সাহিত্যিক
২৭১ প্ৰবন্ধ
-
পাবলো নেৰুদা
পাবলো নেৰুদা (Pablo Neruda;; জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাটৰ (Neftali Ricardo Reyes Basoalto) ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক (Czech) কবি জান নেৰুদাৰ (Jan Neruda) নামৰ অনুকৰণত এই নাম লৈছিল।
-
পি. বি. শ্বেলী
পি. বি. শ্বেলী বা পাৰ্চি বাইশ্বে শ্বেলী চমুকৈ শ্বেলী (Percy Bysshe Shelley) (৪ আগষ্ট ১৭৯২ – ৮ জুলাই ১৮২২) এজন ইংৰাজী লেখক আছিল যাক ইংৰাজী ৰোমান্টিক কবিসকলৰ অন্যতম বুলি গণ্য কৰা হয়।
-
ফৈজ আহমদ ফৈজ
ফৈজ আহমদ ফৈজ (Faiz Ahmad Faiz; ১৩ ফেব্ৰুৱাৰী ১৯১১ – ২০ নৱেম্বৰ ১৯৮৪) এগৰাকী পাকিস্তানী কবি আৰু পাঞ্জাৱী আৰু উৰ্দু সাহিত্যৰ সাহিত্যকাৰ। ফৈজ তেওঁৰ সময়ৰ আটাইতকৈ প্ৰসিদ্ধ, জনপ্ৰিয় আৰু প্ৰভাৱশালী উৰ্দু লেখকসকলৰ মাজৰ এগৰাকী আছিল।
-
ৰুহোল্লাহ খোমেইনী
ৰুহোল্লাহ খোমেইনী (Ruhollah Khomeini) ১৯৭৯ চনৰপৰা ১৯৮৯ চন অৰ্থাৎ মৃত্যুৰ আগলৈকে ইৰাণৰ এগৰাকী ছিয়া মুছলমান ধৰ্মগুৰু, বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল। খোমেইনী ইৰাণী বিপ্লৱৰ নেতা আছিল, যিয়ে মহম্মদ ৰেজা পাহলৱীক ওফৰাই পেহলৱী যুগৰ অন্ত পেলাই দেশখনক ইছলামিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল।
-
অক্টাৱিয়' পাছ
অক্টাৱিয়' পাছ ল'জান (Octavio Paz Lozano;; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯৯৮) এগৰাকী মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেণ্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt International Prize for Literature আৰু ১৯৯০ চনত সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।
-
অৰহান পামুক
অৰহান পামুক (Ferit Orhan Pamuk; জন্ম: ৭ জুন, ১৯৫২) এজন তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ আৰু ২০০৬ চনৰ সাহিত্যত ন’বেল বঁটা বিজয়ী। তেওঁ তুৰ্কীৰ এগৰাকী অন্যতম বিশিষ্ট ঔপন্যাসিক, যাৰ কিতাপ তেষষ্ঠিটা ভাষাত তেৰ মিলিয়নতকৈও অধিক বিক্ৰী হৈছে, যাৰ বাবে তেওঁ দেশৰ সৰ্বাধিক বিক্ৰী হোৱা লেখক ৰূপে…
-
আণ্ড্ৰে পউল গুলেইম গিদ
আণ্ড্ৰে পউল গুলেইম গিদ (André Paul Guillaume Gide; ২২ নৱেম্বৰ, ১৮৬৯ – ১৯ ফেব্ৰুৱাৰী, ১৯৫১) এজন ফৰাচী সাহিত্যিক আছিল। ১৯৪৭ চনত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে। লেখক জীৱনৰ আৰম্ভণিতে গিদ প্ৰতীকতাবাদী আন্দোলনৰ সৈতে জড়িত আছিল।
-
চাইৰাছ মিষ্ট্ৰী
চাইৰাছ মিষ্ট্ৰী (Cyrus Mistry; জন্ম: ১১ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ ২০১৪ চনত ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ গ্ৰন্থৰ বাবে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল। ২০১৫ চনত কিতাপখনে ইংৰাজী সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
জয়কান্ত গন্ধীয়া
জয়কান্ত গন্ধীয়া (ইংৰাজী: Joykanta Gandhiya) বিহু সংস্কৃতিৰ গৱেষক আৰু লোকশিল্পী ৰূপে পৰিচিত৷ তেওঁ অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ নানা অৱদান আগবঢ়াইছে। তেওঁ অসম সাহিত্য সভাৰ লগত জড়িত গন্ধীয়াই সাত বছৰ একেৰাহে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হৈ থকাৰ উপৰি দুটা কাৰ্যকালৰ বাবে তিনিচুকীয়া…
