গীতা ত্ৰিপাঠী ( Geeta Tripathee; জন্ম: ২৮ জুন ১৯৭২) এগৰাকী নেপালী কবি, গীতিকাৰ, নিবন্ধকাৰ, সাহিত্য সমালোচক আৰু পণ্ডিত। নেপালী ভাষাৰ এগৰাকী উল্লেখযোগ্য লেখিকা গীতা ত্ৰিপাঠীৰ কৃতিত্ব দুটা খণ্ডৰ কবিতা সংকলন, এখন গীতি-কবিতাৰ আৰু সাতখন অন্যান্য সাহিত্য ধাৰাৰ গ্ৰন্থ। মহিলা, পৰিৱেশ আৰু সমাজৰ অন্যায় সম্পৰ্কীয় বিষয়সমূহৰ ওপৰতো তেওঁ বাতৰি কাকতৰ বাবে লিখে।১২৩৪
গীতা ত্ৰিপাঠী নেপাল চৰকাৰৰ দ্বাৰা প্ৰদান কৰা পদ্মাকন্যা স্বৰ্ণ পদক - ২০০০ বঁটা লাভ কৰিছে। ২০০৮ চনত নেপাল চৰকাৰৰ প্ৰধান সাংস্কৃতিক সংযোজক 'সাংস্কৃতিক সংস্থা'ৰ পৰা তেওঁ 'শ্ৰেষ্ঠ গীতিকাৰ বঁটা'ও লাভ কৰে।
ব্যক্তিগত জীৱন
১৯৭২ চনৰ ২৮ জুনত কাভ্ৰেপালনচোকৰ খাৰেলথকত এগৰাকী শিক্ষাবিদ বেদৰাজ থাপালীয়া আৰু ৰামদেৱী থাপালিয়াৰ ঘৰত জন্ম হৈছিল গীতা ত্ৰিপাঠীৰ। ১৯৮৮ চনত খাৰেলথকত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি, অধিক শিক্ষাৰ বাবে কাঠমাণ্ডুলৈ গুচি যায়। ত্ৰিপাঠীয়ে কাঠমাণ্ডুৰ পদ্ম কন্যা মাল্টিপল কেম্পাছত যোগদান কৰি ১৯৯৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। পদ্মাকন্যা মহাবিদ্যালয়ত পঢ়ি থকা সময়তে ১৯৮৯ চনত যাদৱৰাজ ত্ৰিপাঠীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। ত্ৰিপাঠীয়ে অধ্যয়ন অব্যাহত ৰাখি ১৯৯৮ চনত বিশ্ববিদ্যালয়ৰ সৰ্বপ্ৰথম হৈ নেপালী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সোণৰ পদক লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ত্ৰিভুৱন বিশ্ববিদ্যালয় আৰু পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ত তেওঁৰ প্ৰিয় আৰু পছন্দৰ বিষয়টো পাঠদান কৰিবলৈ আৰম্ভ কৰে। কলেজীয়া দিনত আৰু তাৰ পিছতো ত্ৰিপাঠীয়ে নিজৰ লেখাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছিল। পিছলৈ ২০১৭ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা নেপালী সাহিত্যত পি এইচ ডি লাভ কৰে।১
খ্যাতি
গীতা ত্ৰিপাঠী বিভিন্ন বিষয়ৰ লেখিকা। তেওঁ দুখন কবিতা পুথি, এখন গীতি-কবিতা পুথি, এখন প্ৰবন্ধ পুথি আৰু সাহিত্য সমালোচনাৰ কেইবাখনো গ্ৰন্থ লিখিছে।৫
গীতা ত্ৰিপাঠীৰ ৰচনাসমূহ ইংৰাজী, হিন্দী, জাপানী আৰু কোৰিয়ান আদি ভাষালৈ অনুবাদ কৰা হৈছে; আৰু বিদেশৰ উল্লেখযোগ্য সাহিত্য আলোচনীত প্ৰকাশ পাইছে। ত্ৰিপাঠীয়ে কবি, উপস্থাপক আৰু বক্তা হিচাপে বহুসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠানত অংশ লৈছে। ত্ৰিপাঠীয়ে ২০১০ আৰু ২০১৭ চনত নতুন দিল্লীত ফাউণ্ডেশ্যন অৱ ছাৰ্ক ৰাইটাৰ্ছ এণ্ড লিটাৰেচাৰে আয়োজন কৰা দক্ষিণ এছিয়ান সাহিত্য মহোৎসৱত নেপালী কবি প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল।৬৭৮৯১০১১
