সাহিত্যিক
২৭১ প্ৰবন্ধ
-
ওমৰ কুৰেছি
ওমৰ কুৰেছি (Omar Kureishi; জন্ম:১৯২৮ – ১৪ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী সাহিত্যিক। তেওঁ বিমান পৰিবহণ আৰু সাংবাদিকতাৰ উপৰি বিজ্ঞাপন উদ্যোগতো কাম কৰিছিল। তেওঁ ডউন, দ্য পাকিস্তান টাইমছ, মৰ্নিং নিউজ আৰু লণ্ডনৰ দ্য গাৰ্ডিয়ানৰ বাবে নিয়মীয়াকৈ লিখিছিল।
-
কলহণ
কলহণ বা কলহন (প্ৰায় দ্বাদশ শতিকা) কাশ্মীৰৰ ইতিহাসৰ বিৱৰণী ৰাজতৰংগিনী (অৰ্থাৎ ৰজাৰ নদী) গ্ৰন্থৰ লেখক। ১১৪৮ চনৰপৰা ১১৪৯ চনৰ ভিতৰত তেওঁ সংস্কৃত ভাষাত এই গ্ৰন্থখন লিখিছিল। তেওঁৰ জীৱন সম্পৰ্কীয় সকলো তথ্য তেওঁৰ নিজৰ লেখাৰপৰাই অনুমান কৰিব লাগিব, যাৰ এজন প্ৰধান পণ্ডিত হৈছে মাৰ্ক অৰেল ষ্টেইন।
-
কুঞ্জাং চোডেন
কুঞ্জাং চোডেন (জন্মঃ ১৯৫২) হৈছে এগৰাকী ভূটানৰ লেখক। ইংৰাজী ভাষাত উপন্যাস লিখা তেওঁ হ'ল ভূটানৰ প্ৰথমগৰাকী মহিলা।
-
কেকি এন দাৰুৱালা
কেকি নাছেৰৱানজী দাৰুৱালা ( Keki Nasserwanji Darawalla; ২৪ জানুৱাৰী ১৯৩৭ – ২৬ ছেপ্টেম্বৰ ২০২৪) এজন ভাৰতীয় কবি আৰু ইংৰাজী ভাষাৰ চুটিগল্পকাৰ আছিল। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও আছিল।
-
ক্লড চাইমন
ক্লড চাইমন (Claude Simon; ১০ অক্টোবৰ ১৯১৩ – ৬ জুলাই ২০০৫) এজন ফৰাচী ঔপন্যাসিক আৰু তেওঁ ১৯৮৫ চনত সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল।
-
খলিল জিব্ৰান
খালিল জিব্ৰান (Khalil Jibran) এজন লেবাননীয়-আমেৰিকাৰ কবি আৰু লেখক আছিল। খালিল জিব্ৰানক দাৰ্শনিক বুলিও গণ্য কৰা হয় যদিও তেখেতে নিজকে দাৰ্শনিক হিচাপে পৰিচয় দিবলৈ ভাল নাপাইছিল।
-
গাও চ্যিংজিয়ান
গাও চ্যিংজিয়ান (高行健 চীনা ভাষাত, Gao Xingjian; জন্ম: ৪ জানুৱাৰী, ১৯৪০) এগৰাকী চীনা ঔপন্যাসিক, নাট্যকাৰ, সমালোচক, চিত্ৰশিল্পী, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু অনুবাদক।
-
গীতা ত্ৰিপাঠী
গীতা ত্ৰিপাঠী ( Geeta Tripathee; জন্ম: ২৮ জুন ১৯৭২) এগৰাকী নেপালী কবি, গীতিকাৰ, নিবন্ধকাৰ, সাহিত্য সমালোচক আৰু পণ্ডিত। নেপালী ভাষাৰ এগৰাকী উল্লেখযোগ্য লেখিকা গীতা ত্ৰিপাঠীৰ কৃতিত্ব দুটা খণ্ডৰ কবিতা সংকলন, এখন গীতি-কবিতাৰ আৰু সাতখন অন্যান্য সাহিত্য ধাৰাৰ গ্ৰন্থ।
-
চেহান কৰুণাতিলকা