-
জয়ভদ্ৰ হাগ্জেৰ
জয়ভদ্ৰ হাগজেৰ (Joy Bhadra Hagjer; 1914–1973) এজন ভাৰতীয় ৰাজনৈতিক নেতা আছিল। হাফলঙৰ ওচৰৰ নানাদিছা নামৰ সৰু গাঁও এখনত তেওঁৰ জন্ম হৈছিল। তেওঁ অসম বিধান সভাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গৈছে। ১৮ জুলাই ১৯৭৩-ত তেওঁৰ ৫৯ বছৰত তেওঁৰ মৃত্যু হয়।
-
জে. এম. কয়েৎজে
জন মেক্সৱেল কয়েৎজে (John Maxwell Coetzee) (, বা; একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্তমানলৈকে এজনেই।
-
বলাইচাঁদ মুখোপাধ্যায়
বলাইচাঁদ মুখোপাধ্যায় (Balai Chand Mukhopadhyay; ১৯ জুলাই ১৮৯৯ - ৯ ফেব্ৰুৱাৰী ১৯৭৯) এজন ভাৰতীয় বাঙালী লেখক। বনফুল ছদ্মনামেৰে তেওঁ অধিক পৰিচিত।
-
মাৰ্চেল প্ৰুষ্ট
ভেলেণ্টিন লুইছ হৰ্হেছ ইউজিন মাৰ্চেল প্ৰুষ্ট (Marcel Proust; ১০ জুলাই ১৮৭১ – ১৮ নৱেম্বৰ ১৯২২) এজন ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ। সুবৃহৎ উপন্যাস 'ইন্ ছাৰ্চ অৱ লষ্ট টাইম্' (À la recherche du temps perdu) ('In Search of Lost Time'; পূৰ্বে 'Remembrance of Things Past' নামৰে অনূদিত)-ৰ বাবে তেওঁ…
-
লক্ষ্মী প্ৰসাদ দেৱকোটা
লক্ষ্মী প্ৰসাদ দেৱকোটা (Laxmi Prasad Devkota ) হ'ল এজন নেপালী কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ। মহাকবি উপাধিৰে তেওঁ নেপালী সাহিত্যত সন্মানিত; তেওঁ সোণালী হৃদয়ৰ কবি হিচাপেও পৰিচিত। তেওঁক নেপালৰ অন্যতম বিখ্যাত সাহিত্যিক হিচাপে গণ্য কৰা হয়।
-
সমৰেশ মজুমদাৰ
সমৰেশ মজুমদাৰ (Samaresh Majumdar; ১০ মাৰ্চ ১৯৪২ – ৮ মে' ২০২৩) এজন ভাৰতীয় বাঙালী কথাসাহিত্যিক আৰু ঔপন্যাসিক। উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষকে ধৰি বহু জনপ্ৰিয় উপন্যাসৰ লেখক। তেওঁ কেইবাখনো টেলিভিছন ধাৰাবাহিকৰ কাহিনীৰ স্ৰষ্টা। নগৰীয়া জীৱন-কাহিনীৰ বৰ্ণনা তেওঁৰ ৰচনাত বাৰেপতি আবিৰ্ভাৱ হৈছে।
-
ৱাল্ট হুইটমেন
ৱাল্ট হুইটমেন (Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম।
-
অমৃতভূষণ দেৱ অধিকাৰী
অমৃতভূষণ দেৱ অধিকাৰী এজন অসমীয়া সাহিত্যিক। তেখেত ১৯২৩ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চম অধিবেশনৰ সভাপতি আছিল। ১৯শ শতিকাৰ শেষৰ ফালে গোৱালপাৰাত বাংলা ভাষাৰ প্ৰচলনৰ বাবে কৰা ষড়যন্ত্ৰক বাধা দিয়া ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম আছিল।
-
এছ. ওৱাই. কুৰেশ্বি
শ্বাহাবুদ্দিন ইয়াকুব কুৰেশ্বি ( Shahabuddin Yaqoob Quraishi; জন্ম: ১১ জুন ১৯৪৭) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী যিয়ে ভাৰতৰ ১৭ নং মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১০ চনৰ ৩০ জুলাইত নবীন চাওলাৰ উত্তৰাধিকাৰী হিচাপে তেওঁক চি ই চি হিচাপে নিযুক্তি দিয়া হয়।
-
কীৰ্তি মেনন
কীৰ্তি মেনন (Kirti Menon; জন্ম: ২ আগষ্ট, ১৯৫৯) হৈছে দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ। তেওঁ জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ নিৰ্দেশক আৰু দক্ষিণ আফ্ৰিকাৰ গান্ধী চেনটেনেৰি সমিতি (Gandhi Centenary Committee)-ৰ চেয়াৰমেন।
-
কে শিৱ ৰেড্ডী
