অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয়তা পণ্ডিত

বিজয়তা পণ্ডিত ( Vijayta Pandit ) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁৰ প্ৰথম ছবি লাভ ষ্ট'ৰীৰ (১৯৮১) বাবে বিখ্যাত।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিজয়তা পণ্ডিত ( Vijayta Pandit ) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁৰ প্ৰথম ছবি লাভ ষ্ট'ৰীৰ (১৯৮১) বাবে বিখ্যাত।১

কেৰিয়াৰ

ৰাজেন্দ্ৰ কুমাৰে লাভ ষ্ট'ৰীৰ (১৯৮১) বাবে বিজয়তাক পুত্ৰ কুমাৰ গৌৰৱৰ সৈতে কাষ্টিং কৰিছিল। এইখন বক্স অফিচত "ব্লকবাষ্টাৰ" ছবি সাব্যস্ত হৈছিল।২ তেওঁ আৰু গৌৰৱে ষ্টাৰ ক্ৰছড্ প্ৰেমিক-প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু পৰ্দাৰ বাহিৰতো তেওঁলোকৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যদিও ছবিখন হিট হৈছিল, তথাপিও বিভিন্ন কাৰণত তেওঁৰ কেৰিয়াৰে আগবঢ়া নাছিল। পাৰিবাৰিক চাপৰ বাবে তেওঁলোকৰ সম্পৰ্কও শেষ হৈ গ'ল।৩ তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ এই ব্যৱধানৰ বাবে বিজয়তাই ৰাজেন্দ্ৰ কুমাৰক দোষাৰোপ কৰে।৪

কেইবছৰমানৰ পিছত বিজয়তাই মোহব্বত (১৯৮৫) ছবিখনেৰে পুনৰ ছবি জগতলৈ উভতি আহে॥ তেওঁ কাৰ থিফ (১৯৮৬) ছবিখন পৰিচালনা কৰা সমীৰ মালকনৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও বৈবাহিক জীৱন অতি কম সময়ৰ বাবে আছিল।৫ বিজয়তাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিসমূহৰ ভিতৰত আছে- জীতে হ্যায় শ্বান ছে (১৯৮৬), দীৱানা তেৰে নাম কা (১৯৮৭), জলজলা (১৯৮৮), প্যাৰ কা তুফান (১৯৯০)। সুজিত গুহ পৰিচালিত ব্লকবাষ্টাৰ বাংলা ছবি অমৰ সংগীতো (১৯৮৭) তেওঁ বাংলা ছবি বিয়েৰ ফুলৰ বাবেও এটা গীত গাইছে।৬

তথ্যসূত্ৰ

  1. ↑ Bollywood's Forgotten Stars: 10 Interesting facts about 'Love Story' fame Kumar Gaurav. Free Press Journal
  2. ↑ Archived copy
  3. ↑ Hits and misses. Screen
  4. ↑ (2024-09-18). Rajendra Kumar sabotaged his son Kumar Gaurav's career and mine: Love Story actor Vijayta. India Today
  5. ↑ Stars who gave up the glitter of the silver screen and embraced spirituality. Moneylife NEWS & VIEWS
  6. ↑ (18 April 2021). বিয়েৰ ফুলেৰ স্মৃতি ভোলেননি প্ৰসেনজিৎ. RTV (Bangladeshi TV channel)

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়তা পণ্ডিত” প্ৰবন্ধৰ সংশোধন ৪৯১৫৭৭ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।