ৰণয়ন কৰিছিল। অৱশ্যে অভিধানখন প্ৰকাশ নহ’ল। তেওঁ হাতে লিখা অভিধানখন তেতিয়াৰ গৱৰ্ণৰ জেনকিন্সক দিছিল। জেনকিন্সে সেইখন আমেৰিকান বেপ্তিষ্ট মিছনেৰী সকলক দিয়ে।
-
যান্ত্ৰিক অনুবাদকৰ তালিকা
অল ট্ৰেন্সলেচন হ'ল দুই শতাধিক ভাষা সমৰ্থিত অনুবাদ সেৱা। ইয়াত ২৬টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাষাবিলাক হ'ল: অসমীয়া, অৱধী, বাংলা, ভোজপুৰী, গুজৰাটী, হিন্দী, কন্নড়, খাচী, ককবৰক, কোঙ্কণী, মৈথিলী, মালয়ালম, মাৰাঠী, মাৰোৱাৰী, মেইতেই, মিজো, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি,…
-
যুগল দাস
যুগল দাস অসমৰ এগৰাকী সাহিত্যিক আৰু কলা-নিৰ্দেশক আছিল। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো শিল্পী যুগল দাসে অংকন কৰিছিল।
-
যোৰহাট আইন মহাবিদ্যালয়
যোৰহাট আইন মহাবিদ্যালয় (Jorhat Law College) অসমৰ যোৰহাটত অৱস্থিত এখন চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত ৩ বছৰীয়া আইন পাঠ্যক্ৰম, ৫ বছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী আৰু আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) প্ৰদান কৰে।
-
যোৰহাট জিলাৰ ইতিহাস
আহোম ৰজাসকলৰ শাসন কালত যোৰহাট জিলাখন পোহৰলৈ আহিছিল। আহোম ৰজা গদাধৰ সিংহই বৈষ্ণৱ মহন্ত সকলক নিৰ্যাতন কৰি এতিয়াৰ যোৰহাটৰ ভিতৰতে ৰাখিছিল। যোৰহাট নামটো গৌৰীনাথ সিংহৰ দিনতহে প্ৰখ্যাত হয়। পুৰণি কালত ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ নহ’লেও বাণিজ্যিক নহ’লেও এই ঠাইৰ এটা বিশেষত্ব আছিল।
-
যোৰহাট জিলাৰ পৰিবহণ
যোৰহাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য ঠাই। আহোমসকলৰ দিনৰ পৰাই এই অঞ্চলত বহুতো পথ নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি, চেউনী আলি, মালৌ আলি হৈছে ইয়াৰ উদাহৰণ। ইংৰাজ সকলে ইয়াত ৰেলগাড়ীৰ প্ৰৱৰ্তন কৰে। বেপাৰৰ বাবেই তেওঁলোকে ৰেল প্ৰৱৰ্তন কৰিছিল। ককিলামুখ ঘাটটো তৰাং হোৱাত ইংৰাজসকলেই নিমাতীঘাট নিৰ্মাণ কৰিছিল।
-
ল
ল অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৮ নং আখৰ। ই এক পাৰ্শ্ব বা পাৰ্শ্বিক ধ্বনি৷ এনে ধ্বনি উচ্চাৰণ কৰোঁতে আগ জিভাৰ দাঁতিৰ জিহ্বাদল দুটা চেপেটা হৈ নাথাকি গোটা হৈ আগদাঁতৰ অন্তৰ্ভাগত স্পৰ্শ কৰি বায়ুপ্ৰবাহক ভেটা দি, জিহ্বাৰ একাষে বা দুয়োকাষে ওলাই যাবলৈ দি “ল’’ উচ্চাৰণ কৰা হয়৷ ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ…
-
ল'ৰা বন্ধু (শিশু আলোচনী)
ল’ৰাবন্ধু ১৮৮৮ চনত (১৮৮৩ চনত) নগাঁওৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখনি শিশু আলোচনী৷ এইখন অসমৰ প্ৰথম শিশু আলোচনী৷ ইয়াৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱাৰ বৰপুত্ৰ কৰুণাভিৰাম বৰুৱা৷ ষোল্ল বছৰ বয়সতে আলোচনী সম্পাদনা কৰা কৰুণাভিৰাম বৰুৱাৰ অকালতে মৃত্যু হোৱাত মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ…
-
লংকেশ্বৰ দেৱালয়
লংকেশ্বৰ দেৱালয় ( Lankeshwar Temple) কামৰূপ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা প্ৰায় ৫ কিল’মিটাৰ পশ্চিমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মন্দিৰটোৰ অৱস্থিতি। জালুকবাৰী পাহাৰত অৱস্থিত মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো লংকেশ্বৰ হৈছে।
