পাওলো কোৱেলহো ( ; জন্ম: ২৪ আগষ্ট ১৯৪৭) এজন ব্ৰাজিলৰ গীতিকাৰ আৰু ঔপন্যাসিক আৰু ২০০২ চনৰ পৰা ব্ৰাজিলিয়ান একাডেমী অৱ লেটাৰ্ছৰ সদস্য। ১১৯৮৮ চনত তেওঁৰ দ্য এলকেমিষ্ট উপন্যাসখন আন্তঃৰাষ্ট্ৰীয় বেষ্ট চেলাৰত পৰিণত হয়। ২
প্ৰাৰম্ভিক জীৱন
১৯৪৭ চনৰ ২৪ আগষ্টত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত জন্মগ্ৰহণ কৰা পাওলো ক’য়েলোৱে জেচুইট স্কুলত পঢ়িছিল। ১৭ বছৰ বয়সত কোয়েলহোৰ পিতৃ-মাতৃয়ে তেওঁক মানসিক প্ৰতিষ্ঠানত ভৰ্তি কৰে য'ৰ পৰা তেওঁ তিনিবাৰকৈ পলায়ন কৰে আৰু ২০ বছৰ বয়সত মুকলি কৰি দিয়ে।৩৪
পিতৃ-মাতৃৰ ইচ্ছামতে কোওলহোৱে আইন বিদ্যালয়ত নামভৰ্তি কৰে আৰু লেখক হোৱাৰ সপোন পৰিত্যাগ কৰে। এবছৰৰ পিছত তেওঁ শিক্ষা এৰি হিপ্পী হিচাপে জীৱন কটায়, দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ, উত্তৰ আফ্ৰিকা, মেক্সিকো, ইউৰোপ আদি ভ্ৰমণ কৰি ১৯৬০ চনত ড্ৰাগছ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ৫৬
কৰ্মজীৱন
ব্ৰাজিললৈ উভতি অহাৰ পিছত কোয়েলোৱে গীতিকাৰ হিচাপে কাম কৰে, এলিছ ৰেজিনা, ৰীটা লি আৰু ব্ৰাজিলৰ আইকন ৰাউল ছেইক্সাছৰ গীতৰ কথা ৰচনা কৰে। ৰাউলৰ সৈতে ৰচনা কৰাৰ ফলত কিছুমান গীতৰ বিষয়বস্তুৰ বাবে ক'য়েলহো যাদু আৰু গুপ্তবিদ্যাৰ সৈতে জড়িত হৈ পৰে। লেখক হিচাপে কৰ্মজীৱন গঢ়ি তোলাৰ পূৰ্বে পাওলো কোৱেলহোয়ে অভিনেতা, সাংবাদিক আৰু নাট্য পৰিচালক হিচাপেও কাম কৰিছিল।
১৯৮২ চনত কোয়েলহ'ই তেওঁৰ প্ৰথমখন গ্ৰন্থ হেল আৰ্কাইভছ প্ৰকাশ কৰে যদিও পাঠকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব নোৱাৰিলে। ৭ ১৯৮৬ চনত চেণ্টিয়াগো ডি কম্পোষ্টেলালৈ তীৰ্থযাত্ৰা কৰাৰ পিছত কোয়েলহ'ৱে ১৯৮৭ চনত প্ৰকাশিত দ্য পিলগ্ৰিমেজ লিখিছিল। ১৯৮৬ চনত কোয়েলহোৱে উত্তৰ-পশ্চিম স্পেইনৰ ছাণ্টিয়াগো ডি কম্পোষ্টেলাৰ ৫০০ মাইলতকৈ অধিক দূৰত্বৰ পথত খোজ কাঢ়িছিল। ৫৮ বাটত তেওঁৰ আধ্যাত্মিক ধাৰণা জাগৰণ হৈছিল আৰু এই ভাৱধাৰা তেওঁ দ্য পিলগ্ৰিমেজত আত্মকথা বৰ্ণনা কৰিছিল।৯ ো পিছৰ বছৰত কোৱেলহোৱে দ্য এলকেমিষ্ট লিখি ব্ৰাজিলৰ এটা সৰু প্ৰকাশন প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰকাশ কৰে আৰু প্ৰাৰম্ভিকভাৱে ৯০০ কপি ছপা কৰে আৰু পুনৰ ছপা নকৰাৰ সিদ্ধান্ত লয়। ১০ পৰৱৰ্তী সময়ত তেওঁ এটা ডাঙৰ প্ৰকাশন প্ৰতিষ্ঠানৰ সান্নিধ্যলৈ আহে আৰু তেওঁৰ পৰৱৰ্তী কিতাপ ব্ৰিডা প্ৰকাশৰ লগে লগে দি এলকেমিষ্টে খোজ পেলায়। ১৯৯৪ চনত হাৰ্পাৰকলিন্সে এই গ্ৰন্থখন প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। পিছলৈ এই গ্ৰন্থখন আন্তঃৰাষ্ট্ৰীয় বেষ্টচেলাৰত পৰিণত হয়।১১ ২০০৯ চনত ছিৰিয়ান ফৰৱাৰ্ড মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কোয়েল'ৱে কয় যে চুফী পৰম্পৰাই তেওঁৰ ওপৰত যথেষ্টভাৱে প্ৰভাৱ পেলাইছিল বিশেষকৈ দ্য এলকেমিষ্ট আৰু পিছলৈ দ্য জাহিৰ লিখাৰ সময়ত। দ্য এলকেমিষ্ট প্ৰকাশৰ পিছৰে পৰা পাওলো কোৱেলহোৱে প্ৰতি দুবছৰৰ মূৰে মূৰে কমেও এখন উপন্যাস লিখিছে। ইয়াৰে চাৰিখন গ্ৰন্থ– দ্য পিলগ্ৰিমেজ, হিপ্পী, দ্য ভেলকাইৰীছ আৰু আলেফ হ'ল – আত্মজীৱনীমূলক গ্ৰন্থ। আনহাতে বাকীবোৰৰ অধিকাংশই ব্যাপকভাৱে কাল্পনিক। আন আন কিতাপ যেনে মাকটুব, দ্য মেনুৱেল অৱ দ্য ৱাৰিয়ৰ অৱ লাইট আৰু লাইক দ্য ফ্লয়িং ৰিভাৰ ৰচনা, বাতৰি কাকতৰ স্তম্ভ বা নিৰ্বাচিত শিক্ষাৰ সংকলন। তেওঁৰ এই গ্ৰন্থসমূহ ১৭০ খনতকৈও অধিক দেশত প্ৰকাশ পোৱাৰ লগতে পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে আৰু একেলগে তেওঁৰ গ্ৰন্থসমূহৰ ৩২ কোটি কপি বিক্ৰী হৈছে।১২
