পাণ্ডাৰী বাই ( Pandari Bai; ১৮ ছেপ্তেম্বৰ ১৯২৮- ২৯ জানুৱাৰী ২০০৩)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ কানাড়া ছবিত কাম কৰিছিল। তেওঁক কানাড়া চিনেমাৰ প্ৰথম সফল নায়িকা হিচাপে গণ্য কৰা হয়।২ ৰাজকুমাৰ, এম জি ৰামচন্দ্ৰন, শিৱাজী গণেশনৰ দৰে দিগগজৰ নায়িকা আৰু মাতৃ দুয়োটা ৰূপতে অভিনয় কৰিছে। ৰাজকুমাৰৰ প্ৰথম ছবি বেদাৰা কান্নপ্পা আৰু শিৱাজীৰ প্ৰথম ছবি পৰশক্তিৰ নায়িকা আছিল।৩ কানাড়া, তামিল, তেলেগু আৰু হিন্দী ভাষাৰ ১০০০ৰো অধিক ছবিত অভিনয় কৰিছে।৪ তেওঁক তামিলনাডু চৰকাৰৰ ফালৰ পৰা কলাইমামনি উপাধিৰে সন্মান জনোৱা হয়।৫
কৰ্মজীৱন
১৯৪৩ চনত কানাড়া ভাষাৰ চলচ্চিত্ৰ বাণীৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে পাণ্ডৰীবাইয়ে পৌৰাণিক কাহিনীৰ আধাৰত ৰচিত নাটকত অভিনয় কৰি নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ১৯৫৪ চনত ৰাজকুমাৰৰ সৈতে কানাড়া ছবি “বেদাৰা কান্নপ্পা”ত অভিনয় কৰে। ছবিখনত তেওঁ এজন চিকাৰী কান্নাৰ (ৰাজকুমাৰে অভিনয় কৰা) পত্নী নীলাৰ চৰিত্ৰত অভিনয় কৰে। “সন্ত সাখু” (১৯৫৫) আৰু “ৰায়ৰা ছ'ছে” (১৯৫৭) আদি ছবিত সামন্তীয় পিতৃতন্ত্ৰৰ বোজা বোৱা "প্ৰগতিশীল" ভাবমূৰ্তিৰ মহিলাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ নিজকে মুখ্য অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।[4] ১৯৫৯ চনত তেওঁক “আব্বা আ হুডুগী” ছবিত তেওঁৰ ভগ্নী মাইনাৱতীৰ সৈতে দেখা যায়। কানাড়া চলচ্চিত্ৰত এই ছবিখনক মাইলৰ খুটি হিচাপে গণ্য কৰা হয়।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ashish Rajadhyaksha; Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Taylor & Francis. ISBN 978-1-135-94325-7
- ↑ (21 February 2003). Remembering Pandari Bai. Screen
- ↑ (30 January 2003). Pandari Bai dead. দ্য হিন্দু
- ↑ (13 March 2013). Tribute to Pandari Bai. Deccan Herald
- ↑ Redirecting to Google Groups
- ↑ (21 July 2004). A rousing end planned for H.L.N. Simha's birth centenary fete. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণ্ডাৰী বাই” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৩৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।