অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
ভাষাবিজ্ঞান উপক্ৰমণিকা
ভাষাবিজ্ঞান উপক্ৰমণিকা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ। লিখক অৰ্পণা কোঁৱৰ। প্ৰথম প্ৰকাশ হয় ২০০২ চনত। প্ৰকাশক বনলতা। গ্ৰন্থখনত ভাষাৰ তাৎপৰ্য, ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা, ভাষা চৰ্চা আৰু অধ্যয়নৰ ইতিহাস, ভাষাতত্ত্ব, ভাষাবিজ্ঞান, ব্যাকৰণ, ভাষাবিজ্ঞানৰ পৰিধি, ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান,…
-
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(Indian Institute of Information Technology,Guwahati বা IIIT-G) অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত(PPP-mode) প্ৰতিষ্ঠা কৰা হৈছে।
-
ভিলেজ ৰকষ্টাৰ্ছ ২
ভিলেজ ৰকষ্টাৰ্ছ ২ ৰীমা দাসৰ দ্বাৰা লিখিত, সম্পাদিত, প্ৰযোজিত আৰু পৰিচালিত ২০২৪ চনৰ অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ভাৰত আৰু চিংগাপুৰৰ যৌথ সহযোগত নিৰ্মিত এই ছবিখন ৰীমা দাসৰ ২০১৭ চনৰ পূৰ্বৱৰ্তী ছবি ভিলেজ ৰকষ্টাৰ্ছৰ পৰৱৰ্তী সংস্কৰণ।
-
ভূমি চম্পা
ভূমি চম্পা আদা পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। ই চীন (গুৱাংডং, গুৱাংজি, হাইয়ান, টাইৱান, য়ুন্নান), ভাৰত (অসম), নেপাল, বাংলাদেশৰ থলুৱা উদ্ভিদ আৰু সমগ্ৰ বিশ্বতে ইয়াক পোৱা যায়। বৰ্তমাৱ জাভা, মালয়েছিয়া আৰু কোষ্টাৰিকাতো ইয়াক প্ৰাকৃতিকভাবে ৰোৱা যায়।
-
ভূৰাগাঁও
ভূৰাগাঁও (Bhuragaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰৰ নাম। এই চহৰখন মৰিগাঁও জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, এই চহৰখন ১,০৬,১৪০জন লোকৰ বসতিস্থল।
-
ভৃংগেশ্বৰ শৰ্মা
ভৃংগেশ্বৰ শৰ্মা ( Bhringeswar Sarma) এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।
-
ভেলেউগুৰি ৰতনপুৰ
ভেলেউগুৰি ৰতনপুৰ গাঁও যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰি মৌজাত অৱস্থিত এখন গাঁও।
-
ভেৰগাঁও বিধানসভা সমষ্টি
ভেৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Bhergaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত উদালগুৰি জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।
-
ভৌম ৰাজবংশ
ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে। মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৪-১৫)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)
-
ভৰত ৰাজখোৱা
ভৰত ৰাজখোৱা একাধাৰে শিশু সাহিত্যিক, ঔপন্যাসিক আৰু এজন শিক্ষাবিদ। শৈক্ষিক দিশত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ইতিমধ্যে জিলা আৰু ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে অইল ইণ্ডিয়াৰ ‘শিক্ষাৰত্ন’ বঁটা লাভ কৰিছে। শিক্ষক প্ৰশিক্ষক হিচাপেও অসমত তেখেতৰ সুকীয়া পৰিচয় আছে।
-
ভৰলু নদী
ভৰলু নদী (Bharalu River) ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। ভৰলু নৈ মেঘালয়ৰ খাচী পাহাৰত উৎপত্তি হৈ কামৰূপ মহানগৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে। অসমত প্ৰৱেশ কৰাৰ পিছত ই গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈ ভৰলুমুখত ব্ৰহ্মপুত্ৰ নদীত পৰিছে। ভৰালু নদী অসমৰ আটাইতকৈ প্ৰদূষিত নদীসমূহৰ ভিতৰত অন্যতম।
-
ভৱনীপুৰ–সৰভোগ বিধানসভা সমষ্টি
ভৱনীপুৰ–সৰভোগ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ এটা অংশ হিচাপে অন্তৰ্ভুক্ত।
-
ভৱপ্ৰসাদ চলিহা
ভৱপ্ৰসাদ চলিহা (Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।
-
ভৱানন্দ দত্ত
ভৱানন্দ দত্ত (১৯১৯-১৯৫৯) একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল আৰু বাটকটীয়া হিচাপে পৰিগণিত হৈছিল।
-
