ছোফী চৌধুৰী (ইংৰাজী ভাষা: Sophie Choudry; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮২)১২ ভাৰতত থিতাপি লোৱা এগৰাকী ব্ৰিটিছ কণ্ঠশিল্পী আৰু অভিনেত্ৰী।৩ তেওঁ মূলতঃ হিন্দী ভাষা ভাষাৰ চলচ্চিত্ৰত সক্ৰিয় হোৱাৰ উপৰিও এগৰাকী এমটিভি ইণ্ডিয়াৰ প্ৰাক্তন ভিডিঅ' জকী (VJ), মডেল আৰু দূৰদৰ্শন উপস্থাপিকা।
কৰ্মজীৱন
চৌধৰীয়ে ১২ বছৰ বয়সতে গায়কী জীৱন আৰম্ভ কৰিছিল।৪ তেওঁৰ প্ৰতিভা আৱিষ্কাৰ কৰিছিল বিখ্যাত সংগীত পৰিচালক বিড্ডুৱে তেওঁৰ প্ৰতিভা আৱিস্কাৰ কৰিছিল আৰু পৰিচালকজনৰ জৰিয়তে তেওঁৰ সংগীতিক যাত্ৰা আৰম্ভ কৰিছিল।৫ প্ৰথমতে তেওঁ শ্বেতা শ্বেট্টী আৰু আলিছা চিনাইৰ দৰে নেপথ্য কণ্ঠশিল্পীৰ বেকআপ গায়িকা হিচাপে কণ্ঠদান কৰিছিল।২
২০০৫ চনত ডেভিদ ধাৱানৰ “ছাদী নং ১” ছবিৰ জৰিয়তে ছোফীয়ে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।৬ তেওঁৰ পৰৱৰ্তী মুক্তি আছিল প্যাৰ কে চাইড ইফেক্টছ (২০০৬)।৭ ২০১৩ চনত তেওঁ “ৱানছ্ আপ’ন এ টাইম মুম্বাই দোবাৰা”ত এটা কেমিঅ’ চৰিত্ৰত আৰু “শ্বুটআউট এট ৱাডালা”ত এটা ডান্স নাম্বাৰত অভিনয় কৰে।৮
তথ্যসূত্ৰ
- ↑ (9 February 2014). Yuvraj Singh, Neha Dhupia, Ekta Kapoor at Sophie Choudry's birthday party. Indian Express
- ↑ VJ Sophie: Profile. MTV INDIA
- ↑ Sophie Choudry's pictures. photogallery.indiatimes.com
- ↑ Interviews – Sophie Chaudhary. Mahiram.com
- ↑ (16 December 2004). Sophia with love... দ্য হিন্দু
- ↑ Dangor, Kimi. (12 September 2005). Chanel Switch. ইণ্ডিয়া টুডে. Living Media
- ↑ Choudry, Sophie. (12 August 2009). 'My curves are the sexiest part of me'. Rediff.com
- ↑ (14 January 2014). Sophie Chaudhary sizzles with item song
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছোফী চৌধৰী” প্ৰবন্ধৰ সংশোধন ৫৯১৫৬০ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।