-
লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Lakhipur Higher Secondary School)খন ১৯৩৫ চনৰ মাৰ্চ মাহত জমিদাৰ ভোলানাথ চৌধুৰী, ৰায়চাহাব আৰু যতীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ উদ্যোগত আৰু মেচপাৰা জমিদাৰৰ সহায়ত ৭ম শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিৰ জৰিয়তে শুভাৰম্ভ কৰা হৈছিল।
-
লক্ষীপুৰ বিধানসভা সমষ্টি
লক্ষীপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Lakhipur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
লক্ষীপুৰ, গোৱালপাৰা
লক্ষীপুৰ হৈছে অসমৰ গোৱালপাৰা জিলা গোৱালপাৰা মহকুমাৰ এখন নগৰ। এই নগৰখন গোৱালপাৰা জিলা কাৰ্যালয়ৰ ৪৮ কিঃমিঃ পশ্চিমত অৱস্থিত। বৰ্তমান লক্ষীপুৰ নগৰত ৪টা ৱাৰ্ড আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি লক্ষীপুৰ নগৰ সমিতিত মুঠ জনসংখ্যা ১৫,৬৩৩ যাৰ ৮,০৪৬ জন পুৰুষ আৰু ৭,৫৮৭ গৰাকী মহিলা।
-
লক্ষ্মীনাথ দাস
লক্ষ্মীনাথ দাস (Laxminath Das) আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক। কুৰি শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল।
-
লখিমপুৰ বিধানসভা সমষ্টি
লখিমপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Lakhimpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
লখিমী বৰুৱা
লখিমী বৰুৱা হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ প্ৰতিষ্ঠাপক। তেওঁ ১৯৯৮ চনৰ ২২ মে তাৰিখে সমবায় সমিতি আইন-১৯৪৯ৰ অধীনত স্বাধীনতা সংগ্ৰামী শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামাংকিত কৰি মহিলা নগৰীয়া সমবায় বেংক লিমিটেডৰ স্থাপনা কৰিছিল।
-
লতামাকৰি
লতামাকৰি বা লতামাকৰি বাঘ (Leopard cat; বৈজ্ঞানিক নামঃ Prionailurus bengalensis) হৈছে মহাদেশীয় দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়াৰ স্থানীয় এবিধ সৰু বনৰীয়া মেকুৰী।
-
ললিত চন্দ্ৰ নাথ
ললিত চন্দ্ৰ নাথ (Lalit Chandra Nath, ১৯২৩ – ২১ অক্টোবৰ ২০১৩), বা জনপ্ৰিয়ভাবে যাক ললিত ওজা বুলি জনা যায়, এগৰাকী শুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ গুৰু আছিল। সংগীত নাটক একাডেমী বঁটা বিজেতা নাথে আজীৱন ওজাপালি আৰু দেওধনী নৃত্যৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰি গৈছিল। তেওঁ মনসা কাব্যৰো বিশাৰদ আছিল।
-
লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ
লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ হৈছে অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ এক গেছ ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প। ই শিৱসাগৰ নগৰৰ পৰা পূৱ দিশত প্ৰায় ৩০ কিঃ মিঃ দুৰত্বত ধোদৰ আলিৰ দাঁতিত মাইবেলা নামে ঠাইত অৱস্থিত। পূৰ্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত এই কেন্দ্ৰটি বৰ্তমান নৱগঠিত চৰাইদেউ জিলাৰ অন্তৰ্গত।
-
লাচিত বঁটা
ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক লাচিত বঁটা প্ৰদান কৰা হয়৷ ১৯৮৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷ এই বঁটাত হাতত তৰোৱাল লৈ ঘোঁৰাত উঠি থকা লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি আৰু লগতে পাঁচ হাজাৰ টকা প্ৰদান কৰা হয়৷