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় (Bhawanipur Anchalik College) বজালী জিলাৰ আগশাৰীৰ উচ্চশিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত এখন অন্যতম মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডিগ্ৰী প্ৰদান কৰা হয়।
-
ম
ম অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'ম'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ম' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ম'-ক এনেদৰে লিখা যায়।
-
মইনা গোস্বামী
মইনা গোস্বামী (Maina Goswami; জন্ম: ) হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ। সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত। শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি। তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত।
-
মঙলদৈ বিধানসভা সমষ্টি
মঙলদৈ বিধানসভা সমষ্টি (ইংৰাজী: Mangaldai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
মণিয়ৰি
মণিয়ৰি (Darter, বৈজ্ঞানিক নাম: Anhinga melanogaster) এবিধ ডাঙৰ আকৃতিৰ জলত চৰি ফুৰা চৰাই।
-
মণিৰাম দেৱানৰ গীত
মণিৰাম দেৱানৰ গীতটো বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত অন্যতম। অসমত ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা মণিৰাম দেৱানক ইংৰাজে ১৮৫৮ চনত দোষী সাব্যস্ত কৰি ফাঁচীকাঠত ওলোমালে। তেখেতৰ মৃত্যু হোৱাত অসমৰ জনসাধাৰণ শোকত ম্ৰিয়মান হৈ পৰে। এই সামূহিক শোকানুভূতিয়েই 'মণিৰাম দেৱান' গীতটিৰ মূল বিষয়বস্তু।
-
মদৰাম ব্ৰহ্ম
মদৰাম ব্ৰহ্ম (১৯০৩ – ১৯৯০) এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল। ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।পদ্মশ্ৰী সন্মান লাভ…
-
মধুমতী গোস্বামী
মধুমতী গোস্বামী (Madhumati Goswami) অসমৰ এগৰাকী অনাতাঁৰ কণ্ঠশিল্পী। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা তেওঁৰ গীতসমূহ প্ৰচাৰ হৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰপৰা ১৯৭৮ চনত স্বীকৃতি লাভ কৰাৰ পাছৰে পৰা তেওঁ নিয়মীয়াকৈ আকাশবাণীত গীত পৰিবেশন কৰি আহিছিল আৰু শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।
-
মনজ্যোৎস্না মহন্ত
মনজ্যোৎস্না মহন্ত গোস্বামী অসমৰ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, অধ্যাপক। তেখেত কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ জীয়ৰী। তেখেতে কণ্ঠ দিয়া অসমীয়া চলচ্চিত্ৰসমূহ হৈছে- সপোন, অজলা ককাই, দ্বীপজ্যোতি।
-
মনালিছা শইকীয়া
মনালিছা শইকীয়া (Monalisha Saikia; জন্ম: ১৯৭৫ ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।
-
মনোৰঞ্জন গোস্বামী
কৰ্নেল মনোৰঞ্জন গোস্বামী ভাৰতীয় সেনাবাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু স্তম্ভলেখক৷ তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ পিতৃ ৷
-
মনোৰঞ্জন তালুকদাৰ
মনোৰঞ্জন তালুকদাৰ (Manoranjan Talukdar) ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পৰা অসম বিধানসভালৈ ২০২১ চনত মনোনীত হোৱা এগৰাকী বিধায়ক। তেওঁ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে।
-
মনোৰঞ্জন লাহৰী
মনোৰঞ্জন লাহৰী (১ ফেব্ৰুৱাৰী, ১৯৩৬-) অসমৰ বড়ো ভাষাৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক৷ সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক মৰণোত্তৰভাৱে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷
-
মনোৰঞ্জন শাস্ত্ৰী
আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰী (১৯১১–১৯৮৮) অসমৰ এগৰাকী প্ৰসিদ্ধ সংস্কৃত পণ্ডিত, সাহিত্যিক আৰু অধ্যাপক। আচাৰ্য্য মনোৰঞ্জন শাস্ত্ৰীৰ জন্ম হয় খ্ৰীঃ ১৯১১ চনৰ মাৰ্চ মাহত দৰং জিলাৰ অন্তৰ্গত ভেৰুৱা গাঁৱত। পিতৃ শ্যামদেৱ শৰ্মা আৰু মাতৃ ভোগেশ্বৰী দেৱী।