চেহান কৰুণাতিলকা (Shehan Karunatilaka; জন্ম: ১৯৭৫) শ্ৰীলংকাৰ এগৰাকী লেখক। তেওঁ কলম্বোত ডাঙৰ-দীঘল হৈছিল, নিউজিলেণ্ডত পঢ়া-শুনা কৰিছিল আৰু লণ্ডন, আমষ্টাৰডাম আৰু ছিংগাপুৰত থাকি কাম কৰিছিল।
-
ছালগে হান্সদা
ছালগে হান্সদা (Salge Hansdah) এগৰাকী চাঁওতালি মূলৰ ভাৰতীয় সাহিত্যিক। তেওঁ চাঁওতালি ভাষাত লিখা-মেলা কৰে। ২০২২ চনত জনম দিশোম উজাৰোগ কানা ( Birthplace becoming deserted) উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমী যুৱপুৰাস্কৰ লাভ কৰে।
-
জবা মূৰ্মু
জবা মূৰ্মু (Joba Murmu) চাওঁতালি সাহিত্যৰ ৰচনাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা আৰু সাহিত্যিক চাওঁতালি ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা ভাষা অৱদানৰ বাবে ২০১৭ চনৰ ১৪ নৱেম্বৰত তেওঁ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল।
-
জয়ন্তী নায়ক
ড° জয়ন্তী নায়ক (জন্ম ৬ আগষ্ট ১৯৬২) গোৱাৰ এগৰাকী কোংকণী সাহিত্যিক আৰু লোককথাৰ গৱেষক। তেখেত এগৰাকী চুটিগল্প লেখিকা, নাট্যকাৰ, শিশু লেখিকা, লোককথাবিদ, অনুবাদক আৰু গোৱা বিশ্ববিদ্যালয়ৰ কোংকণী বিভাগৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি।তেখেত সাহিত্য অকাডেমীৰ বঁটাও বিজয়ী।
-
জামিল জান ক'চাই
জামিল জান কচাই (Jamil Jan Kochai; জন্ম: ১৯৯২) এগৰাকী আফগানী লেখক, যি পাকিস্তানৰ পেছৱাৰত জন্ম হৈছিল। তেওঁ বৰ্তমান কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্ট’ত থাকে। বৰ্তমানলৈ তেওঁৰ দুখন কল্পকাহিনীৰ কিতাপ প্ৰকাশ হৈছে আৰু ইতিমধ্যে তেওঁ অ’ হেনৰী বঁটা লাভ কৰিছে।
-
জীত থাইল
জীত থাইল (Jeet Thayil; জন্ম:১৯৫৯) এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক, লিব্ৰেট্টিছ তথা সংগীতকাৰ। তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰা ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)কে ধৰি কেইবাখনো কবিতা সংকলন লিখিছে। তেওঁৰ প্ৰথমখন উপন্যাস নাৰ্ক’পলিচ (২০১২)য়ে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
জুপকা সুভদ্ৰা
জুপকা সুভদ্ৰা ( Joopaka and Jūpaka) জন্ম ১৯৬২ চন। এগৰাকী তেলুগু দলিত সমাজ কৰ্মী, কবি আৰু সাহিত্যিক। তেওঁ ঘাইকৈ কবিতা আৰু চুটিগল্প লিখে, যাৰ দ্বাৰা তেওঁ দলিত, বিশেষকৈ দলিত মহিলাসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰে। বৰ্তমান তেওঁ অন্ধ্ৰ প্ৰদেশ সচিবালয়ত কাম কৰি আছে।
