অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তনয়া মণিকতালা

তনয়া মণিকতালা (Tanya Maniktala(জন্ম-৭ জুলাই ১৯৯৭)হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক সততে হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু চিৰিজত দেখা যায়৷ ২০১৮ চনত ফ্লেমছ আৰু ২০২০ চনত এ ছুইটেবল বয় নামৰ দুখন ৱেব-ছিৰিজত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰে৷ ২০২৩ চনত তেওঁ কিল নামৰ একছনধৰ্মী হিন্দী ছবিত অভিনয় কৰে৷

হালনাগাদ: ১ জানুৱাৰী ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

তনয়া মণিকতালা (Tanya Maniktala(জন্ম-৭ জুলাই ১৯৯৭)হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক সততে হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু চিৰিজত দেখা যায়৷ ২০১৮ চনত ফ্লেমছ আৰু ২০২০ চনত এ ছুইটেবল বয় নামৰ দুখন ৱেব-ছিৰিজত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰে৷ ১২২০২৩ চনত তেওঁ কিল নামৰ একছনধৰ্মী হিন্দী ছবিত অভিনয় কৰে৷

প্ৰাৰম্ভিক জীৱন

১৯৯৭ চনৰ ৭ জুলাইত দিল্লীৰ এটি হিন্দু পৰিয়ালত জন্মলাভ কৰে৷৩৪

২০১৮ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ শিৱাজী কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷৫

কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত তনয়াই কপিৰাইটাৰ হিচাপে কাম কৰিছিল৷৬

কেৰিয়াৰ

২০১৮ চনত স্কুল ডেজৰ জৰিয়তে মণিকতালাই অভিনয়ৰ জীৱন আৰম্ভ কৰে৷ একে বৰ্ষতে তেওঁ টাইমলাইনাৰ'ৰ ফ্লেমছত ঋত্বিক সহোৰেৰ বিপৰীত চৰিত্ৰত দেখা যায়৷ এইখন চিৰিজত অভিনয় কৰি তেওঁ প্ৰশংসা আৰু পৰিচিতি লাভ কৰে৷৭

২০২০ চনত, তেওঁ বিবিচি-ওৱানৰ ৱেব ছিৰিজ এ ছুইটেবল বয়ত লতা মেহৰাৰ চৰিত্ৰটি ৰূপায়ন কৰে৷ এইটো চৰিত্ৰ তেওঁৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট বুলি ভাবিব পাৰি৷ ৮ তেওঁক এগৰাকী বন্ধুৱে এই চৰিত্ৰটোৰ বাবে অদিশ্যন দিবলৈ কৈছিল৷৯ উক্ত চৰিত্ৰত অভিনয় কৰি তেওঁ সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰে৷১০৯

২০২১ চনত তেওঁ নেটফ্লিক্সৰ ফিলছ লাইক ইস্কত অভিনয় কৰে৷১১

বিজয় সেতুপতি আৰু বিক্ৰান্ত মেছিয়ে অভিনয় কৰা হিন্দী ছবি মুম্বাইকাৰৰ জৰিয়তে তেওঁ হিন্দী ছবিজগতত প্ৰৱেশ কৰে৷১২ ইয়াৰ পিছত তেওঁক টুথ পৰী, ৱেব চিৰিজ পিআই মিনা আৰু ফ্লেমছ চিজন৩ দেখা যায়৷১৩

২০২৪ চনত মণিকতালাই তেওঁৰ জীৱনৰ দ্বিতীয়খন হিন্দী ছবিত অভিনয় কৰে৷ ছবিখন আছিল-কিল৷ তেওঁৰ বিপৰীতে অভিনেতা লক্ষ্যক দেখা গৈছিল৷ ১৪

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰটোকাতথ্যসূত্ৰ
২০২৩মুম্বাইকাৰঈশিতা১৫
কিলতুলিকা সিং১৬

