অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জবা মূৰ্মু

জবা মূৰ্মু (Joba Murmu) চাওঁতালি সাহিত্যৰ ৰচনাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা আৰু সাহিত্যিক চাওঁতালি ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা ভাষা অৱদানৰ বাবে ২০১৭ চনৰ ১৪ নৱেম্বৰত তেওঁ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জবা মূৰ্মু (Joba Murmu) চাওঁতালি সাহিত্যৰ ৰচনাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা আৰু সাহিত্যিক চাওঁতালি ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা ভাষা অৱদানৰ বাবে ২০১৭ চনৰ ১৪ নৱেম্বৰত তেওঁ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল।১

পেছা

জবা মুৰ্মু এগৰাকী চাঁওতালি লেখক আৰু চাঁওতালি সম্প্ৰদায়ৰ পৰিচিত মুখ। তেওঁ ২০১৭ বৰ্ষৰ সাহিত্য অকাডেমি, নতুন দিল্লীৰ শিশু সাহিত্য বঁটা বিজয়ী। ঝাৰখণ্ডৰ জামছেদপুৰত শ্ৰী চি আৰ মাঝি আৰু প্ৰয়াত বাহা মূৰ্মুৰ বাসগৃহতেই মূৰ্মুৰ জন্ম হৈছিল। শৈশৱত তেওঁ প্ৰায়ে উপন্যাস আৰু গল্পৰ এগৰাকী তীক্ষ্ণ পঢ়ুৱৈ আছিল, যিয়ে তেওঁক নিজৰ বাবেও লিখিবলৈ উৎসাহিত কৰিছিল। কলেজত পঢ়ি থকাৰ সময়তে তেওঁৰ নাটকৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় য'ত তেখেতে তেওঁৰ জীৱনসংগী শ্ৰীমান পিতাম্বৰ মাঝিক লগ পায়, যি ২০১২ চনত সাহিত্য অকাডেমিৰ বিজয়ীও। স্নাতক ডিগ্ৰী সমাপ্ত কৰাৰ পিছত তেওঁ চাঁওতালি আৰু হিন্দী ভাষাত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে। এগৰাকী আইনৰ স্নাতকো তেখেত। তেওঁৰ নামেৰে কেইবাখনো গ্ৰন্থ আছে যেনে বাহা উমূল কবিতাৰ সংকলন, বেউৰা (চুটিগল্প), প্ৰেমচান্দা সৰেছ কাহানী ক (অনুবাদ)আৰু অনান্য। ২০১৭ চনত তেওঁ অলন বাহা নামৰ চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছিল।২ তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন বিখ্যাত গ্ৰন্থ গীতাঞ্জলি চাঁওতালি ভাষালৈ অনুবাদ কৰিছিল। মূৰ্মুক ২০১৬ চনত সদৌ ভাৰত চাওঁতালি লেখক সংস্থাৰ পৰা আৰ আৰ কিস্কু ৰাপাজ অনুবাদ বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ আন বহুতো বঁটা যেনে ২০১২ চনত পণ্ডিত ৰঘুনাথ মূৰ্মু বঁটা আৰু ২০২০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটা লাভ কৰিছিল।৩

বৰ্তমান তেখেত এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত।৪ দীৰ্ঘদিনীয়া কেৰিয়াৰত তেওঁ গীতিকাৰ, চিত্ৰনাট্যকাৰ আৰু এখন চাঁওতালি ছবিৰ পৰিচালক হিচাপেও কাম কৰি আহিছে। তেওঁ জামছেদপুৰৰ অল ইণ্ডিয়া ৰেডিঅ'ত বহুসংখ্যক লোকগীত গোৱাৰ সুযোগ লাভ কৰিছে।৫

লিখিত কৰ্ম

চাঁওতালি‌ ভাষাত তেওঁ ইতিমধ্যে বহুতো গল্প ৰচনা কৰিছে। তেওঁৰ চুটি গল্পৰ কিতাপ 'ওলোন বাহা'ক সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা, ২০১৭ প্ৰদান কৰা হৈছিল।৬

ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি আৰু প্ৰেমচান্দৰ গল্পসমূহো তেওঁ চাঁওতালি ভাষালৈ অনুবাদ কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ Joba Murmu,Santali writer,selected for Bal Sahitya Award – Jharkhand State News
  2. ↑ जोबा मुर्मू को संथाली का साहित्य अकादमी पुरस्कार. Hindustan
  3. ↑ Her Akademi moment. www.telegraphindia.com
  4. ↑ (2017-06-24). Steel City tribal school teacher gets Sahitya Akademi award. The Times of India
  5. ↑ (2017-06-23). Joba Murmu,Santali writer,selected for Bal Sahitya Award - Jharkhand State News. jharkhandstatenews.com
  6. ↑ Joba Murmu – Hyderabad Literary Festival

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকচাঁওতালি ব্যক্তিসাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জবা মূৰ্মু” প্ৰবন্ধৰ সংশোধন ৫৫৭৬৫৪ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।