-
টাৰা ৱেষ্টঅ'ভাৰ
টাৰা ৱেষ্টঅ'ভাৰ (Tara Westover, জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৮৬)এগৰাকী আমেৰিকীয় আত্মজীৱনীকাৰ, ৰচনাকাৰ আৰু ইতিহাসবিদ। তেওঁৰ আত্মজীৱনী এডুকেটেড (২০১৮) দ্য নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ তালিকাৰ প্ৰথম স্থানত আত্মপ্ৰকাশ কৰিছিল আৰু এল এ টাইমছ বুক প্ৰাইজ, পেন আমেৰিকাৰ জিন ষ্টেইন বুক এৱাৰ্ড, আৰু নেচনেল বুকৰ পৰা…
-
তপোধীৰ ভট্টাচাৰ্য
তপোধীৰ ভট্টাচাৰ্য (১২ ফেব্ৰুৱাৰী, ১৯৪৯) অসমবাসী এজন বাঙালী বুদ্ধিজীৱী। সমকালীন মননশীল প্ৰাবন্ধিকসকলৰ ভিতৰৰ এজন হিচাপে পঢ়ুৱৈ সমাজত পৰিচিত।
-
দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ
দত্তাত্ৰেয় বালকৃষ্ণ কলেলকাৰ (১ ডিচেম্বৰ ১৮৮৫ – ২১ আগষ্ট ১৯৮১) জনপ্ৰিয়ভাৱে কাকা কালেলকাৰ নামেৰে পৰিচিত, ভাৰতীয় স্বাধীনতা কৰ্মী, সমাজ সংস্কাৰক, সাংবাদিক আৰু মহাত্মা গান্ধীৰ দৰ্শন (গান্ধীবাদ) আৰু পদ্ধতিৰ বিশিষ্ট অনুগামী লোক আছিল।
-
দলিপ কৌৰ তিৱানা
দলিপ কৌৰ তিৱানা (Dalip Kaur Tiwana; ৪ মে’ ১৯৩৫ – ৩১ জানুৱাৰী ২০২০) হ’ল সমসাময়িক পাঞ্জাৱী সাহিত্যৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু চুটি-গল্প লেখক। তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত সাহিত্যিক আছিল আৰু এই দুয়ো ক্ষেত্ৰতে বিভিন্ন বঁটা-বাহন লাভ কৰিছিল।
-
দীনবন্ধু মিত্ৰ
দীনবন্ধু মিত্ৰ ( জন্ম-১০ এপ্ৰিল,১৮২৯ মৃত্যু-১ নভেম্বৰ,১৮৭৩) আছিল বঙালী ভাষাৰ এজন লেখক তথা নাট্যকাৰ। দীনবন্ধু মিত্ৰৰ 'নীল দৰ্পণ' (১৮৬০) নাটকখন বিশেষ ভাৱে উল্লেখযোগ্য।
-
নাইয়াৰ মাছুদ
নাইয়াৰ মাছুদ(Naiyer Masud; (জন্ম: ১৯৩৬ – ২৪ জুলাই, ২০১৭) এগৰাকী ভাৰতীয় উৰ্দু পণ্ডিত আৰু উৰ্দু চুটি গল্প অফছানাৰ লেখক।
-
নাজিবা আহমদ
নাজিবা আহমদ ( Najiba Ahmad; জন্ম: ১৯৫৪ ) ( কুৰ্দিছ: ভাগিবা হাহাহাদ, নেচিবে এহমেদ) এজন সমসাময়িক কুৰ্দি লেখক, কবি আৰু অনুবাদক।
-
নাদিম আচলম
নাদিম আচলম (Nadeem Aslam; জন্ম: ১১ জুলাই ১৯৬৬) এগৰাকী ব্ৰিটিছ পাকিস্তানী ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস চিজন অৱ দ্য ৰেইন বাৰ্ডচে বেটি ট্ৰাস্ক এৱাৰ্ড আৰু অথ’ৰ্চ ক্লাব ফাৰ্ষ্ট ন’ভেল বঁটা লাভ কৰিছিল।
-
