অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুনীন ভূঞা

মুনীন ভূঞা (১৯৪৭-২০০৪) অসমীয়া নাট্য জগতৰ এগৰাকী নাট্যকাৰ আৰু পৰিচালক। ১৯৭৬ চনত আকাশবাণী ডিব্ৰগড় কেন্দ্ৰত তেখেতে পাণ্ডুলিপি লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত সহকাৰী উপ-সঞ্চালক পদলৈকে পদোন্নতি লাভ কৰিছিল। তেখেতৰ উল্লেখযোগ্য নাটককেইখন হৈছে - জৰৌৰৌৱা পৰজা, হাতী আৰু ফান্দী আৰু সন্ধিক্ষণ।

হালনাগাদ: ২১ মে’ ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মুনীন ভূঞা (১৯৪৭-২০০৪) অসমীয়া নাট্য জগতৰ এগৰাকী নাট্যকাৰ আৰু পৰিচালক। ১৯৭৬ চনত আকাশবাণী ডিব্ৰগড় কেন্দ্ৰত তেখেতে পাণ্ডুলিপি লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত সহকাৰী উপ-সঞ্চালক পদলৈকে পদোন্নতি লাভ কৰিছিল। তেখেতৰ উল্লেখযোগ্য নাটককেইখন হৈছে - জৰৌৰৌৱা পৰজা, হাতী আৰু ফান্দী আৰু সন্ধিক্ষণ। এই নাটককেইখন পৰজা নামৰ সংকলনত ২০০০ চনত একত্ৰে প্ৰকাশ কৰিছে লখিমপুৰৰ নাবিক নামৰ নাট্য গোষ্ঠীটোৱে। ইয়াৰ উপৰিও তেখেতৰ ১১খন নাটিকা লখিমপুৰ সাহিত্য সভাই একত্ৰে প্ৰকাশ কৰিছে। সেই কেইখন হল –

  1. ফ্ৰী এডভাইচ
  2. আলহী-১
  3. আলহী-২
  4. আলহী-৩
  5. গৃহকন্দল
  6. গৃহকন্দল-২
  7. ভাৰাঘৰ
  8. চখ
  9. এপ্ৰিলফুল-১
  10. এপ্ৰিলফুল-২
  11. ওফৰাজেং

অন্যান্য ৰচনা

নাটকৰ লগতে তেখেতে আকাশবাণীৰ বাবে বহুতো আলেখ্য ৰচনা কৰিছিল। লগতে দুখনমান ডকুমেণ্টৰী আলেখ্যৰ অনুবাদো কৰিছিল। ১৯৭৮ চনত হাতী আৰু ফান্দী নাটকৰ বাবে তেখেতে আকাশবাণীৰ শ্ৰেষ্ঠ নাট্যকাৰ বঁটা আৰু জৰৌৰৌৱা পৰজা নাটকৰ বাবে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা লাভ কৰে।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনীন ভূঞা” প্ৰবন্ধৰ সংশোধন ৫১০৯১০ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।