বাণীশ্ৰী (জন্ম:ৰত্না কুমাৰী; Vanisri ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু, তামিল আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত।১২ ৪০ বছৰীয়া চলচ্চিত্ৰীয় জীৱনত তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ, নন্দী বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
চলচ্চিত্ৰীয় জীৱন
১৯৬২ চনত মুক্তি পোৱা তেলেগু ছবি ভীষ্মৰ জৰিয়তে বানীয়ে অভিষেক ঘটায়। কে বালাচন্দৰে ৰচনা কৰা সুখ দুখালু (১৯৬৮) আৰু মাৰাপুৰাণি কথা (১৯৬৭) নামৰ এখন ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি তেওঁ দৃষ্টি আকৰ্ষণ কৰে। বাণীশ্ৰীয়ে কৃষ্ণবেণী, প্ৰেম নগৰ, দশহৰা বুল্লোড়ু, আৰাধনা, জীৱিত চক্ৰম, ৰংগুলা ৰত্নম, শ্ৰীকৃষ্ণ তুলাভৰাম, ভক্ত কান্নপ্পা, আৰু বব্বিলী ৰাজা আদি ছুপাৰ হিট ছবিত অভিনয় কৰিছে।৩
ইদ্দাৰু আম্মায়িলু (১৯৭২) (১৯৬৯ চনৰ কানাড়া ছবি কপ্পু বিলুপুৰ তেলেগু পুনৰ্নিৰ্মাণ), গংগা মংগা (১৯৭৩ চনৰ হিন্দী ছবি সীতা আৰু গীতাৰ পুনৰ্নিৰ্মাণ), জীৱন জ্যোতি (১৯৭৫), আৰু চিলিপি কৃষ্ণুডু (১৯৭৮) ছবিত দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। স্মিতা পাটিল সহ অভিনীত শ্যাম বেনেগালৰ একমাত্ৰ তেলেগু ছবি অনুগ্ৰহমত (১৯৭৭) তেওঁ অভিনয় কৰাৰ উপৰিও বিত্তীয় সাহায্য আগবঢ়াইছিল।
অভিনেতা এম জি আৰৰ সৈতে বাণীশ্ৰীয়ে তিনিখন ছবিত অভিনয় কৰিছিল: কান্নান এন কাধলান (১৯৬৮), থালাইভান (১৯৭০), আৰু ওৰুক্কু উঝাইপ্পাভান (১৯৭৬)।৪
তথ্যসূত্ৰ
- ↑ (11 October 2007). Resting on her laurels. The Hindu
- ↑ Vanisri News - List Of Indian Actresses on Newsaajtak - Newsaajtak - News Aajtak - Newsaajtak.in
- ↑ (14 December 2014). Vanisri is my inspiration: Priya. The Times of India
- ↑ Correspondent, Special. (5 April 2017). S.P. Balasubrahmanyam, Hema Malini bag NTR awards. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণীশ্ৰী” প্ৰবন্ধৰ সংশোধন ৪৯১৫৬২ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।