পাওলো কোৱেলহো
পাওলো কোৱেলহো ( ; জন্ম: ২৪ আগষ্ট ১৯৪৭) এজন ব্ৰাজিলৰ গীতিকাৰ আৰু ঔপন্যাসিক আৰু ২০০২ চনৰ পৰা ব্ৰাজিলিয়ান একাডেমী অৱ লেটাৰ্ছৰ সদস্য। ১৯৮৮ চনত তেওঁৰ দ্য এলকেমিষ্ট উপন্যাসখন আন্তঃৰাষ্ট্ৰীয় বেষ্ট চেলাৰত পৰিণত হয়।
-
পাৰ্ল এচ বাক
পাৰ্ল এচ বাক ( Pearl S Buck) এগৰাকী আমেৰিকান লেখিকা আৰু ঔপন্যাসিক আছিল। পাৰ্ল বাক এজন মিছনাৰীৰ জীয়ৰী আছিল আৰু তেওঁৰ জীৱনৰ বেছিভাগ সময় প্ৰায় চল্লিছ বছৰৰো অধিক কাল চীনত অতিবাহিত কৰিছিল। দেউতাকৰ মৃত্যুৰ পাছত তেওঁ চীনৰ ঝেনজিয়াঙত অতিবাহিত কৰিছিল।
-
পিটাৰ হেণ্ডকে
পিটাৰ হেণ্ডকে (; জন্ম ৬ ডিচেম্বৰ ১৯৪২) এগৰাকী অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক। তেওঁ ২০১৯ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
-
প্ৰতিভা শতপথী
প্ৰতিভা শতপথী (জন্ম: ১৮ জানুৱাৰী ১৯৪৫) এগৰাকী ওড়িয়া কবি। তেওঁ ওড়িশাৰ কটক জিলাৰ সত্যভামাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জীৱনৰ প্ৰথম পাঁচ বছৰ কৰাপুটত কটিছিল। ভাল বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে তেওঁৰ পৰিয়াল সত্যভামাপুৰলৈ স্থানান্তৰিত হৈছিল। কৈশোৰতে তেওঁ ওড়িছী নৃত্যৰ শিক্ষাও লাভ কৰিছিল।
-
প্ৰদীপ বৰুৱা
প্ৰদীপ বৰুৱা (Pradip Baruah) (৩ ছেপ্টেম্বৰ, ১৯৩৮—১৪ জানুৱাৰী, ২০২৬) অসম,ভাৰতৰ এগৰাকী লেখক, সাংবাদিক, পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক। চাৰি দশকৰো অধিক সময় তেওঁ অসমৰ ভাষা-সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল।
-
প্ৰদীপ হাজৰিকা
ড॰ প্ৰদীপ হাজৰিকা অসমীয়া সাহিত্যৰ সৈতে জড়িত এগৰাকী সাহিত্যিক। একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সাহিত্য সমালোচক আৰু সু-বক্তা। তেওঁৰ জন্ম হৈছিল ১৯৫১ চনৰ ৫ জুলাইত বৰ্তমানৰ চৰাইদেউ জিলাৰ মাহমৰা মৌজাৰ কচুমাৰি গাঁৱত। তেওঁৰ পিতৃ আছিল মিনাৰাম হাজৰিকা আৰু মাতৃ আছিল প্ৰেমলতা হাজৰিকা।
-
প্ৰভাত গোস্বামী
প্ৰভাত গোস্বামী (ইংৰাজী: Prabhat Goswami ) অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, প্ৰাবন্ধিক, ঔপন্যাসিক, ব্যংগ লেখক আৰু শিশু সাহিত্যিক। যন্ত্ৰ মানৱ, স্পন্দন, বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ, আই প্ৰভাত গোস্বামী ৰচিত বহুচৰ্চিত নাটক।