মীনা আগৰৱালা (১৫ ডিচেম্বৰ, ১৯২৪ – ১৪ জুলাই, ২০১৪) এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল।১ তেজপুৰ মহিলা সমিতিৰ হৈ পঞ্চাশ বছৰতকৈও অধিক কাল তেখেতে নানা সামাজিক কাম-কাজত অংশ লৈছিল। ১৯৫০ৰ দশকত তেখেত জিলা সামাজিক উন্নয়ন সমিতিৰ অধ্যক্ষা আছিল। ১৯৬২ চনত চীনা আক্ৰমণৰ সময়ছোৱাত তেখেতৰ দলে অশেষ পৰিশ্ৰমেৰে ৰাষ্ট্ৰীয় সুৰক্ষা পুঁজিৰ বাবে বৰঙণি তুলিছিল। তেখেতে মুছলমান মহিলাৰ হকেও মাত মাতি তিনি তালাক, মেহেৰ আদিৰ বিৰোধিতা কৰিছিল। তেখেতে আজীৱন গ্ৰাম্যাঞ্চলৰ মহিলাৰ শিক্ষাৰ বাবে নানা ব্যৱস্থা গ্ৰহণ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯২৪ চনৰ ১৫ ডিচেম্বৰত তেজপুৰত মীনা আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল নগেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃ হেমলতা বৰুৱা।২ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংস্পৰ্শলৈ আহি তেখেতে সৰুতে সংগীত আৰু নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৫ বছৰ বয়সত তেখেত জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৰু ভায়েক কমলা প্ৰসাদ আগৰৱালালৈ বিয়া হয়। তেখেতে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। পাছত পতিয়ে ইংৰাজী শিক্ষাৰ বাবে ঘৰুৱা শিক্ষকৰ ব্যৱস্থা কৰিলেও অন্য ব্যস্ততাৰ বাবে বেছিদিন এয়া অব্যাহত ৰাখিব নোৱাৰিলে।
সামাজিক অৱদান
১৯১৯ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে "তেজপুৰ মহিলা সমিতি" প্ৰতিষ্ঠা কৰিছিল। এই সমিতি পুনৰ্গঠন কৰি মীনা আগৰৱালাই ১৯৪৬ চনৰ পৰা নাৰী অধিকাৰ, নাৰী সবলীকৰণ আদিৰ অহোপুৰুষাৰ্থ কৰে।৩ ২০০৪ চনলৈকে তেখেত এই সমিতিৰ অধ্যক্ষা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ নাৰীসকলৰ মাজত শিক্ষা আৰু স্বনিৰ্ভৰশীলতাৰ প্ৰসাৰৰ বাবে সমিতিয়ে চেষ্টা কৰিছিল। সমিতিৰ জৰিয়তে এক পুঁজি আৰম্ভ কৰি ঘৰুৱা হিংসা, বিবাহ বিচ্ছেদ আদি সমস্যাৰ সন্মুখীন হোৱা মহিলাসকলক সাহায্য প্ৰদান কৰা হৈছিল। ১৯৫৯ চনত চীনৰ উপদ্ৰৱৰ পৰা পলাই অহা তিব্বতৰ শৰনাৰ্থীসকলক তেওঁলোকে আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰে। ১৯৬২ চনত চীনা আক্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা পুঁজিৰ বাবে সমিতিয়ে বৰঙণি গোটায়। ২০০২ চনত মীনা আগৰৱালাই অসমত মুছলমান মহিলাৰ স্থিতিৰ হকে মাত মাতিবলৈ "Giving the Voiceless A Voice" নামৰ এক ৰাজহুৱা সভাৰ আয়োজন কৰিছিল।২
শিশুৰ বিকাশৰ বাবেও চিন্তা কৰা আগৰৱালাই মহিলা সমিতিৰ চৌহদতে "শিশু ভাৰতী" নামৰ এখন বিদ্যালয় স্থাপন কৰিছিল।৪
বঁটা আৰু সন্মান
- অমল প্ৰভা দাস সোঁৱৰণি বঁটা
- জানকি দেৱী বাজাজ বঁটা
- নাৰী শক্তি পুৰস্কাৰ
মৃত্যু
দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি থকা মীনা আগৰৱালাই ২০১৪ চনৰ ১৪ জুলাইৰ পুৱাতে তেজপুৰৰ পৰোৱা চাৰিআলিৰ নিজা বাসভৱনত ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে এজন পুত্ৰ আৰু দুগৰাকী জী ইহ সংসাৰত এৰি যায়।৩
তথ্যসূত্ৰ
- ↑ Shriya. (16 May, 2017). Five Historical Women Leaders From North East India. Feminisminindia.com
- ↑ Shriya. (23 May, 2017). Mina Agarwala: Fighting For The Cause Of Women in Tezpur. Feminisminindia.com
- ↑ (24 July, 2014). Mina Agarwala passes away. The Assam Tribune
- ↑ (34 July, 2014). Women activist Meena Agarwala dies at 90. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা আগৰৱালা” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৩৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।