বোলছৱি
ব্ৰাজিলৰ ড্ৰামা ফিল্মছ আৰু স্পেনিছ বেবেল ফিল্মছৰ সহযোগত নিৰ্মাণ কৰা পাওলো কোৱেলহোৰ জীৱনীমুলক গ্ৰন্থ পিলগ্ৰীমজৰ আধাৰত ছবি নাও পাৰে না পিষ্টাৰ নিৰ্মাণ কৰা হয় আৰু চলচ্চিত্ৰখনত কনিষ্ঠ আৰু ডাঙৰ কোৱেলহোৰ চৰিত্ৰত দুজন ভিন্ন অভিনেতাই অভিনয় কৰিছে। ইয়াৰে এগৰাকী প্ৰযোজক আইঅ’না ডি মেচেডোৱে স্ক্ৰীণ ইণ্টাৰনেশ্যনেলক কয় যে, "চিনেমাখনত এজন মানুহৰ কাহিনী কোৱা হৈছে যিয়ে সপোন দেখিছে। এই ছৱিখন অলপ এলিছ ইন ৱাণ্ডাৰলেণ্ডৰ দৰেই – তেওঁ এনেকুৱা এজন ব্যক্তি যি নিজৰ ঘৰৰ বাবে বহুত ডাঙৰ।" পৰ্তুগীজ ভাষাত শ্বুটিং কৰা এই ছবিখনৰ প্ৰিমিয়াৰ ২০১৪ চনত ব্ৰাজিলৰ ছবিগৃহত হৈছিল আৰু ২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুকলি কৰা হৈছিল। ১৩
ব্যক্তিগত জীৱন
১৯৮০ চনত কোয়েলহ’ই শিল্পী ক্ৰীষ্টিনা অইটিচিকাক বিয়া কৰায়। পূৰ্বে তেওঁলোকে একেলগে আধা বছৰ ৰিঅ’ ডি জেনেইৰ’ত আৰু আন আধা বছৰ ফ্ৰান্সত থাকিছিল যদিও বৰ্তমান তেওঁলোক স্থায়ীভাৱে ছুইজাৰলেণ্ডৰ জেনেভাত বাস কৰে।১৪
তথ্যসূত্ৰ
- ↑ Academia Brasileira de Letras. (4 November 2014). Paulo Coelho – Biografia
- ↑ Cowles, Gregory. (2016-12-02). The Story Behind This Week’s Best Sellers. The New York Times
- ↑ Schaertl, Markia The Boy from Ipanema: Interview with Paulo Coelho reposted on Paulo Coelho's Blog. 20 December 2007
- ↑ Doland, Angela Brazilian author Coelho thrives on contradictions and extremes Oakland Tribune published on The Washington Post. 12 May 2007
- ↑ An interview with Brazilian writer, Paulo Coelho: Everybody is a Magus Life Positive. July 2000
- ↑ Life and Letters: The Magus The New Yorker. 7 May 2007
- ↑ web.archive.org/web/20091015232052/http://www.pa
- ↑ Teacher's Guide to The Alchemist Harper Collins Publisher
- ↑ Reiss, Valerie Paulo Coelho Dances with Angels Beliefnet
- ↑ A Brief History of the Book Saint Jordi Asociados
- ↑ Cowles, Gregory. (2016-12-02). The Story Behind This Week’s Best Sellers. The New York Times
- ↑ Karen Heller, Meet the writers who still sell millions of books. Actually, hundreds of millions, The Washington Post
- ↑ Picture Tree Acquires Paulo Coelho Biopic 'The Pilgrim'. PMC
- ↑ Brasileira, Cultura. Interview with Paulo Coelho
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাওলো কোৱেলহো” প্ৰবন্ধৰ সংশোধন ৬১৪৩৫৯ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।