অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
লাটুমণি লতা
লাটুমণি লতা (বৈজ্ঞানিক নাম: Abrus precatorius; আন নাম: Gunja, Jequirity, Crab's Eye, Rosary Pea, John Crow Bead, Precatory bean, Indian Licorice, Akar Saga, Giddee Giddee বা ত্ৰিনিদাদ আৰু টবেগ'ৰ Jumbie Bead) এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়।
-
লামডিং বিধানসভা সমষ্টি
লামডিং বিধানসভা সমষ্টি (ইংৰাজী: Lumding Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও হোজাই জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
লাম্বাদা নাচৰ শেষত
লাম্বাদা নাচৰ শেষত অসমীয়া গল্পকাৰ, প্ৰবন্ধকাৰ, কলা-সমালোচক, শিল্পকলাৰ গৱেষক আৰু অধ্যাপিকা মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ১৯৯৮ চনত সৰস্বতী প্ৰকাশনৰ পৰা প্ৰকাশিত সংকলনখনত লেখিকাৰ মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহ প্ৰান্তিক, গৰীয়সী আদি আলোচনীত প্ৰকাশিত হৈছিল।
-
লাহৰিঘাট বিধানসভা সমষ্টি
লাহৰিঘাট বিধানসভা সমষ্টি (ইংৰাজী: Laharighat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও এই সমষ্টিটো বাহাল ৰখা হয়।
-
লাহৰী
লাহৰী হৈছে পদ্মনাথ গোহাঞিবৰুৱা দ্বাৰা ৰচিত এখন উপন্যাস। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। গোহাঞি বৰুৱাৰ দ্বিতীয়খন উপন্যাস আৰু শেষ উপন্যাস হ’ল লাহৰী। ই এখন মিলনাত্মক উপন্যাস।
-
লীল বাহাদুৰ ছেত্ৰী
লীল বাহাদুৰ ছেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ ছেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
লীলাৱতী শইকীয়া বৰা
লীলাৱতী শইকীয়া বৰা একাধাৰে ভাষাবিদ,অনুবাদক, গল্পকাৰ, কবি, সম্পাদক, অধ্যাপক৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে অসমীয়া ভাষা-সাহিত্য বিষয়ক ১০খন তাত্ত্বিক গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে ৮খন গ্ৰন্থ সম্পাদনা কৰিছে৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁৰ…
-
লুট্ফা হানুম ছেলিমা বেগম
লুট্ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ।
-
লেইছাংথেম টোনথোইংগাম্বী দেৱী
টোনথোইংগাম্বr লেইছাংথেম (Kavitha Manoranjini) এগৰাকী ভাৰতীয় অভিনেত্ৰী; জনপ্ৰিয়ভাৱে টোনথোই নামেৰে পৰিচিত। তেওঁ মণিপুৰী চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
লেঙেৰা চাপৰি
উজনি অসমৰ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ৰাজহ গাঁও লেঙেৰা চাপৰি। ই এখন মজলীয়া আকৃতিৰ গাঁও। গাঁওখনৰ দক্ষিণে দিচৈ আৰু উত্তৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। গাঁওখনৰ পূবা-পশ্চিমাকৈ নেঘেৰিটিং-বংকুৱাল মথাউৰি পাৰ হৈ গৈছে। ই এটা বান পীড়িত এলেকাত অৱস্থিত এখন গাঁও।
-
লোকেল উৎপাত
লোকেল উৎপাত (Local Utpat) ২০২২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কমেডী চলচ্চিত্ৰ। লোকেল উৎপাতৰ পৰিচালনা কেনী বসুমতাৰীৰ। এইখন পৰিচালক বসুমতাৰীৰ চতুৰ্থ ছবি। তেওঁৰ পূৰ্বৰ ছবি তিনিখন যদিও ৰাইজে আদৰি লৈছিল, এই ছবি কেইখনে সন্তোষজনক ব্যৱসায় কৰিব পৰা নাছিল।
-
শ
শ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'শ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'শ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'শ'-ক এনেদৰে লিখা যায়।
-
শংকুৰাজ কোঁৱৰ
শংকুৰাজ কোঁৱৰ (Shankuraj Konwar) এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক, কণ্ঠশিল্পী আৰু ইউটিউবাৰ। তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। ২০১৯ চনত তেওঁ 'কি বেদনাতে' শীৰ্ষক গীতটি 'প্ৰজেক্ট বাৰ্তালাপ' নামৰ ইউটিউব চেনেলত মুকলি কৰে।
-
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা (Sankardev Shishu Niketon, Ghilamara) ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১০ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল।
-
শকুন্তলা দলে গামলিন
শকুন্তলা দলে গামলিন (Shakuntala Doley Gamlin) এগৰাকী অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (Arunachal Pradesh-Goa-Mizoram-Union territory- AGMUT) কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ বাধাগ্ৰস্ত ব্যক্তিৰ সৱলীকৰণ বিভাগৰ সচিব হিচাপে কৰ্মৰত।
-
শদিয়া বিধানসভা সমষ্টি