এজন সাহিত্য সমালোচক হিচাপে, ত্ৰিপাঠীয়ে কেইবাজনো প্ৰসিদ্ধ নেপালি লেখক আৰু কবিৰ সাহিত্যকৰ্ম বিশ্লেষণ কৰিছে। তাত ব্যক্তিত্ব যেনে লক্ষ্মী প্ৰসাদ দেৱকোটা, শংকৰ লামিছানে, মাধৱ প্ৰসাদ ঘিমিৰে ৰ লগতে সুমন পোখৰেল, সানু শৰ্মা আৰু নীলাম কাৰ্কী নিহাৰিকা আদি সমকালীন প্ৰসিদ্ধ কবি আৰু লেখকসকলো অন্তৰ্ভুক্ত। তেওঁৰ গভীৰ বিশ্লেষণসমূহ কিতাপ হিচাপে আৰু বিভিন্ন খ্যাতনামা সাহিত্যিক আলোচনী তথা বাতৰিকাত প্ৰকাশিত হৈছে। তেওঁৰ এই কামৰ জৰিয়তে, তেওঁ সমকালীন সাহিত্যৰ মূল্যাংকন আৰু বুজাবুজিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, যিয়ে এইসকল সাহিত্যিকৰ থিমেটিক গভীৰতা আৰু শৈলীবৈচিত্ৰ্যৰ ওপৰত পোহৰ পেলাইছে।১২১৩
সাহিত্য-সম্ভাৰ
- থুংগা বনফুলকা (২০০৫)(গীতি-কবিতাৰ সংকলন)১
- দুই হাৰাফ ওথহাৰু (২০০৮) (গীতি-কবিতাৰ সংকলন) (কবি মঞ্জুলৰ সৈতে একেলগে লিখা)১
- নৃশংস পাৰ্খলহাৰু (২০০৯) (গীতি-কবিতা সংকলন)১
- মা একলো ৰা উদাস উস্তাই (২০১৪) (প্ৰবন্ধ সংকলন)
- সীমল কো গীত (২০১৫) (গীতি-কবিতাৰ সংকলন)১১
- দৃষ্টিবিচৰণ (২০০৯) (সাহিত্য সমালোচনা)৫
- কৃতি বিশ্লেষণ: প্ৰায়োগিক আয়ম (২০১০) (সাহিত্য সমালোচনা)৫
- বিশ্বনাৰী নেপালী সাহিত্য: পৰম্পৰা ৰা প্ৰকৃতি (২০১৫) (সাহিত্য সমালোচনা)
- নেপালী মহিলা লেখান: প্ৰবৃত্তি ৰা যোগদান (২০১৫) (সাহিত্য সমালোচনা)
- নেপালী নিয়াত্ৰা: সিদ্ধান্ত ৰা প্ৰায়োগ (২০১৭) (সাহিত্য সমালোচনা)
- পৰ্যাৱৰণ ৰা নাৰীকেন্দ্ৰ সমালোচন (২০১৮) (সাহিত্য সমালোচনা)
তথ্যসূত্ৰ
- ↑ Lila Luitel. (2012). नेपाली महिला साहित्यकार. Shabdartha Prakashan. পৃ. 215. ISBN 978-9937248051
- ↑ Tripathee, Geeta. (2008). कृति विश्लेषण: प्रायोगिक आयाम. Ratna Pustak Bhandar ISBN 978999338836
- ↑ Geeta, Tripathee. (2018). गहन पर्यावरणको सैद्धान्तिक अवधारणा Gahan Paryavaranko Saiddhantik Awadharana. Tribhuvan University Journal. পৃ. 281–294
- ↑ Tripathee, Geeta. (2020-03-21). तर किन मान्छेबाटै भयो यस्तो भूल... nayapatrikadaily.com
- ↑ Lila Luitel. (2012). नेपाली महिला साहित्यकार. Shabdartha Prakashan. পৃ. 215. ISBN 978-9937248051
- ↑ Geeta Tipathee. Foundation of SAARC Writers and Literature
- ↑ Tripathee, Geeta. Geeta Tripathee: Translated by Mahesh Paudyal. Life and Legends
- ↑ Tripathee, Geeta. (1 March 2015). Mid-Life Thoughts. Snow Jowel. Grey Sparrow Press. পৃ. 13
- ↑ K. Satchidanandan & Ajeet Cour. (2011). The Songs We Share. Foundation of SAARC Wirters and Literature. পৃ. 32, 216. ISBN 978-8188703210
- ↑ Acharya, Aparajita. (8 April 2015). What Teacher Wants from Their Students. The Himalayan Times
- ↑ Tripathee, Geeta; Subedi, Abhi. (2015). Simalko Geet. Sabdahaar Creations. পৃ. 3. ISBN 9789937895828
- ↑ Tripathee, Geeta. (December 2021). 'बर्सात्मा बुद्धको मूर्ति सामु' कवितामा शिल्प र सौन्दर्य. Journal of Fine Arts Campus. Fine Arts Campus. পৃ. 50–55
- ↑ ত্ৰিপাঠী, গীতা. (25 November 2017). नारी–पुरुष सम्बन्धबारे साहसिक दृष्टि
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা ত্ৰিপাঠী” প্ৰবন্ধৰ সংশোধন ৫৯৪২০৯ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।