মাটি কাঞ্চন, বগা কাঞ্চন, মাটি কঁটৰা বা শ্বেত কাঞ্চন (: Dwarf White Bauhinia, White Orchid-tree আৰু Snowy Orchid-tree) (বৈজ্ঞানিক নাম: Bauhinia acuminata) হৈছে Fabaceae পৰিয়ালৰ এবিধ গুল্মৰ প্ৰজাতি। ইয়াৰ বিস্তৃত খেতিৰ বাবে আদি নিবাস গম পোৱা নেযায় যদিও ই মালয়েছিয়া, ইণ্ডোনেছিয়া (জাভা, বোৰ্নিও, কালিমাণ্টান, লেছাৰ ছোন্দা দ্বীপ), আৰু ফিলিপাইনৰ পৰা আহিছে বুলি ভবা হয়।১
বিৱৰণ
মাটি কাঞ্চন ৩ মিটাৰ পৰ্যন্ত ওখ পৰ্ণপাতী উদ্ভিদ। পাত ১০-১৫ চেমি দীঘল আৰু ৭-১২ চেমি বহল। পাতৰ আগ দুভাগত বিভক্ত, মসৃণ, তলৰ শিৰা সামান্য ওলোৱা। বসন্তৰ শেষৰ পৰা শৰত পৰ্যন্ত ফুল হয়। পাতৰ কাষত এটা থোকাত কেইবাপাহো ফুল ফুলে, বগা, গন্ধহীন, ৫ চেমি বহল, পাহিৰ সংখ্যা পাঁচটা আৰু পাহী মুক্ত। ফল চিৰা, চিৰা চেপেটা, বিদাৰী আৰু ধুসৰ, কেইবাটাও বীজ থাকে।
তথ্যসূত্ৰ
- ↑ Germplasm Resources Information Network: Bauhinia acuminata
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাটি কাঞ্চন” প্ৰবন্ধৰ সংশোধন ৫৪০৮৯৪ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।