পাৰ্ল এচ বাক ( Pearl S Buck) এগৰাকী আমেৰিকান লেখিকা আৰু ঔপন্যাসিক আছিল। পাৰ্ল বাক এজন মিছনাৰীৰ জীয়ৰী আছিল আৰু তেওঁৰ জীৱনৰ বেছিভাগ সময় প্ৰায় চল্লিছ বছৰৰো অধিক কাল চীনত অতিবাহিত কৰিছিল। দেউতাকৰ মৃত্যুৰ পাছত তেওঁ চীনৰ ঝেনজিয়াঙত অতিবাহিত কৰিছিল। চীনৰ সামাজিক পটভূমিৰ বিপৰীতে নিৰ্মিত তেওঁৰ উপন্যাস দ্য গুড আৰ্থ ১৯৩১ ৰপৰা ১৯৩২ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক বিক্ৰী হোৱা আৰু এই উপন্যাসখনৰ বাবে ১৯৩২ চনত পুলিৎজাৰ বঁটা,১৯৩৫ চনত হাৱেলছ মেডেল, আৰু ১৯৩৮ চনত একেখন উপন্যাসৰ বাবে ন'বেল বঁটা লাভ কৰিছিল।১
জীৱন পৰিচয়
পাৰ্ল কমফৰ্ট চিডেনষ্ট্ৰিকাৰৰ জন্ম ১৮৯২ চনৰ ২৬ জুনত পশ্চিম ভাৰ্জিনিয়াৰ হিলচবৰোত হৈছিল। তেওঁৰ মাক-দেউতাক এবচালোম আৰু কেৰোলিন চিডেনষ্ট্ৰিকাৰ চীনত অৱস্থিত দক্ষিণ প্ৰেচবিটেৰিয়ান মিছনেৰী আছিল। পাৰ্ল সাতটা সন্তানৰ ভিতৰত চতুৰ্থ সন্তান আছিল। পাৰ্লৰ মাক-দেউতাক খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক আছিল আৰু চীনত সেৱা আগবঢ়াই আছিল। পাৰ্লৰ জন্মৰ সময়ত দম্পতীহাল আমেৰিকালৈ গুচি যায়, কিন্তু যেতিয়া পাৰ্লৰ বয়স পাঁচ মাহ আছিল, তেওঁলোক দুয়ো চীনলৈ ঘূৰি আহিছিল। পাৰ্লে তেওঁৰ স্মৃতিগ্ৰন্থত লিখিছিল যে, চীনত বাস কৰাৰ সময়ত তেওঁ কেনেকৈ দুটা সংস্কৃতিৰ সৈতে খাপ খাব লগা হৈছিল। এফালে তেওঁৰ নিজৰ আমেৰিকান আৰু ইউৰোপীয় সংস্কৃতিৰ পৰিয়াল আৰু আনফালে স্থানীয় চীনা লোক। দুয়োটা সংস্কৃতিতে সেই দিনবোৰত কোনো মিল নাছিল। বক্সাৰ বিদ্ৰোহৰ পিছত, পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰে। চীনা বন্ধুসকলে তেওঁক এৰি দিছিল আৰু পশ্চিমীয়া বন্ধুসকলে ঘৰলৈ গৈছিল। এই সময়ছোৱাত পাৰ্ল আৰু পৰিয়ালৰ বাকী সদস্যসকলক তেওঁলোকৰ দেউতাকে সুৰক্ষাৰ বাবে ছাংহাইলৈ পঠিয়াইছিল, য’ত পাৰ্লে এখন মিছনেৰী স্কুলত প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰিছিল। সৰুৰেপৰা পাৰ্লে ইংৰাজী ভাষা আৰু চীনা ভাষা দুয়োটা ভাষাতে কথা পাতিছিল। পাৰ্লে তেওঁৰ মাকৰপৰা ইংৰাজী ভাষা আৰু এজন চীনা কনফুছিয়াছ শিক্ষক কুঙৰপৰা প্ৰথমাৱস্থাত চীনা ভাষা আৰু সাহিত্যৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ১৯০০ চনত বক্সাৰ অভ্যুত্থানৰ সময়ত কেৰোলিন আৰু শিশুসকলক ছাংহাইলৈ স্থানান্তৰিত কৰা হয়, য’ত তেওঁলোকে এবচালোমৰ ভাগ্যৰ কথাৰ বাবে অপেক্ষা কৰি কেইবামাহ অতিবাহিত কৰে। সেই বছৰৰ শেষৰফালে পৰিয়ালটো আন এটা ঘৰুৱা ছুটিৰ বাবে আমেৰিকালৈ উভতি আহে।
পাৰ্লে পৰৱৰ্তী অধ্যয়নৰ বাবে আমেৰিকালৈ যায়, য’ত তেওঁ ভাৰ্জিনিয়াৰ লিঞ্চবাৰ্গৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ১৯১৪ চনৰপৰা ১৯৩২ চনলৈ চীনত মিছনাৰী হিচাপে কাম কৰিছিল।
সাহিত্যিক কৰ্মৰাজি