শদিয়া বিধানসভা সমষ্টি (ইংৰাজী: Sadiya Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও তিনচুকীয়া জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
শশী শৰ্মা
শশী শৰ্মা (৩ অক্টোবৰ, ১৯৩২, মৃত্যু ব২৮ জানুৱাৰী, ২০২০) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ। তেওঁক অসমীয়া প্ৰগতিবাদী সাহিত্যৰ প্ৰাতঃস্মৰণীয় প্ৰতিভা আৰু মানৱীয় মূল্যবোধৰ এজন বলিষ্ঠ প্ৰবক্তা বুলি কোৱা হয়।
-
শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান
শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান অসমৰ বডোলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ অন্তৰ্গত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ৩১৬.২৯ বৰ্গ কিলোমিটাৰত বিস্তৃত এই উদ্যানখন বৃহত্তৰ মানস জৈৱমণ্ডলৰ অংশ আৰু ই আন চাৰিখন আঞ্চলিক উদ্যানক সংযোগ কৰে।
-
শিঙৰীঘৰত উঠা
শিঙৰীঘৰত উঠা আহোম ৰজাসকলৰ ৰাজ্যাভিষেক অনুষ্ঠান। আহোম ৰজাসকলৰ ৰাজ অভিষেক উৎসৱ এক বিশেষ পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আহোম ৰজাসকলে অভিষেকৰ সময়ত মূলতঃ আহোম টাই পৰম্পৰা মানিছিল, হিন্দু নিয়মেৰে হিন্দু নাম উপধি পিছলৈ গ্ৰহণ কৰিছিল যদিও সেয়া আছিল টাই নামৰ অনুবাদ মাত্ৰ।
-
শিলচৰ বিধানসভা সমষ্টি
শিলচৰ বিধানসভা সমষ্টি (ইংৰাজী: Silchar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
শিলসাঁকো বিল
শিলসাঁকো বিল গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত। অসমৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সাতগাঁও, হেঙেৰাবাৰী আৰু মঠঘৰীয়া আদি অঞ্চলেৰে আগুৰি থকা এটা জলাশয়। গুৱাহাটীৰ জলভাগ (সুৰক্ষা আৰু সংৰক্ষণ) আইন ২০০৮ৰ জৰিয়তে গুৱাহাটীৰ আন ছটা জলাশয়ৰ লগতে অনুসূচী ১মৰ পৰা ৪ৰ্থলৈকে শিলসাঁকো হ্ৰদক বিশেষভাৱে অৱগত কৰা হৈছে।
-
শিশুৰ খেল-ধেমালি
সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। শিশুসকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালিবোৰ স্বভাৱতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালিৰ লগত জড়িত গীতবোৰ সুকীয়া সুকীয়া।
-
শিৰিষ
শিৰিষ (Albizia lebbeck) ইণ্ডোমালায়া, নিউ গিনি আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ স্থানীয় এলবিজিয়াৰ এবিধ প্ৰজাতি। অন্যান্য গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত ব্যাপকভাৱে ইয়াৰ খেতি হয়। ইয়াৰ ইংৰাজী নামসমূহৰ ভিতৰত lebbeck, lebbek tree, flea tree, frywood, koko আৰু woman's tongues tree প্ৰধান।
-
শীতৰ বতাহ আৰু বৰষুণ
শীতৰ বতাহ আৰু বৰষুণ (Xeetor Botah Aru Boroxun) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহত প্ৰকাশিত হৈছিল। অসমীয়া প্ৰকাশন গোষ্ঠী বান্ধৱে গ্ৰন্থখন প্ৰকাশ কৰে।
-
শৈলেন ভৰালী
শৈলেন ভৰালী (Sailen Bharali) একবিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক আৰু অধ্যাপক। উপন্যাস আৰু নাট্য সমালোচক ৰূপে তেওঁৰ বিশেষ পৰিচিতি আছে। অসমৰ অংকীয়া নাটকে ধৰি বিভিন্ন দেশী-বিদেশী নাটক সম্পৰ্কে তেওঁ ঐতিহাসিক সমালোচনা আগবঢ়াইছে।
-
শ্যামকানু মহন্ত
শ্যামকানু মহন্ত (Shyamkanu Mahanta) হৈছে সাংস্কৃতিক আৰু উদ্যোগিক ক্ষেত্ৰত সক্ৰিয় ব্যক্তি। তেওঁ উত্তৰ-পূব মহোৎসৱ আৰু ৰঙালী উৎসৱৰ মুখ্য আয়োজক আৰু প্ৰমোটাৰ হিচাপে জনাজাত। মহন্ত একাধিক প্ৰতিষ্ঠানত পৰামৰ্শদাতা, প্ৰকল্প পৰিচালক আৰু উদ্যোগপতি হিচাপে কাম কৰিছে।
-
শৱ কটা মানুহ
শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰি লিখা এখন অসমীয়া ভাষাত ৰচিত উপন্যাস। উপন্যাসখনৰ ৰচক য়েছে দৰজে ঠংচি। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে এই উপন্যাসখন সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত।
-
ষ
ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ষ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ষ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ষত্ববিধি
বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্ববিধি (Change of স into ষ) বোলে।
-
স
স অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'স'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'স' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।