কে শিৱ ৰেড্ডী (K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবি। অন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
খাদিজা মাস্তুৰ
খাদিজা মাস্তুৰ (Khadija Mastoor; উৰ্দু: خدیجہ مستور; ১১ ডিচেম্বৰ ১৯২৭ – ২৫ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী চুটি গল্প লেখক আৰু ঔপন্যাসিক। তেওঁ আছিল উৰ্দু সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যকাৰ।
-
চেমুৱেল বেকেট
চেমুৱেল বেকেট (Samuel Beckett) হৈছে এগৰাকী আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক,কবি আৰু সাহিত্য অনুবাদক।
-
ছৈয়দ মুজতবা আলী
ছৈয়দ মুজতবা আলী (সৈয়দ মুজতবা আলী,; ১৩ ছেপ্টেম্বৰ ১৯০৪ – ১১ ফেব্ৰুৱাৰী ১৯৭৪) এগৰাকী প্ৰখ্যাত বঙালী ভাষা সাহিত্যিক। তেওঁ আধুনিক বঙালী সাহিত্যৰ এগৰাকী অন্যতম ঔপন্যাসিক, গল্পকাৰ, অনুবাদক আৰু ৰম্য ৰচক। তেওঁ তেওঁৰ ভ্ৰমণ-কাহিনীসমূহৰ বাবে বিশেষভাৱে পৰিচিত। আলি এগৰাকী ভাষাবিদ তথা শিক্ষাবিদো।
-
জুল ভাৰ্ন
জুল গেব্ৰিয়েল ভাৰ্ন (Jules Gabriel Verne, ʒyl gabʁijɛl vʁn; ৮ ফেব্ৰুৱাৰী ১৮২৮ – ২৪ মাৰ্চ ১৯০৫) আছিল এগৰাকী ফৰাচী ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। প্ৰকাশক পিয়েৰ-জুল হেটজেলৰ সৈতে সহযোগিতা কৰি তেওঁ ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰ নামৰ এক অভিযানভিত্তিক উপন্যাস শৃংখলা লিখি উলিয়াইছিল।
-
জেমছ হেডলি ছেজ
জেমছ হেডলি ছেজ (James Hadley Chase; ২৪ ডিচেম্বৰ,১৯০৬–৬ ফেব্ৰুৱাৰী, ১৯৮৫) এগৰাকী ইংৰাজ লেখক আছিল। যদিও তেখেতৰ আচল নাম আছিল René Lodge Brabazon Raymond, তেখেত কেইবাটাও ছদ্মনামেৰে প্ৰসিদ্ধি লাভ কৰিছিল। যেনে, জেমছ হেডলি চেজ, জেমছ এল ডকাৰ্টি (James L.
-
জেহৰা ফিজী
জেহৰা ফিজি জন্ম: ১৮৬৬ চন–মৃত্যু: ১৯৪০ চন; বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতত কাম কৰা উৰ্দু ভাষাৰ এগৰাকী লেখিকা, নাট্যকাৰ আৰু সম্পাদক। সেই সময়ৰ উৰ্দু মহিলা আলোচনীসমূহৰ বাবে তেওঁ এগৰাকী আগশাৰীৰ অৱদানকাৰী আছিল।
-
ডগলাছ ষ্টুৱাৰ্ট
ডগলাছ ষ্টুৱাৰ্ট (Douglas Stuart; জন্ম: ১৯৭৬)এজন স্কটিছ-আমেৰিকান লেখক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁৰ প্ৰথমখন উপন্যাস শ্বাগি বেইন হৈছে ২০২০ চনত বুকাৰ বঁটা লাভ কৰা গ্ৰন্থ।
-
ডেনিয়েল ডিফো
ডেনিয়েল ডিফো (Daniel Defoe) হৈছে ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা এগৰাকী সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ। তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।
-
তাহমিমা আনাম
তাহমিমা আনাম (তাহমিমা আনাম; জন্ম: ৮ অক্টোবৰ, ১৯৭৫) বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক। আ গ’ল্ডেন এইজ তেওঁৰ প্ৰথমখন উপন্যাস। কিতাপখন ২০০৭ চনত প্ৰকাশ হৈছিল আৰু ২০০৮ চনত শ্ৰেষ্ঠ প্ৰথম কিতাপৰ ‘কমনৱেলথ ৰাইটাৰ্ছ প্ৰাইজ’ লাভ কৰিছিল।
-
নাগিব মাহফুজ
নাগিব মাহফুজ (Naguib Mahfouz; ১১ ডিচেম্বৰ, ১৯১১ – ৩০ আগষ্ট,২০০৬) আছিল এজন ইজিপ্টিয়ান লেখক যিজনে ১৯৮৮ চনত সাহিত্যৰ ন'বেল বঁটা অৰ্জন কৰিছিল। অস্তিত্ববাদৰ বিষয়ে চিন্তা-চৰ্চা আৰু অন্বেষণ কৰা টাহা হোছেইনৰ লগতে মাহফুজকো আৰবীয় সাহিত্যৰ প্ৰথমগৰাকী সমকালীন সাহিত্যিক আখ্যা দিয়া হয়।