প্ৰাচী দেশাই (Prachi Desai; জন্ম-১২ ছেপ্টেম্বৰ ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। তেখেত টেলিভিছন জগতৰো প্ৰাক্তন অভিনেত্ৰী। জিটিভিৰ সফল ধাৰাবাহিক কছম ছেৰ জৰিয়তে কেৰিয়াৰৰ পাতনি মেলা প্ৰাচীয়ে পৰৱৰ্তী সময়ত বলিউদতো পদাৰ্পণ কৰে আৰু ২০০৮ চনত মুক্তি লাভ কৰা সাংগীতিক ড্ৰামা ছবি ৰক-অনৰ জৰিয়তে ভূমুকি মাৰে। তেখেতৰ আন কেইখনমান গুৰুত্বপূৰ্ণ ছবি হৈছে- লাইফ পাৰ্টনাৰ (২০০৯), ওৱানছ আপন এ টাইম ইন মুম্বাই (২০১০), বোল বচ্চন (২০১২) আৰু আই, মি অঔৰ মেই (২০১৩) আদি। প্ৰাচী গোৱা পৰ্যটনৰ প্ৰসাৰক, ব্ৰেণ্ড এম্বাছাদৰ, মুখপাত্ৰ। ইয়াৰ উপৰি তেখেত নিউট্ৰ'জেনা পন্যদ্ৰব্যৰ লগত জড়িত।১ প্ৰাচী লাক্স লায়ৰাৰ এগৰাকী ব্ৰেণ্ড এম্বাছাদৰ।২৩
প্ৰাৰম্ভিক জীৱন
গুজৰাটৰ অন্তৰ্গত ছুৰতত প্ৰাচী দেশাইৰ জন্ম হয়। তেখেতৰ পিতৃ হৈছে নিৰঞ্জন দেশাই আৰু মাতৃ হৈছে অমিতা দেশাই। ঈশা দেশাই হৈছে তেখেতৰ ভগ্নী।৪
ছুৰতৰ পঞ্চগণিত থকা ছেইণ্ট জোছেফ কনভেণ্ট স্কুলত নৱম শ্ৰেণীলৈকে দেশাইয়ে পঢ়া-শুনা কৰে।৫ তাৰপিছত পুণেত থকা সিনহাগড় কলেজৰ পৰা তেখেতে উচ্চতৰ শিক্ষা সমাপ্ত কৰে।৬
কৰ্মজীৱন
২০০৬ চনত প্ৰাচীয়ে একতা কাপুৰৰ দ্বাৰা নিৰ্মিত জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক কছম সেত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে। তেখেতৰ বিপৰীতে অভিনয় কৰিছিল ৰাম কাপুৰে।৭৮ এইখন ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে প্ৰাচীয়ে ইণ্ডিয়ান টেলি বঁটাৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানকে ধৰি আন একাধিক অনুষ্ঠানৰ পৰা সন্মান বুটলিবলৈ সক্ষম হয়।
প্ৰাচীয়ে ২০০১ চনৰ সফল ধাৰাবাহিক কচৌটি জিন্দেগী কিৰ দুটা খণ্ডত কেমিঅ' হিচাপে অভিনয় কৰে।

২০০৮ চনত প্ৰাচীয়ে হিন্দী ছবিৰ জগতত প্ৰৱেশ কৰে। তেখেতে অভিনয় কৰা প্ৰথমখন ছবি আছিল ৰক অন। অভিষেক কাপুৰৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত তেখেতে ফাৰহান আখতাৰৰ পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰে। উল্লেখ্য যে, ছবিখনত অভিনয় কৰিবলৈ তেখেতে কছম ছে ধাৰাবাহিকখন ত্যাগ কৰিবলগীয়া হৈছিল।৭
২০১০ চনৰ জুলাইত, প্ৰাচীয়ে "ওৱানচ আপন এ টাইম ইন মুম্বাই" নামৰ ছবিখনত অভিনয় কৰে। ছবিখনত তেখেতে অজয় দেৱগন, ইমৰাণ হাছমী আৰু কংগনা ৰানাউটৰ লগত কাম কৰাৰ সুবিধা পায়।৯
২০১২ চনত প্ৰাচীয়ে তেৰি মেৰি কাহানী নামৰ ছবিখনত এটি কেমিঅ' চৰিত্ৰ ৰূপায়ণ কৰে।১০ ইয়াৰ পিছত প্ৰাচীক দেখা যায় বোল বচ্চন নামৰ কমেডি ড্ৰামাখনত। অজয় দেৱগন, অভিষেক বচ্চন আৰু অভিনেত্ৰী আচিনে এইখন ছবিত অভিনয় কৰিছিল।১১ এইখন ছবি প্ৰাচীৰ বাবে এইপৰ্যন্ত ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হৈ আছে।১২
ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ জীৱন-আধাৰিত ছবি আজহাৰত প্ৰাচীয়ে অভিনেতা ইমৰান হাছমীৰ বিপৰীতে অভিনয় কৰিছে। ছবিখন ২০১৬ চনত মুক্তি হৈছিল। ১৩১৪ ২০১৬ চনৰে ১১ নৱেম্বৰত মুক্তি লাভ কৰা ৰক অন-২ত প্ৰাচীয়ে পুনৰ ফাৰহান আখতাৰৰ পত্নীৰ ভূমিকাত অৱতীৰ্ণ হয়।১৫১৬
তথ্যসূত্ৰ
- ↑ (4 September 2009). Prachi Desai is new face of Neutrogena cosmetics in India. Mid-Day
- ↑ (5 April 2017). Lyra brand about four years ago and had roped in actor Prachi Desai as its brand ambassador
- ↑ (8 January 2016). Lux Lyra – Prachi Desai
- ↑ Prachi Desai family, childhood photos. Celebrity family wiki
- ↑ Prachi Desai goes back to school. mid-day
- ↑ (May 30, 2014). HT BRUNCH - Personal Agenda:)
- ↑ I am not quitting 'Kasam Se': Prachi Desai. MSN Entertainment
- ↑ Prachi Desai wants to 'rock on' with Shahid and Hrithik. Indian Express
- ↑ Once Upon A Time in Mumbaai: Movie Review. Bollywood Hungama
- ↑ Prachi Desai features in Teri Meri Kahaani · Latest Movie Features – Bollywood Hungama. Bollywood Hungama
- ↑ Bol Bachchan stars Asin and Prachi Desai at Mehboob studios. Pinkvilla
- ↑ 4th Weekend Worldwide Box Office Collections Of BOL BACHCHAN. Boxofficecapsule
- ↑ Prachi Desai Plays Cricketer's Wife in Azhar. The New Indian Express
- ↑ Azhar first look: Emraan Hashmi dons blue for Azharuddin biopic: Bollywood, News. India Today
- ↑ Prachi Desai gets fitter and leaner for 'Rock On 2'. The Times of India
- ↑ (6 January 2016). Farhan Akhtar starrer 'Rock On 2' to release on November 11. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচী দেশাই” প্ৰবন্ধৰ সংশোধন ৬০৩৪৪৫ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।