আমেৰিকা যুক্তৰাষ্ট্ৰত পঢ়া শেষ কৰাৰ পাছত, পাৰ্ল চীনলৈ উভতি আহে। তেওঁ কৃষি অৰ্থনীতিবিদজন লছিং বাকক বিয়া কৰাইছিল। পাৰ্লে ১৯২০ চনৰপৰা ১৯৩৩ চনলৈ চীনৰ নানজিংৰ নানজিং বিশ্ববিদ্যালয়ত তেওঁৰ স্বামীৰ সৈতে বাস কৰিছিল। পাৰ্লে নানজিং বিশ্ববিদ্যালয়ত ইংৰাজী ভাষা সাহিত্য শিকাইছিল। নানজিংত থাকোঁতে, পাৰ্লে চীনৰ অস্থিৰতাৰ সাক্ষী হৈছিল। এফালে বিদেশী হোৱাৰ বাবে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আছিল, আনহাতে স্থানীয় চীনা লোকসকলেও তেওঁক সংকটৰ সময়ত সহায় আৰু আশ্ৰয় দি তেওঁৰ জীৱন ৰক্ষা কৰিছিল। পাৰ্লে এই সময়ছোৱাত তেওঁৰ বিখ্যাত উপন্যাস দ্য গুড আৰ্থ লিখিছিল। পাৰ্লে ১৯৩৫ চনত আমেৰিকালৈ উভতি আহিছিল। ১৯৩৪ চনত, চীনৰ পৰিস্থিতিৰ বাবে, আৰু লগতে প্ৰকাশক ৰিচাৰ্ড ৱালছৰ সৈতে দ্বিতীয় বিবাহ হোৱাৰ বাবে পাৰ্ল স্থায়ীভাৱে আমেৰিকালৈ স্থানান্তৰিত হয়। তাই পি.এ.-ৰ বাকচ কাউণ্টিত গ্ৰীণ হিলছ ফাৰ্ম নামৰ এটা পুৰণি ফাৰ্মহাউচ কিনিছিল। তাই আৰু ৰিচাৰ্ডে পৰৱৰ্তী বছৰবোৰত আৰু ছয়টা সন্তান তুলি লৈছিল। গ্ৰীণ হিলছ ফাৰ্ম এতিয়া ঐতিহাসিক ভৱনৰ পঞ্জীয়নত আছে; প্ৰতি বছৰে পোন্ধৰ হাজাৰ মানুহে ভ্ৰমণ কৰে। যদিও পাৰ্লে তেওঁৰ উপন্যাসত চীনা কৃষক সমাজক বাস্তৱবাদী ৰূপায়ণ কৰিছিল, মাও জেদঙৰ নেতৃত্বত সাংস্কৃতিক বিপ্লৱৰ সময়ত পাৰ্লক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংস্কৃতিক সাম্ৰাজ্যবাদী বুলি ঘোষণা কৰা হৈছিল। ১৯৭২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিক্সনৰ সৈতে চীন ভ্ৰমণ কৰিবলৈ অনুমতি নোপোৱাৰ সময়ত পাৰ্ল গভীৰভাৱে দুঃখিত হৈছিল। ১৯৭৩ চনৰ মৃত্যুলৈকে পাৰ্লে ৭০খনতকৈও অধিক কিতাপ যেনে উপন্যাস,জীৱনী,গল্প সংকলন,জীৱনী, আত্মজীৱনী, কবিতা,নাটক, শিশু সাহিত্য আৰু চীনা মূলৰপৰা অনুবাদ কৰা কিতাপ লিখি থৈ যায়।
পাৰ্ল এচ বাকৰ ৰচনাসমূহ
- ইষ্ট ৱিণ্ড ৱেষ্ট ৱিণ্ড, ১৯৩০
- দ্য হাউচ অৱ আৰ্থ, ১৯৩০
- দ্য গুড আৰ্থ, ১৯৩১
- পুত্ৰ। 1933
- দ্য হাউচ ডিভাইডেড, ১৯৩৫
- দ্য মাদাৰ, ১৯৩৩
- চাইনা স্কাই, ১৯৪১
- ড্ৰেগন চিড, ১৯৪২
- ইম্পেৰিয়েল ৱমেন, ১৯৫৬
- পিকিংৰ চিঠি, ১৯৫৭
- ছেটন নেভাৰ স্লিপচ, ১৯৬২২৩
সন্মান
- ১৯৩২: পুলিৎজাৰ বঁটা
- ১৯৩৩: ন'বেল বঁটা
- ১৯৩৫: হাৱেলছ মেডেল
অন্যান্য কৰ্মৰাজি
পাৰ্ল বাক বহুতো কল্যাণমূলক সংগঠনৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল। বিশেষকৈ তেওঁ এছিয়ান-আমেৰিকান শিশুৰ দত্তক লোৱাৰ বাবে এটা সংস্থা স্থাপন কৰিছিল
তথ্যসূত্ৰ
- ↑ www.english.upenn.edu/Projects/Buck/
- ↑ {{cite web | url=https://archives-manuscripts.dartmouth.edu/repositories/2/resources/1405
- ↑ pearlsbuck.lib.wvu.edu | title=পাৰ্ল এছ বাক | accessdate=19 September 2024}}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্ল এচ বাক” প্ৰবন্ধৰ সংশোধন ৬১২৪৯৮ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।