টেলিভিছন

বৰ্ষশিৰোনামচৰিত্ৰতথ্যসূত্ৰ
২০১৮স্কুল ডেজ
২০১৮–বৰ্তমানফ্লেমছঈশিতা১৭
২০২০ এ ছুইটেবল বয়লতা মেহৰা১৮
২০২১ফিলছ লাইক ইশ্বকমেহেৰ
চুজটস্পাশিখা
২০২২হাউ টু ফল ইন লাভতনয়া
২০২৩টুথ পৰী:হোৱেন লাভ বাইটছৰুমী১৯
পি আই মিনামিনা আয়াৰ২০

বঁটা আৰু মনোনয়ন

বৰ্ষবঁটাশিতানকৰ্মফলতথ্যসূত্ৰ
২০২০টৰণ্টো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰাইজিং ষ্টাৰ বঁটাএ ছুইটেবল বয়২১

তথ্যসূত্ৰ

  1. ↑ Milward, Charlie. (26 July 2020). A Suitable Boy Lata star replaced after behind-the-scenes disaster: 'It was a challenge'. Daily Express
  2. ↑ 'Suitable girl' Tanya Maniktala adds Chutzpah to her career: 'I did feel a little uncomfortable'. Indian Express
  3. ↑ (6 August 2021). Rohit Saraf, Tanya Maniktala to Ritwik Bhowmik: A look at young and upcoming OTT stars. The Times of India
  4. ↑ Carr, Flora. (18 July 2020). BBC's A Suitable Boy lead: 'It was important to cast Indian actors, not British Indian'. Radio Times
  5. ↑ Kalia, Ammar. (20 July 2020). 'This show is just the start': inside the BBC's all-person-of-colour A Suitable Boy. The Guardian
  6. ↑ Rao, Milana. (20 August 2021). Tanya Maniktala: Working with Mira Nair in 'The Suitable Boy' was like a dream; also talks about her life and career. The Times of India
  7. ↑ (23 October 2019). Flames 2 Review: Ritvik Sahore and Tanya Maniktala's show is a perfect blend of romance and nostalgia. Indian Express
  8. ↑ Kumar, Anu. (30 August 2020). Book versus series: 'A Suitable Boy' and the journey from 1,349 pages to six episodes. Scroll.in
  9. ↑ Humphreys, Georgia. I think people from all over the world will find A Suitable Boy fascinating. Belfast Telegraph
  10. ↑ (7 December 2020). 'A Suitable Boy' Review. The Hollywood Reporter
  11. ↑ Feels Like Ishq Review: Netflix Anthology Might Not Sweep You Off Your Feet But Is Easy To Love. NDTV.com
  12. ↑ (1 January 2021). Karan Johar shares first look of Vikrant Massey and Vijay Sethupathi's Mumbaikar. ইণ্ডিয়া টুডে
  13. ↑ Mirzapur 3, Paatal Lok 2 to Made in Heaven 2 and PI Meena, Amazon Prime Video announces 40 new titles. India Today
  14. ↑ Daniels, Robert. (10 July 2024). How 'Kill' Slices Bollywood Open. The New York Times
  15. ↑ (1 January 2021). Hindi remake of Maanagaram titled Mumbaikar. Cinema Express
  16. ↑ (9 February 2024). Karan Johar announces Lakshya starrer Kill to release in theatres on July 5, 2024. Bollywood Hungama
  17. ↑ (17 October 2019). TVF And Timeliner's 'FLAMES' Web Series Season 2 Trailer - Times of India. The Times of India
  18. ↑ (22 October 2020). Vikram Seth's A Suitable Boy will soon stream on Netflix; here's what the novel is all about. Indian Express
  19. ↑ Shantanu Maheshwari and Tanya Maniktala to star in Netflix's romantic fantasy-series Tooth Pari: When Love Bites, watch teaser. বলিউড হাংগামা
  20. ↑ Amazon Prime Video's PI Meena to star Tanya Maniktala, Jisshu Sengupta, Parambrata Chattopadhyay and Samir Soni. Indian Express
  21. ↑ Michael Rosser, "Anthony Hopkins, Chloe Zhao, Mira Nair to receive TIFF Tribute Awards". Screen Daily, 12 August 2020

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীঅভিনয় শিল্পীদিল্লীৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তনয়া মণিকতালা” প্ৰবন্ধৰ সংশোধন ৪৬০৮৭২ (১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।